বিহুৰ বতৰতে জানি থওক হেৰাই যাব ধৰা কেইফাঁকি মান বিহুনাম

বিহুৰ বতৰতে জানি থওক হেৰাই যাব ধৰা কেইফাঁকি মান বিহুনাম

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- অসম আৰু অসমীয়াৰ নিৰ্ভুল দাপোণ এই বিহু। বিহু ক’ত নাই? অসমৰ পাহাৰ-পৰ্বত, চৰাই-চিৰিকতি, নৈ-বিল, পথাৰ-সমাৰ, ফুল-ফল, গোন্ধ-বৰণ সকলোতেই বিহু সোমাই আছে। বিহুগীতৰ ভেটিৰ ওপৰতেই থিয় হৈ আছে অসমীয়া সংস্কৃতিৰ উপৰিসৌধ। সেয়েতো বিহুগীতেই কয় অসমীয়া জনজীৱনৰ কথা। অসমীয়াৰ আয়ুসৰেখা বিহু সেয়ে আজিলৈকে ধৰ্মীয় গোড়ামীৰ পৰা মুক্ত। বিহু গীত নজনা অসমীয়া হয়তো অসমত কমেই ওলাব। তথাপিও সময়ৰ সোঁতত আজিৰ প্ৰজন্মৰ বহুতেই শিকা নাই চহা জীৱনৰ কিছু বিহু নাম। যি নামত সোমাই আছে অসমীয়া জাতিটোৰ পৰিচয়। জনজীৱনৰ প্ৰতিটো কথাই সোমাই আছে বিহুত তাৰমাজতেই কেইটিমান বিহুনাম হয়তো শৈশৱত কাৰোবাৰ চোতালত হুচৰি জোৰোতে আপুনিও আওৰাইছে।

‘লাও  তলে চিকা যায়, মেকুৰীয়ে শুঙি চাই আমি হুচৰি গাওঁ ঐ গোবিন্দাই ৰাম।’

এয়া আছিল শৈশৱৰ হুচৰি। ইয়াৰোপৰি বিহুৰ এনে কিছু অৰ্থ সমৃদ্ধ নাম আছে যিয়ে দেখুৱাই দিয়ে অসমীয়াৰ জীৱনৰ জীয়া ছবি।

‘শিলে বালি চৰাই গিলে ঐ লাহৰী
শিলে বালি চৰাই গিলে
আৰুবেলিৰ বিহুখন চাবলৈ নাপালোঁ
মতাম’হ ৰখীয়া দিলে‌…’

বিহুনামৰ প্ৰত্য়েকটো নামৰেই আছে অৰ্থ। যেনে এই বিহুনামত  প্ৰেমিকক লগ নোপোৱাৰ আক্ষেপৰ কথাবোৰ নাচনীয়ে সুন্দৰভাৱে বুজাই দিছে-

‘তোমালৈ চাওঁতে জপনা ডেওঁতে
বিন্ধিলে অঘৈয়া হুলে
তোমাৰ মনে গ’লে মোৰও মন গ’লে
কি কৰিব কলিতা কুলে?’

এদিন অসমত ব্ৰিটিছৰ শাসন চলিছিল। তেতিয়াও কিন্তু বিহু অসমত আছিল। সেই সময়তেই হয়তো কোনো এজন স্বাভীমানী অসমীয়াই থাওকতে গাইছিল এইফাঁকি বিহুনাম-

‘উজাই আহিলে কোম্পানিৰ জাহাজ ঐ
পৃথিৱী টলমল দেখোঁ
চপাই দে চপাই দে কলিকতাৰ জাহাজ ঐ
দেহাৰে বাতৰি সোধোঁ…’

অসমৰ অন্যতম এক পৰিচয় চাহ খেতি। সেই চাহ বাগিছাৰ কথা, ডুখৰীয়া ছবিও বিহুনামত সোমাই আছে।

চাহপাত ছিঙিলো চটাইত মেলিছিলো 
তেঁতেলীপতীয়া হ’ল
শহুৰৰ জীয়েকক আনিবৰেপৰা
খুঁটিৰ ম’হ বিকিয়ে গ’ল…

এসময়ত সমস্যাৰে জৰ্জৰিত হৈ পৰা অসমীয়াই বিহু পাতিবলৈকো চিন্তিত হ’ব লগা হৈছিল। তেতিয়াই কোনো এগৰাকীয়ে গাইছিল

‘ন-পানী বঢ়া নাই নাহৰ ফুল ফুলা নাই
বিহু বিহু লগা নাই গাত
গাঁৱৰ ডেকা ল’ৰাই জুমে পাতি ফুৰা নাই
গোন্ধ তেলৰো সুগন্ধি নাই…’

এইসমূহৰ ওপৰিও আপুৰুগীয়া কেইটিমান বিহুগীত হৈছে

ধনশিৰী পাৰে হৈ ঢপলিয়াই আহিলোঁ
জিৰালোঁ কলিয়াবৰত।

তোমাকে বিচাৰি ঘৰ-বাৰী এৰিলোঁ  
তোমাক নাপালোহি ঘৰত।

হুচৰিৰ মাজতেই কোনো পাহুৱাল বিহুৱা ডেকাই প্ৰেমৰ ইংগিত দি গাইছিল-

চকলা টেঙাটি অকলে নাখাবি
ঐ আমাকো এচকল দিবা,
বিহু মাৰিবলৈ অকলে নাযাবি
ঐ আমাকো লগতে নিবি…

বিহুৰ সৈতে বিহুনামৰ এৰাব নোৱাৰা এই সম্পৰ্ক। যি সম্পৰ্কৰ বান্ধোন চিঙিলে বিহুয়েও হয়তো স্বকীয়তা হেৰুৱাব। বিহুক বিহু কৰি ৰখা এইসমূহ বিহুনাম আকৌ এবাৰ অসমীয়াই চৰ্চা কৰাৰ প্ৰয়োজনীয়তা আছে বুলি বহু বিহু বিশেষজ্ঞই দাবী কৰি থকাও পৰিলক্ষিত হৈছে।

 

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *