আপুনি মেট্ৰিক পৰীক্ষাৰ প্ৰাৰ্থী নেকি ? নতুন নিয়ম সন্দৰ্ভত জানিবলৈ ক্লিক কৰক

আপুনি মেট্ৰিক পৰীক্ষাৰ প্ৰাৰ্থী নেকি ? নতুন নিয়ম সন্দৰ্ভত জানিবলৈ ক্লিক কৰক

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

আগন্তুগক বৰ্ষৰ পৰা সলনি হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল ৷ নতুন শিক্ষানীতি ২০২০ ৰ আধাৰত সলনি হ’ব মেট্ৰিক পৰীক্ষাৰ নিয়ম ৷ চৰকাৰে ঘোষণা কৰা নতুন শিক্ষানীতিৰ আধাৰত অনুষ্ঠিত হ’ব লগা মেট্ৰিক পৰীক্ষাত কেতবোৰ সাল-সলনি কৰা হৈছে ৷

ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰ আধাৰত অনুষ্ঠিত হ’ব লগা পৰীক্ষাত ১০০ নম্বৰৰ প্ৰশ্নৰ ভিতৰত ৪৫ নম্বৰ বিকল্প ধৰ্মী, ৪৫ নম্বৰ থিয়ৰী আৰু ১০ নম্বৰ ইন্টাৰনেল এছেছমেন্ট থাকিব ৷ আনহাতে, নতুন নিয়ম অনুসৰি, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান আৰু ইংৰাজী বিষয়ত ৫০ শতাংশ এক নম্বৰৰ প্ৰশ্ন থাকিব ৷

আনহাতে, ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত অনুষ্ঠিত হোৱা পৰীক্ষাত প্ৰথমবাৰৰ বাবে গণিত বিষয়ৰ প্ৰশ্নকাকতৰ সোফালে উত্তৰ কৰিব পৰাকৈ খালী ঠাই ৰখা হ’ব ৷ ইফালে, দশম শ্ৰেণীৰ বাবে পৰশ নামৰ এখন মূল্যায়ন বৰ্ডৰ জৰিয়তে এই পৰীক্ষাৰ মান নিৰ্ণয় কৰা হ’ব। পৰীক্ষা পদ্ধতি সহজ কৰিবলৈ চেমিষ্টাৰ পদ্ধতিত মূল্যায়ন কৰা হ’ব। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০ ত দক্ষতাত অধিক গুৰুত্ব প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰা হৈছিল।

উল্লেখ্য যে, ভাৰতৰ কেন্দ্ৰীয় কেবিনেটে বিগত ২০২০ চনৰ ২৯ জুলাইত ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ ক অনুমোদন জনায়। ১৯৮৬ চনৰ শিক্ষা নীতিৰ পৰিবৰ্তন ঘটাই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ প্ৰৱৰ্তন কৰে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ এ পুৰণি ১০+২ ব্যৱস্থাৰ পৰিবৰ্তে ৫+৩+৩+৪ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ৪৮৪ পৃষ্ঠাযুক্ত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ খচৰাত উল্লেখ আছে।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *