ভাইৰেল দৰা, এফালে পুৰোহিত, আনফালে হাতত লেপটপ লৈ অফিচৰ কামত ব্যস্ত দৰা

ভাইৰেল দৰা, এফালে পুৰোহিত, আনফালে হাতত লেপটপ লৈ অফিচৰ কামত ব্যস্ত দৰা

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS: ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এখন ব্যতিক্ৰমী বিবাহ ৷ বিয়াৰ মণ্ডপত বহাৰ সময়ত হাতত লেপটপ লৈ অফিচৰ কামত ব্যস্ত হৈ পৰা পৰিলক্ষিত হ’ল এজন দৰাক ৷ পশ্চিম বংগৰ ৰাজধানী কলিকতাৰ এই বিয়াখনে সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷
উল্লেখ্য যে, ক’ভিড-১৯ ৰ পৰাই ৱাৰ্ক ফৰ্ম হোমৰ জৰিয়তে কৰ্তব্য পালন কৰিছিল দৰাজনে ৷ বিয়াৰ সময়ত অফিচৰ পৰা ছুটী লৈছিল যদিও বিয়াৰ দিনা জৰুৰী কাম থকাত মণ্ডপৰ পৰাই হাতত লেপটপ লৈ কৰ্তব্য পালন কৰা দেখা গ’ল দৰাজনক ৷
“আই জি কলিকতা” নামৰ এটা চেনেলে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এই ছবিখন নিমিষতে ভাইৰেল হৈ পৰিছে ৷ অজস্ৰলোকে ৰসিকতাৰে ব্যক্তিজনক উদ্দেশ্যি কমেন্ট কৰা পৰিলক্ষিত হৈছে ৷
নিজৰ বিবাহৰ দিনা লেপটপ লৈ কৰ্তব্য কৰা এই দৰাজনক উদ্দেশ্যি কি ক’ব আপুনি জনাওক মন্তব্য

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *