আজি কেনে হ’ব বতৰ ! শিৱসাগৰ, তিনিচুকীয়াৰ বাহিৰে ৰাজ্যৰ প্ৰতিখন জিলাতে এলাৰ্ট

আজি কেনে হ’ব বতৰ ! শিৱসাগৰ, তিনিচুকীয়াৰ বাহিৰে ৰাজ্যৰ প্ৰতিখন জিলাতে এলাৰ্ট

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

আজি কেনে হ’ব বতৰ ! শিৱসাগৰ, তিনিচুকীয়াৰ বাহিৰে ৰাজ্যৰ প্ৰতিখন জিলাতে এলাৰ্ট

কালিৰে পৰা ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে বৰষুণ, ধুমুহা অহা দেখা গৈছে। কোনো কোনো ঠাইত বৰষুণৰ মাত্ৰা অধিক হোৱাৰ লগতে বজ্ৰপাতো দেখা গৈছে।

বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি আগন্তুক কেইবাদিনলৈ ৰাজ্যত প্ৰৱল বৃষ্টিপাতৰ আগজাননী। সদৰি কৰা তথ্য অনুসৰি মুঠ জিলাৰ কেৱল দুখনত আজিৰ দিনটোত এলাৰ্ট নাই। কেৱল শিৱসাগৰ আৰু তিনিচুকীয়াত আজিৰ দিনটোত নাই এলাৰ্ট।

ইয়াৰ বাহিৰে ৰাজ্যৰ অন্য কেউখন জিলালৈ ইয়েল্লো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। আজিৰ লগতে কালিৰ দিনটোতো বহু কেইখন জিলাত এলাৰ্ট । কামৰূপ মহানগৰত একেবাৰে ২৩ তাৰিখলৈ এলাৰ্ট থকা দেখা গৈছে।

নলবাৰী বঙাইগাঁও, কাৰ্বিআংলং, গোলাঘাট, লখিমপুৰ, যোৰহাট, মাজুলী, শিৱসাগৰ, ডিব্ৰুগড়, কৰিমগঞ্জ, তিনিচুকীয়া জিলাত কালিৰে পৰা ফৰকাল দেখাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ সদৰি হোৱা তথ্যত।

তাৰ বিপৰীতে নামনি অসমৰ ধুবুৰী, দক্ষিণশালমৰা, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু বৰপেটাৰ লগতে উজনি অসমৰ গোলাঘাট, শোণিতপুৰ, শিৱসাগৰ, ডিব্ৰুগড়, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত একেবাৰে ২৪ তাৰিখলৈ ধুমুহা হোৱাৰ সম্ভৱনা বুলি তথ্যত প্ৰকাশিত।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *