আগন্তুক বৰ্ষৰ পৰা শিক্ষাৰ্থীয়ে লাভ কৰিব ইলেকট্ৰনিক স্কুটীঃ মুখ্যমন্ত্ৰী

আগন্তুক বৰ্ষৰ পৰা শিক্ষাৰ্থীয়ে লাভ কৰিব ইলেকট্ৰনিক স্কুটীঃ মুখ্যমন্ত্ৰী

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS:

খানাপাৰাত প্ৰদান কৰা হ’ল ড০ বাণীকান্ত কাকতি বঁটা ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত প্ৰদান কৰা হ’ল ড০ বাণীকান্ত কাকতি বঁটা ৷ ৰাজ্যৰ ৩৫,৮০০ মেধাৱী শিক্ষাৰ্থীক প্ৰদান কৰা হৈছে চলিত বৰ্ষৰ ড০ বাণীকান্ত কাকতি বঁটা ৷ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ল ৩৫,৮০০ মেধাৱী শিক্ষাৰ্থীক ৷ আজিৰ অনুষ্ঠানত কামৰূপ জিলা আৰু কামৰূপ মেট্ৰৰ শিক্ষাৰ্থীসকলক প্ৰদান কৰা হয় স্কুটী ৷

ইফালে, অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীক ১০০০ টকা প্ৰদান কৰাৰ কথাও ঘোষণা কৰে ৷ আনহাতে, চলিত বৰ্ষৰ ড০ বাণীকান্ত কাকতি বঁটা ৭৫ শতাংশ নম্বৰ লাভ কৰা ৬০৫২ গৰাকী ছাত্ৰই লাভ কৰিব ৷ ইফালে, প্ৰথম বিভাগত উত্তীৰ্ণ ২৯,৭৪৮ গৰাকী ছাত্ৰীয়ে লাভ কৰিব এই বঁটা ৷

লগতে, বঁটা প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, আগন্তুক বৰ্ষৰ পৰা মেধাৱী শিক্ষাৰ্থীসকলক প্ৰদান কৰা হ’ব বৈদ্যুতিক স্কুটী ৷

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *