বিদেশৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰিয়ান, অধ্যক্ষই ক’লে, ‘বিশ্ববিদ্যালয়ত মই আৰিয়ানৰ মুখেই নেদেখিলো’

বিদেশৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰিয়ান, অধ্যক্ষই ক’লে, ‘বিশ্ববিদ্যালয়ত মই আৰিয়ানৰ মুখেই নেদেখিলো’

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS-  তেওঁ বলীউডৰ বাদশ্বাহৰ সন্তান। সৰুৰে পৰাই প্ৰচাৰৰ থাকে। পিতৃৰ পৰিচয়ৰ বাবে বিশ্বই চিনি পায় আৰিয়ানকো। ড্ৰাগছৰ কেছত জে’ললৈকে গ’লেও তেওঁৰ জনপ্ৰিয়তা কমা নাই। শেহতীয়াকৈ তেওঁ বলীউডতো ভৰি ৰাখিছে। অৱশ্যে তেওঁ কেমেৰাৰ নেপথ্যত কাম কৰে বাবে বহুতে তেওঁ বলীউডলৈ অহাৰ কথা বিশ্বাস কৰিবলৈ টান পায়। অভিনেতা নহয়, পৰিচালক হিচাপেহে বলীউডত ভৰি থৈছে শ্বাহৰুখ পুত্ৰ আৰিয়ানে।

নিজৰ প্ৰথমখন ৱেব চিৰিজৰ কাম আৰম্ভ কৰিছে তেওঁ। সেই কাম প্ৰায় শেষ হোৱাৰ পথত। বিতৰ্ক, সমালোচনা, চৰ্চা, সকলোবোৰ কম বয়সতে পাইছে আৰিয়ানে। ইয়াৰ মাজতে বহুতৰেই জনাৰ আগ্ৰহ যে পঢ়াশুনাত শ্বাহৰুখ পুত্ৰ কেনে? এই কথা প্ৰকাশ কৰিছে ইউনিভাৰ্ছিটি অৱ চাউথ কেলিফৰ্নিয়া স্কুল অৱ চিনেমেটিক আৰ্টছৰ অধ্যক্ষই। শ্বাহৰুখৰ পুত্ৰ আৰিয়ানে এই বিশ্ববিদ্যালয়ৰ পৰাই স্নাতক হৈছে। কিন্তু অধ্যক্ষই জনোৱামতে তেওঁক চিনি নাপায় অধ্যক্ষ প্ৰিয়া জয়কুমাৰে। তেওঁ কয়, ‘আৰিয়ানে যি সময়ত স্নাতক হৈছে সেই সময় আছিল কৰ’নাকাল। লকডাউনৰ কাৰণে আৰিয়ানক বিশ্ববিদ্যালয়ত দেখা নগ’ল। অৱশ্যে তেওঁৰ বেটছৰ অন্যান্য ছাত্ৰ-ছাত্ৰীক মই লগ পাইছো। আৰিয়ানক লগ নাপালেও তেওঁৰ পিতৃ শ্বাহৰুখৰ সৈতে মোৰ কথা বতৰা হৈছে।’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *