ডায়বেটিছ ৰোগী কেজৰী, ধৰ্মীয় তাবিজ খুলিবলৈ নক’ব! কেজৰীৰ অধিবক্তাৰ আদালতত আৰু কি কি আৰ্জি?

ডায়বেটিছ ৰোগী কেজৰী, ধৰ্মীয় তাবিজ খুলিবলৈ নক’ব! কেজৰীৰ অধিবক্তাৰ আদালতত আৰু কি কি আৰ্জি?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS-তিহাৰ জে’লত প্ৰথম নিশা পাৰ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে। আগন্তুক ১৪ দিন এই হাই প্ৰফাইল কাৰাগাৰেই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঠিকনা হ’ব। ১৫এপ্ৰিল পৰ্যন্ত কাৰাগাৰতেই থাকিব দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপ প্ৰধান কেজৰিৱাল। দিল্লীৰ আবকাৰী দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অৰবিন্দ কেজৰিৱাল তিহাৰ জে’লত কেনে অৱস্থাত আছে সেই কথা জানিবলৈ বহুজনেই আগ্ৰহী। তিহাৰ জে’লৰ ২নম্বৰ ছেলত প্ৰথম নিশা সাধাৰণ কয়দীৰ দৰেই কটালে কেজৰীয়ে। এক সূত্ৰৰ খবৰ অনুসৰি দিল্লীৰ ৰাউছ এভিনিউ আদালতৰ দুগৰাকী অধিবক্তা বিক্ৰম চৌধুৰী আৰু ৰমেশ গুপ্তাই একাধিক আৱেদন জনাইছে কেজৰীৰ সপক্ষে।

কি কি আৱেদন জনাইছে কেজৰীৰ অধিবক্তাই?
দিল্লীৰ মুখ্যমন্ত্ৰী ডায়বেটিছ ৰোগী। সেয়ে তেওঁক নিয়মিত ডায়বেটিছৰ ঔষধ যোগান ধৰিব লাগিব।
ভাগৱত গীতা, ৰামায়ণ আৰু হাউ প্ৰাইম মিনিষ্টাৰ্ছ ডিছাইড এই তিনি গ্ৰন্থ তেওঁক যোগান ধৰাৰ আৱেদন।
তেওঁ ডিঙিত এটা তাবিজ পৰিধান কৰে। সেই তাবিজ যাতে খুলি নিদিয়ে।
বিশেষকৈ ডায়েট মানিবলৈ তেওঁক সুযোগ দিব লাগে বুলিও আবেদন জনোৱা হৈছে।
কাৰাগাৰত টেবুল-চকীও বিচাৰি আবেদন কৰিছে কেজৰীৱালে।

উল্লেখ্য যে অৰবিন্দ কেজৰীৱালত তিহাৰ জে’লৰ ভিতৰত ঠিকনা হৈছে ২নম্বৰ ছেলত আছে কেজৰিৱাল। তেওঁৰ নিচেই কাষৰ ছেলত অৰ্থাৎ ১নম্বৰ ছেলত আছে মণীশ ছিচোডিয়া। তেওঁৰ দলৰ আন এজন নেতা তথা প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈন আছে ৭নম্বৰ ছেলত। ৰাজ্যসভাৰ আপ সাংসদ সঞ্জয় সিং আছে ৫নম্বৰ ছেলত।

কাৰাগাৰত কেজৰিৱালৰ ৰুটিন কেনে হ’ব?

তিহাৰ জে’লৰ অন্যান্য কয়দীৰ দৰেই সূৰ্যোদয়ৰ লগে লগেই শোৱাপাটী এৰিব লাগিব কেজৰীয়ে। ব্ৰেকফাষ্টত তেওঁ লাভ কৰিব একাপ চাহ আৰু কেইটুকুৰামান পাউৰুটি। ইয়াৰপাছতেই পুৱা গা ধোৱাৰ পাছত তেওঁক আদালতলৈ নিয়া হ’ব। যদি আদালতত হাজিৰ নহয় তেন্তে তেওঁৰ আইনী দলৰ সৈতে তিহাৰ জে’লৰ ভিতৰতেই বৈঠক অনুষ্ঠিত কৰাৰ অনুমতি আছে। ১০বাজি ৩০ মিনিটৰ পৰা ১১ বজাৰ ভিতৰত দিয়া হ’ব দিনৰ আহাৰ। মেনুত থাকিব দাইল, পাচলি আৰু ভাত নতুবা ৫খন ৰুটি। দুপৰীয়া ৩বজালৈকে তেওঁ ছেলতেই আৱদ্ধ হৈ থাকিব লাগিব। দুপৰীয়া ৩বজাৰ পৰা ৩ বাজি ৩০ মিনিটৰ ভিতৰত দিয়া হ’ব চাহ বিস্কুট। বিয়লি ৪ বজাত তেওঁ নিজা অধিবক্তাক লগ কৰিব পাৰিব। বিয়লি ৫বজাতেই দিয়া হ’ব নিশাৰ আহাৰ। সন্ধিয়া ৭বজাত তেঁও ছেলত বন্দী হ’ব লাগিব।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *