জনতাক উদ্দেশ্যি কেজৰিৱালে ক’লে, ‘লাভ ইউ টু’! নিৰ্বাচনত জয়ী হৈয়েই, প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদ বিচাৰিলে অৰবিন্দ কেজৰিৱালে…

জনতাক উদ্দেশ্যি কেজৰিৱালে ক’লে, ‘লাভ ইউ টু’! নিৰ্বাচনত জয়ী হৈয়েই, প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদ বিচাৰিলে অৰবিন্দ কেজৰিৱালে…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS: দিল্লীৰ এমচিডি নিৰ্বাচনত জয়লাভ কৰাৰ পাছত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আয়োজন কৰে সংবাদমেলৰ। সংবাদমেলযোগে কেজৰিৱালে কয় যে এইবাৰ ঝাড়ুৰে পদুম ফুল সাৰি পেলাই দিয়া হৈছে। ১৫ বছৰ পাছত MCD বিজেপিমুক্ত হ’ল। এই বিজয়ৰ বাবে দিল্লীবাসীক ধন্যবাদ জনাই মুখ্যমন্ত্ৰী তথা আপ প্ৰধান অৰবিন্দ কেজৰিৱালে। জয়ৰ অন্তত সাংবাদিকেৰে সৈতে হোৱা বাৰ্তালাপত কেজৰিৱালে দিল্লীবাসীক উদ্দেশ্যী কয়, ‘লাভ ইউ টু’।

জয়ৰ অন্তত কি প্ৰতিক্ৰিয়া অৰবিন্দ কেজৰিৱালৰ?

দিল্লী মিউনিচিপাল কৰ্পৰেছন বা এম চি ডি দখল কৰিছে আম আদমী পাৰ্টীয়ে। ১৫ বছৰৰ অন্তত এমচিডি বিজেপিমুক্ত হ’ল। দিল্লীৰ ২৫০ টা ৱাৰ্ডৰ ভিতৰত ১৩৪ খন আসনত জয়ী হৈছে আপ। মেজিক নম্বৰক পাছ পেলাই সংখ্যাগৰিষ্ঠতা দখল কৰিছে আম আদমী পাৰ্টীয়ে। আনহাতে পদুম শিবিৰে লাভ কৰিছে ১০৪ টা ৱাৰ্ড। এই বিজয়ত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল যথেষ্ট উৎসাহিত। তেওঁ সংবাদমেলযোগে এই কথা উল্লেখ কৰি কয়, ‘দিল্লীবাসীক অশেষ ধন্যবাদ। এই বিজয়ে গুজৰাট নিৰ্বাচনৰ ফলাফলৰ আগত এক ইতিবাচক ইংগিত দিছে। এই জয়ৰ পাছতেই মই কেন্দ্ৰৰ পৰা আৰু অধিক সহযোগিতা আশা কৰিছো। লগতে প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদো বিচাৰিছো।’

ইয়াৰোপৰি কেজৰিৱালে কয়, ‘আমাৰ দল ভদ্ৰ মানুহৰ দল। আমাক দেখিলেই যাতে মানুহৰ মনত শ্ৰদ্ধাবোধৰ জন্ম হয়। সেই চেষ্টাৰেই আমি কাম কৰি আহিছো। আজি দিল্লীৰ মানুহে সমগ্ৰ দেশৰ মানুহকেই ভাবিবলৈ বাধ্য কৰাইছে। বিদ্যালয়, হাস্পতাল, বিদ্যুৎ দিলেই ভোট নাপায় বুলি কৰা দাবীক মিছা প্ৰমাণিত কৰি দিল্লীৰ এমচিডি নিৰ্বাচনত আপে জয়লাভ কৰিছে। আজি চতুৰ্থবাৰৰ বাবে দিল্লীৰ নিৰ্বাচনত আমি জয়ৰ মুখ দেখিছো। ইতিবাচক ৰাজনীতি কি দিল্লীবাসীয়ে বুজি উঠিছে।’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *