ডিএছপি হুমায়ূনৰ ঘৰত দুমহীয়া সন্তান, মেজৰ আশীষৰ আকৌ অক্টোবৰত গৃহপ্ৰৱেশ, সপোন বুকুত বান্ধিয়েই অনন্তনাগত শেষ নিশ্বাস ত্যাগ তিনি বিষয়াৰ

ডিএছপি হুমায়ূনৰ ঘৰত দুমহীয়া সন্তান, মেজৰ আশীষৰ আকৌ অক্টোবৰত গৃহপ্ৰৱেশ, সপোন বুকুত বান্ধিয়েই অনন্তনাগত শেষ নিশ্বাস ত্যাগ তিনি বিষয়াৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- কাৰোবাৰ ঘৰত দুবছৰীয়া সন্তান, কাৰোবাৰ ঘৰত আকৌ দুমহীয়া সন্তান। জম্মু কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত প্ৰাণ হেৰুৱালে সেনা মেজৰ আৰু জম্মু কাশ্মীৰৰ ডিএছপিয়ে। দুয়োখন ঘৰতেই এতিয়া হাহাকাৰময় পৰিস্থিতি। বুধবাৰে অনন্তনাগৰ কোকেৰনাগত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত প্ৰাণ হেৰুৱাইছে কৰ্নেল মনপ্ৰীত সিংহ, মেজৰ আশীষ ধনচক আৰু জম্মু কাশ্মীৰ পুলিচৰ ডিএছপি হুমায়ুন ভাট্টে।

সেনাৰ সূত্ৰই দিয়া খবৰ অনুসৰি তালাছি অভিযান চলোৱাৰ সময়তে হঠাত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে সেনাৰ দলটোক। সেই সংঘৰ্ষতেই গুলীবিদ্ধ হয় কৰ্নেল আৰু আৰু মেজৰ ডিএছপি। মেজৰ আশীষৰ ঘৰ হাৰিয়ানাৰ পানিপথত। তাতেই চেক্টৰ-৭ ত বাস কৰে তেওঁৰ পৰিয়ালে। আশীষৰ পিতৃ-মাতৃ আৰু পত্নীসহিয়ে ৪ ভাতৃৰে এখন সুখৰ ঘৰ। পৰিয়ালৰ সূত্ৰই জনোৱা অনুসৰি দুবছপ পূৰ্বে জম্মুলৈ বদলি হৈছিল আশীষ। এই বছৰতেই তেওঁ সেনা মেডেলো লাভ কৰিছিল। মেজৰ আশীষৰ খুৰাকে জনোৱা অনুসৰি তেঁৱেই শেষবাৰ ফোন কৰিছিল আশীষক। ডেৰমাহ পূৰ্বে ঘৰলৈকো আহিছিল আশীষ। অক্টোবৰত আকৌ ঘৰলৈ অহাৰ কথা আছিল আশীষ। সেই সময়ত নতুন ঘৰ লোৱাৰ কথাও আছিল আশীষৰ পৰিয়ালৰ। কিন্তু ভৱা কথা জানো সিদ্ধি হয়! ঘৰলৈ সময়তকৈ আগেয়ে আহিল কিন্তু আশীষ আৰু জীৱন্তে ঘৰলৈ ঘূৰি নাহিল।

আনহাতে জম্মু কাশ্মীৰ আৰক্ষীৰ ডিএছপি হুমায়ূন ভাট্টৰ পৰিয়ালতো এতিয়া কান্দোনৰ ৰোল। সন্তানক হেৰুৱাই ভাঙি পৰিছে ভাট্ট পৰিয়াল। হুমায়ূনৰ পিতৃ গুলাম হাছানো জম্মু কাশ্মীৰ আৰক্ষী ইনস্পেক্টৰ আছিল। গুলীত আহত হোৱাৰ ফলত অতিৰিক্ত ৰক্তক্ষৰণৰ ফলত মৃত্যু হৈছে হুমায়ূনৰ। মৃত্যুৰ সময়ত পৰিয়ালৰ সৈতে এগৰাকী দুমহীয়া কন্যা সন্তানক এৰি গৈছে হুমায়ূনে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *