৯ বছৰীয়া মনোমালিন্য শেষ! ভাৰত-পাক মেচৰ উদ্বোধনী অনুষ্ঠানত একেলগে দেখা যাব অৰিজিৎ আৰু ছলমান খানক

৯ বছৰীয়া মনোমালিন্য শেষ! ভাৰত-পাক মেচৰ উদ্বোধনী অনুষ্ঠানত একেলগে দেখা যাব অৰিজিৎ আৰু ছলমান খানক

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- সম্পৰ্কই ফাঁট মেলিছিল ৯ বছৰ পূৰ্বেই৷ ছলমানৰ অপ্ৰিয় হৈ পৰিছিল অৰিজিৎ সিং৷ নিশাৰ ভিতৰতেই শেষ হৈ গৈছিল এটা সম্পৰ্ক৷ ছলমানৰ কোনো শ্ব’, চিনেমাত গীত পৰিবেশন কৰা নাছিল অৰিজিতেও৷ লাহে লাহে কথাবোৰ পুৰণি হৈছে৷ খঙো কমিছে৷ ছলমানে আৰু পুৰণি আক্ষেপসমূহ কঢ়িয়াই ফুৰিব খোজা নাই৷ ‘টাইগাৰ-৩’ৰ মুক্তিৰ পূৰ্বে মান-অভিমান এৰি অৰিজিতক ক্ষমা কৰি দিছে ভাইজানে৷ কিছুদিন পূৰ্বে ছলমানৰ গেলেক্সীলৈকো গৈছিল অৰিজিৎ সিং৷ ভাইৰেল খবৰ অনুসৰি তেওঁলোকৰ মাজত আকৌ বন্ধুত্বৰ এনাজৰীডাল সুদৃঢ় হৈছে৷

ভাইজানৰ সৈতে সম্পৰ্ক ভাল হোৱাৰ পাছতেই বিশ্বৰ বৃহত্তম ক্ৰিকেট ষ্টেডিয়ামত গীত পৰিবেশনৰ বাবে আমন্ত্ৰিত হৈছে অৰিজিৎ৷ শনিবাৰে মহালয়া৷ দেৱীপক্ষৰ আৰম্ভ হ’ব৷ সেই পবিত্ৰ দিনটোতেই বিশ্বকাপ ক্ৰিকেটত আহমেদাবাদ ষ্টেডিয়ামত মুখামুখি হ’ব ভাৰত-পাকিস্তান৷ ভাৰত-পাকিস্তানৰ খেলক লৈ ইতিমধ্যে সাঁজু কৰি তোলা হৈছে সকলো৷ আহমেদাবাদ ষ্টেডিয়ামৰ লগতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে সমগ্ৰ চহৰতেই৷ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ সেই দিনটোতেই গীত পৰিবেশন কৰিব অৰিজিৎ সিঙে৷ দুপৰীয়া ২ বজাৰ পৰা ভাৰত-পকিস্তানৰ মেচ আৰম্ভ হ’ব৷ কিন্তু মেচ আৰম্ভণিৰ পূৰ্বে ৰখা হৈছে সাংস্কৃতিক অনুষ্ঠান৷ সেয়ে ১২ বজাৰ পৰাই আৰম্ভ হ’ব অনুষ্ঠান৷ শনিবাৰে এই অনুষ্ঠানত উপস্থিত থাকিব অমিতাভ বচ্চনৰ পৰা ছলমান খানলৈকে কেইবাজনো বলীউড তাৰকা৷

বলীউডৰ এক সূত্ৰৰ খবৰ অনুসৰি ছলমানে শনিবাৰৰ এই অনুষ্ঠানতেই তেওঁৰ নতুন ছবি ‘টাইগাৰ-৩’ ৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিব৷ এইবাৰ আইচিচি বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠান আয়োজিত হোৱা নাছিল৷ সেয়ে ১৪ তাৰিখে ভাৰত-পাকিস্তানৰ হাই ভল্টেজ মেচৰ আৰম্ভনিত বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে বি চি চিআয়ে৷ সুখবিন্দৰ সিং আৰু শংকৰ মহাদেৱেও এই অনুষ্ঠানত উপস্থিত থাকিব৷ অৰিজিৎ এই অনুষ্ঠানৰ বিশেষ আকৰ্ষণ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *