১০০ বছৰৰ পাছত এপ্ৰিল মাহত ৰাজযোগ! বুধাদিত্য আৰু লক্ষ্মী নাৰায়ণ যোগত ভাগ্য উজ্বলি উঠিব ৫ ৰাশিৰ

১০০ বছৰৰ পাছত এপ্ৰিল মাহত ৰাজযোগ! বুধাদিত্য আৰু লক্ষ্মী নাৰায়ণ যোগত ভাগ্য উজ্বলি উঠিব ৫ ৰাশিৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- এপ্ৰিল ২০২৪ত মাহেকীয়া ৰাশিফল গণনা কৰি দেখা গৈছে যে এই মাহত পাঁচ ৰাশিৰ জাতকৰ ভাগ্যৰ বিশেষ উন্নতি হ’ব। ইয়াৰ কাৰণ হৈছে চলিত মাহত দুটা ৰাজযোগৰ প্ৰভাৱ। অৰ্থাৎ ২ এপ্ৰিলত বক্ৰী চলনেৰে মেষ ৰাশিত গোচৰ কৰিব বুধে। তাৰপাছতেই ৯এপ্ৰিলত উল্টা পথেৰে বুধে প্ৰৱেশ কৰিব মীন ৰাশিত। তাতেই অৱস্থান কৰিছে সূৰ্যই। সূৰ্য আৰু বুধৰ যুঁটিত মীন ৰাশিত গঠন হ’ব বুধাদিত্য ৰাজযোগ। ইয়াৰোপৰি মীন ৰাশিত মাৰ্চ মাহৰ শেষৰ দিনটোত অৰ্থাৎ ৩১ মাৰ্চত শুক্ৰই প্ৰৱেশ কৰিছে। ইয়াৰ ফলত মীন ৰাশিত শুক্ৰ আৰু বুধৰ যুঁটিত গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ।

মীন ৰাশিত ১০০ বছৰ পাছত দুটা ৰাজযোগ একেলগে গঠিত হ’ব। বুধাদিত্য আৰু লক্ষ্মী নাৰায়ণ ৰাজযোগৰ প্ৰভাৱত এপ্ৰিল মাহত ভাগ্য খুলিব কেইটামান ৰাশিৰ জাতকৰ।

মেষ ৰাশি
লক্ষ্মী নাৰায়ণ আৰু বুধাদিত্য ৰাজযোগৰ শুভ প্ৰভাৱত এপ্ৰিলত ভাগ্য খুলিব মেষ ৰাশিৰ জাতকৰ। আপোনাৰ মনৰ পুৰণি ইচ্ছা এই সময়ত পূৰণ হ’ব পাৰে। কেৰিয়াৰত আপুনি ডাঙৰ সাফল্য লাভ কৰিব পাৰে। জীৱনত উন্নতি কৰাৰ সুযোগ পাব পাৰে। এই মাহত ভাল চাকৰিৰ প্ৰস্তাৱো আহিব পাৰে। কৰ্মসূত্ৰে বিদেশ যাত্ৰাৰো যোগ আছে। নিজৰ ব্যৱসায় আৰম্ভ কৰিব মেষ ৰাশিৰ জাতকে।

সিংহ ৰাশি
এপ্ৰিল মাহত ৰাজযোগৰ শুভ ফল লাভ কৰিব সিংহ ৰাশিৰ জাতকে। এই সময়ত পৰিয়ালৰ পৰাও সম্পূৰ্ণ সাহায্য লাভ কৰিব আপুনি। কেৰিয়াৰত উন্নতি কৰাৰ সুযোগ পাব। এপ্ৰিল মাহত বাহন ক্ৰয় কৰিব পাৰে সিংহ ৰাশিৰ জাতকে। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে এই সময় শুভ। স্বাস্থ্য ভালে থাকিব। এই মাহত নিজৰ সকলো কাম মসৃণৰূপে হ’ব। পিতৃ-মাতৃৰ সৈতে শুভ সময় কটাব।

কন্যা ৰাশি
লক্ষ্মী নাৰায়ণ আৰু বুধাদিত্য যোগৰ প্ৰভাৱত এপ্ৰিল মাহত উপাৰ্জন বৃদ্ধি পাব কন্যা ৰাশিৰ জাতকৰ। এই সময়ত আপুনি বিনিয়োগৰ পৰা ভাল আয় কৰিব পাৰিব। এই মাহত নতুন বাহন, দোকান, মাটি, ঘৰ ক্ৰয় কৰিব পাৰে। এই মাহত আপোনাৰ সম্পদ বৃদ্ধি পাব আৰু সমাজত মান সন্মান আৰু প্ৰতিপত্তি বাঢ়িব। নিজৰ কথাৰে সকলোকে মোহিত কৰিব পাৰিব। দাম্পত্য জীৱনতো সুখ আৰু ভালপোৱা থাকিব।

বৃশ্চিক ৰাশি
বুধাদিত্য আৰু লক্ষ্মী নাৰায়ণ ৰাজযোগত এপ্ৰিল মাহত ৰাজভাগ্য লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে। এই সময়ত আপুনি ব্যৱসায়ৰ পৰা মোটা টকা লাভ কৰিব পাৰিব। পাৰিবাৰিক কিছু সমস্যা থাকিলেও এপ্ৰিল মাহত মুক্তি লাভ কৰিব। স্বাস্থ্য সংক্ৰান্তীয় সমস্যাৰ পৰাও মুক্তি পাব। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব।

মীন ৰাশি
মীন ৰাশিতেই এপ্ৰিল মাহত গঠিত হ’ব বুধাদিত্য ৰাজযোগ আৰু লক্ষ্মী নাৰায়ণ ৰাজযোগ। ইয়াৰোপৰি ৰাজযোগৰ ফলত চলিত মাহত প্ৰচুৰ সাফল্যই অপেক্ষা কৰিছে মীন ৰাশিৰ জাতকলৈ। এই সময়ত নিজৰ সম্পদ বহু পৰিমানে বৃদ্ধি পাব। এপ্ৰিল মাহত বিদেশ যাত্ৰাৰো যোগ আছে। প্ৰেম জীৱনৰ বাবেও এই সময় শুভ। আপোনাৰ প্ৰেমত পৰিয়ালে সন্মতি দিব। ব্যৱসায়ত উন্নতি কৰিব।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *