দাৰিদ্ৰতাক জয় কৰি UPSCত সাফল্য, মাত্ৰ ২১ বছৰ বয়সতে IAS অফিচাৰ হ’ল অটোচালকৰ পুত্ৰ

দাৰিদ্ৰতাক জয় কৰি UPSCত সাফল্য, মাত্ৰ ২১ বছৰ বয়সতে IAS অফিচাৰ হ’ল অটোচালকৰ পুত্ৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- সৰুৰে পৰা দৰিদ্ৰতা আছিল নিত্যসংঙ্গী৷ আৰ্থিক অনাটনৰ বাবে পঢ়াশুনাৰ ক্ষেত্ৰতো বহু বাধা আহিছিল৷ কিন্তু কোনো বাধাৰ ওচৰতেই শিৰনত নকৰিলে তেওঁ৷ সপোন পূৰণপ লক্ষ্যত তেওঁ অবিচল৷ সেয়ে সমস্ত প্ৰতিবন্ধকতাক নেওচি মাত্ৰ ২১ বছৰ বয়সতে তেওঁ আই এ এছ অফিচাৰ হ’ল৷ প্ৰথমবাৰ চিভিল চাৰ্ভিছ পৰীক্ষা দিয়েই সফল হয় আনছাৰ শেখ৷

ভাৰত তথা বিশ্বৰ কঠিনতম পৰীক্ষাসমূহৰ মাজত এটা হৈছে ভাৰতীয় চিভিল চাৰ্ভিছ পৰীক্ষা৷ ইউনিয়ন পাব্লিক চাৰ্ভিছ কমিছনত আয়োজিত এই পৰীক্ষাত পাছ কৰিলেহে আইএএছ আইপিএছৰ দৰে গুৰুত্বপূৰ্ণ চৰকাৰী আমোলা হ’ব পাৰে৷ প্ৰতি বছৰেই অসংখ্য প্ৰাৰ্থীয়ে চিভিল চাৰ্ভিছ পৰীক্ষা দিয়ে৷ কিন্তু ছীটৰ সংখ্যা এক হাজাৰৰো কম৷ সেই পৰীক্ষাত উজলি উঠা ব্যক্তিসকল নিশ্চয়কৈ অতি মেধাসম্পন্ন৷ আনছাৰেও এই পৰীক্ষাত সফলতা লাভ কৰি সকলোৰে দৃষ্টি কাঢ়িছে৷ তেওঁৰ সফলতাৰ কাহিনী জানিবলৈ বহুজন আগ্ৰহী হৈ উঠিছে৷ আনছাৰৰ শিশুকাল অইন পাঁচগৰাকী ছাত্ৰ-ছাত্ৰীৰ দৰে নহয়৷ আনচাৰৰ পিতৃ ইউনুছ শ্বেখ আহমেদ পেছাত অটোচালক৷ মহাৰাষ্ট্ৰৰ জালনা গাওঁৰ বাসিন্দা আনছাৰ পাৰিবাৰিক অৱস্থা অতি বেয়া৷ দাৰিদ্ৰতাৰ মাজতো কিন্তু কেতিয়াও হাৰি নহল আনছাৰ৷

য’ত চিটৰ সংখ্যা এক হাজাৰৰো কম৷ সেই পৰীক্ষাত প্ৰতিভাৱান এইগৰাকী আনছাৰৰ সাফল্যৰ কাহিনীয়ে বহুতকে অনুপ্ৰাণিত কৰিছে৷ চিভিল চাৰ্ভিছ পৰীক্ষাত সাফল্যৰ বাবে অধ্যৱসায়ৰ প্ৰয়োজন৷ সৰুৰেপৰাই মেধাৱী আছিল আনছাৰ৷ দ্বাদশ শ্ৰেণীৰ বোৰ্ড পৰীক্ষাত আনছাৰে ৯১ শতাংশ নম্বৰ পাই উত্তীৰ্ণ হৈছিল৷ পৰবৰ্তীকালত পুনৰ ফাৰ্গুছন কলেজৰ পৰা ৭৩ শতাংশ নম্বৰ সৈ ৰাজনীতিবিজ্ঞানত স্নাতক হয়৷ আৰ্থিক দুৰাবস্থাৰ বাবে আনছাৰে স্নাতক হোৱাৰ পাছত আৰু পঢ়াশুনা আগবঢ়াই নিব নোৱাৰিলে৷ আনছাৰে পঢ়াশুনা সামৰাৰ কথা গম পাই তেওঁ পঢ়ি অহা কলেজৰ শিক্ষকে আনছাৰৰ পিতৃক পুত্ৰৰ পঢ়াশুনাত যাতে বাধা নিদিয়ে তাৰবাবে অনুৰোধ জনায়৷

আনছাৰৰ সফলতাৰ আঁৰত সোমাই আছে বহু পৰিশ্ৰম৷ চিভিল চাৰ্ভিছ পৰীক্ষাৰ প্ৰস্তুতি চলাই থকাৰ সময়ত তেওঁ তিনিবছৰ ধৰি প্ৰতিদিনে ১২ ঘণ্টা কাম কৰিছিল৷ পৰিশ্ৰমৰ পৰা যি ধন লাভ কৰিছিল সেই ধনেৰে তেওঁ ইউপিএছচি ৰ কচিং কৰে৷ কচিং চেণ্টাৰটোৱেও তেওঁৰ আৰ্থিক অৱস্থালৈ লক্ষ্য ৰাখি কিছু ৰেহাইয়ো দিয়ে৷ একান্ত সাধনা, মনৰ জোৰত ২০১৫ চনত ইউপিএছচি পৰীক্ষাত প্রথম চেষ্টাতেই ৩৬১ তম স্থান লাভ কৰিবলৈ সক্ষম হয়৷ মাত্ৰ ২১ বছৰ বয়সতে দেশৰ সৰ্বকনিষ্ঠ আইএএছ অফিচাৰ হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হয় আনছাৰ শ্বেখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *