লক্ষ্য অবিচল! দুভৰিয়ে জানে কিমান দূৰত্বত গলপোষ্ট… ফুটবল কেৰিয়াৰত মেছিয়ে খেলিলে ১০০০ খন মেচ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS: ফুটবল বুলিলেই পোনতেই মনলৈ আহে বিশেষ কেইগৰাকীমান খেলুৱৈৰ নাম। ৰোনাল্ডো, মেছি, নেইমাৰ। বেছিসংখ্যকৰেই মুখত প্ৰিয় খেলুৱৈ বুলিলেই নাম শুনা যায় মেছিৰ। ফুটবল কেৰিয়াৰত ১০০০ ৰো অধিক মেচ খেলিছে মেছিয়ে। কাটাৰ বিশ্বকাপত মেছিৰ প্ৰদৰ্শনে আকৌ এবাৰ মেছিৰ প্ৰতি অনুৰাগ বঢ়াই তুলিছে সকলোৰে। প্ৰি কোৱাৰ্টাৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হোৱা মেচত মেছিয়ে দিয়া গলটোত চকু থৰ হৈ ৰৈছিল বিশ্ব ফুটবলপ্ৰেমীৰ। মেছিয়ে দিয়া বিশেষ গলটোৱে ৩৫ মিনিটতেই আৰ্জেণ্টিনাক দিছিল জয়ৰ সোৱাদ।

এইবাৰ পঞ্চমখন বিশ্বকাপ খেলিছে মেছিয়ে। ফৰ্ম একেই আছে। লক্ষ্য অবিচল, ৫ খন বিশ্বকাপত ৯টাকৈ গলেৰে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে মেছিয়ে। মেছিয়ে খেলা ১০০০ মেছৰ মাজত আৰ্জেণ্টিনাৰ জাৰ্চীতেই খেলিছে ১৬৯ খন মেছ। বাৰ্ছিলোনাৰ হৈ মেছিয়ে খেলিছে ৭৭৮ খন মেছ। পেৰিছ ছেইণ্ট জাৰ্মানৰ হৈ মেছিয়ে খেলিছে ৫৩ খন মেছ। এই সমূহ খেলত কিমান গল দিছে মেছিয়ে? বাৰ্ছিলোনাৰ হৈয়ে সৰ্বাধিক গল দিছে মেছিয়ে। মুঠ ৭৭৮ খন মেচত মেছিয়ে দিছে ৬৭২ টা গল। আনহাতে পিএছজিৰ হৈ খেলা ৫২৩ খন মেচত মেছিয়ে দিছে ২৩টা গল আৰু আৰ্জেণ্টিনাৰ হৈ খেলা মুঠ ১৬৯ খন মেচত মেছিয়ে দিছে ৯৮ টা গল।

উল্লেখ্য যে বিশ্বকাপত যোগ্যতা অৰ্জনৰ পাছত খেলা ৬০ খন মেচত ২৮ টা গল দিছে মেছিয়ে। ইয়াৰোপৰি কোপা আমেৰিকাতো ৩৪ খন মেচক ১৩ টাকৈ গল দি সকলোৰে দৃষ্টি কাঢ়িছিল মেছিয়ে। ২০১৮ চনত অনুষ্ঠিক বিশ্বকাপত মেছিয়ে দিয়া গলৰ সংখ্যা আছিল ৪টা। এইবাৰ কাটাৰত অনুষ্ঠিত বিশ্বকাপতো মেছিয়ে মুঠ ৩ টা গল দিবলৈ সক্ষম হৈছে। আগন্তুক শুকুৰবাৰে বিশ্বকাপৰ শেষৰ ৮ ৰ বাবে হোৱা যুঁজৰ নেদাৰলেণ্ডৰ সন্মুখীন হ’ব মেছিৰ দল। সেই খেলত মেছিয়ে কেনে প্ৰদৰ্শন দেখুওৱাই সেয়া চাবৰ বাবেহে আগ্ৰহী এতিয়া বহুজন।

লক্ষ্য অবিচল! দুভৰিয়ে জানে কিমান দূৰত্বত গলপোষ্ট… ফুটবল কেৰিয়াৰত মেছিয়ে খেলিলে ১০০০ খন মেচ

ফুটবল বুলিলেই পোনতেই মনলৈ আহে বিশেষ কেইগৰাকীমান খেলুৱৈৰ নাম। ৰোনাল্ডো, মেছি, নেইমাৰ। বেছিসংখ্যকৰেই মুখত প্ৰিয় খেলুৱৈ বুলিলেই নাম শুনা যায় মেছিৰ। ফুটবল কেৰিয়াৰত ১০০০ ৰো অধিক মেচ খেলিছে মেছিয়ে। কাটাৰ বিশ্বকাপত মেছিৰ প্ৰদৰ্শনে আকৌ এবাৰ মেছিৰ প্ৰতি অনুৰাগ বঢ়াই তুলিছে সকলোৰে। প্ৰি কোৱাৰ্টাৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হোৱা মেচত মেছিয়ে দিয়া গলটোত চকু থৰ হৈ ৰৈছিল বিশ্ব ফুটবলপ্ৰেমীৰ। মেছিয়ে দিয়া বিশেষ গলটোৱে ৩৫ মিনিটতেই আৰ্জেণ্টিনাক দিছিল জয়ৰ সোৱাদ।

এইবাৰ পঞ্চমখন বিশ্বকাপ খেলিছে মেছিয়ে। ফৰ্ম একেই আছে। লক্ষ্য অবিচল, ৫ খন বিশ্বকাপত ৯টাকৈ গলেৰে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে মেছিয়ে। মেছিয়ে খেলা ১০০০ মেছৰ মাজত আৰ্জেণ্টিনাৰ জাৰ্চীতেই খেলিছে ১৬৯ খন মেছ। বাৰ্ছিলোনাৰ হৈ মেছিয়ে খেলিছে ৭৭৮ খন মেছ। পেৰিছ ছেইণ্ট জাৰ্মানৰ হৈ মেছিয়ে খেলিছে ৫৩ খন মেছ। এই সমূহ খেলত কিমান গল দিছে মেছিয়ে? বাৰ্ছিলোনাৰ হৈয়ে সৰ্বাধিক গল দিছে মেছিয়ে। মুঠ ৭৭৮ খন মেচত মেছিয়ে দিছে ৬৭২ টা গল। আনহাতে পিএছজিৰ হৈ খেলা ৫২৩ খন মেচত মেছিয়ে দিছে ২৩টা গল আৰু আৰ্জেণ্টিনাৰ হৈ খেলা মুঠ ১৬৯ খন মেচত মেছিয়ে দিছে ৯৮ টা গল।

উল্লেখ্য যে বিশ্বকাপত যোগ্যতা অৰ্জনৰ পাছত খেলা ৬০ খন মেচত ২৮ টা গল দিছে মেছিয়ে। ইয়াৰোপৰি কোপা আমেৰিকাতো ৩৪ খন মেচক ১৩ টাকৈ গল দি সকলোৰে দৃষ্টি কাঢ়িছিল মেছিয়ে। ২০১৮ চনত অনুষ্ঠিক বিশ্বকাপত মেছিয়ে দিয়া গলৰ সংখ্যা আছিল ৪টা। এইবাৰ কাটাৰত অনুষ্ঠিত বিশ্বকাপতো মেছিয়ে মুঠ ৩ টা গল দিবলৈ সক্ষম হৈছে। আগন্তুক শুকুৰবাৰে বিশ্বকাপৰ শেষৰ ৮ ৰ বাবে হোৱা যুঁজৰ নেদাৰলেণ্ডৰ সন্মুখীন হ’ব মেছিৰ দল। সেই খেলত মেছিয়ে কেনে প্ৰদৰ্শন দেখুওৱাই সেয়া চাবৰ বাবেহে আগ্ৰহী এতিয়া বহুজন।

Leave a Reply

Your email address will not be published. Required fields are marked *