প্ৰেম শেষ! বিচ্ছেদৰ কথা আওঁপকীয়াকৈ ঘোষণা কৰিলে অনন্যা পাণ্ডেই

প্ৰেম শেষ! বিচ্ছেদৰ কথা আওঁপকীয়াকৈ ঘোষণা কৰিলে অনন্যা পাণ্ডেই

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- বিগত কেইবামাহ ধৰি একাধিকবাৰ একাধিক অনুষ্ঠানত দেখা গৈছে অনন্যা পাণ্ডে আৰু আদিত্য় ৰয় কাপূৰক। প্ৰথমে ফেশ্ব্যন ডিজাইনাৰ মনীশ মলহোত্ৰাৰ ফেশ্ব্যন শ্ব’ত একেলগে ৰেম্পত খোজ দিছিল অনন্য়া-আদিত্যই। তাৰপিছতেই দুয়োৰে প্ৰেমৰ গুজৱ ভাইৰেল হৈ পৰে মায়ানগৰীত।

তাৰপিছতেই স্পেনত একেলগে দেখা গৈছিল আদিত্য-অনন্য়াক। আদিত্যৰ কান্ধত মূৰ থৈ একেলগে সূৰ্যাস্ত চোৱাৰ দৃশ্য কাৰোবাৰ কেমেৰাত বন্দীও হৈছিল। তাৰপিছতেই দেশলৈ ঘূৰি আহিও দুয়ো একেলগে বিভিন্ন অনুষ্ঠানলৈ যোৱাৰ ছবি বন্দী হৈছে সাংবাদিকৰ কেমেৰাত।

তাৰপিছতেই বহু বিতৰ্কিত শ্ব’ ‘কফি উইথ কৰণ’ত আদিত্য় অনন্য়াৰ প্ৰেমক লৈ অনন্য়াক প্ৰশ্ন কৰিছিল কৰণে। চাংকি কন্য়াই কফি উইথ কৰণতেই প্ৰেমৰ কথা একপ্ৰকাৰ সঁচা বুলি কৈয়েই পেলাই। কিন্তু প্ৰেম বেছিদিন নিটিকিল। বলীউডত প্ৰেম তেনেকুৱাই সেই কথাই আকৌ এবাৰ প্ৰতীয়মান কৰিলে আদিত্য়-অনন্য়াই।

দুয়োৰে সম্পৰ্কত ফাঁট মেলিছে নেকি সেই প্ৰমাণো নিজেই দিছে অনন্য়াই। কিন্তু কিয় দুয়োৰে সম্পৰ্ক নিটিকিল? অনন্য়াই এক ইনষ্টাগ্ৰাম পোষ্ট শ্বেয়াৰ কৰি বিচ্ছেদত ছিলমোহৰ মাৰিছে। জীৱনৰ প্ৰাপ্তি-অপ্ৰাপ্তিক লৈ বিশেষ লেখা শ্বেয়াৰ কৰিছে।  অনন্য়াই লিখিছে, ‘তেওঁ যদি সঁচাকৈয়ে তোমাৰ তেন্তে তেওঁ নিশ্চয় তোমাৰ কাষলৈ ঘূৰি আহিব। এই সকলোবোৰ ঘটিছে তোমাক দিয়া শিক্ষাৰ অভাৱৰ বাবে। যদি তুমি এই কথা গ্ৰহণ নকৰা তেন্তে দূৰলৈ ঠেলি পঠিয়াব পাৰা। কেতিয়াবা যদি তুমি ভাৱা যে ইমান সুন্দৰ সামগ্ৰী তোমাৰ হ’বই নোৱাৰে তেন্তে দূৰলৈ ঠেলি দিয়া। কাৰণ সকলোবোৰ তোমাৰ আত্মাৰ সৈতে যুক্ত হৈ থাকিব নোৱাৰে।’

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *