তলে তলে আনন্দ মিশ্ৰই খেলিছে গেম! ৭তাৰিখে বক্সাৰত ভোটগ্ৰহণ, প্ৰতিদ্বন্দিতা আগবঢ়াবনে মিশ্ৰই?

তলে তলে আনন্দ মিশ্ৰই খেলিছে গেম! ৭তাৰিখে বক্সাৰত ভোটগ্ৰহণ, প্ৰতিদ্বন্দিতা আগবঢ়াবনে মিশ্ৰই?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- আনন্দ মিশ্ৰই নিৰ্বাচন খেলিবনে নেখেলে এই বিষয়টোক লৈ সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চা হৈ আছিল৷ আই পি এছ চাকৰি এৰি ৰাজনীতিৰ পথাৰত ভৰি দিয়া আনন্দ মিশ্ৰই বিহাৰৰ বক্সাৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ কথা নিজেই সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল আনন্দ মিশ্ৰই৷

শেহতীয়াকৈ অৱশ্যে তেওঁ নিৰ্বাচন খেলা-নেখেলা বিষয়টোক লৈ একাংশ সন্দিহানো হৈ পৰিছিল৷ কিয়নো আশা কৰা ধৰণে তেওঁ বিহাৰ বিজেপিৰ পৰা সঁহাৰি নাপালে যাৰবাবে নিৰ্দলীয় হৈয়েই বক্সাৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ প্ৰস্তুতি চলাইছে৷ অৱশেষত সেই সন্দেহ দূৰ কৰি এক্স হেণ্ডেলত আনন্দ মিশ্ৰই এৰিছে বিশেষ বাৰ্তা৷

এক্স যোগে মিশ্ৰই কয়, ‘একাংশই মই নিৰ্বাচন নেখেলো বুলি ভুৱা প্ৰচাৰ চলাইছে৷ মই এনে মানুহ নহয় যে এবাৰ আগুৱাই গ’লে আকৌ পিছুৱাই আহিম৷ মোৰ সৈতে হাজাৰ হাজাৰ মানুহৰ বিশ্বাস, আশা জড়িত হৈ আছে৷ সেই আশাক মই নিৰাশালৈ ৰূপান্তৰ কৰিব নোৱাৰো৷ মই নিৰ্বাচন নিশ্চয় খেলিম৷ ৭ মেত মোৰ সমষ্টিত নিৰ্বাচন৷ মই এইকেইদিনৰ ভিতৰতেই নমিনেছন জমা দিম৷ আপোনালোকৰ আস্থাক মই সন্মান কৰো সেই সন্মান  মই ৰাখিম৷’

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *