ছৰফৰাজৰ পিতৃলৈ মাহিন্দাৰ THAR উপহাৰ

ছৰফৰাজৰ পিতৃলৈ মাহিন্দাৰ THAR উপহাৰ

ছৰফৰাজ
ছৰফৰাজ
Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

অমল মজুমদাৰলৈ মনত আছেনে? আছেনে মনত অভিজিৎ কাৰ্লেৰ দৰে দুৰ্দান্ত ভাৰতীয় ক্ৰিকেটাৰৰ কথা? ঘৰুৱা খেলত ৰানৰ পাহাৰ গঢ়াৰ পাছতে এওঁলোকে কাহানিও পিন্ধি নাপালে টীম ইণ্ডিয়াৰ জাৰ্চী৷ মুম্বাইৰ প্ৰতিভাবান ক্ৰিকেটাৰ ছৰফৰাজ খানক লৈও একেই প্ৰশ্ন উঠিছিল৷ ঘৰুৱা ক্ৰিকেটত অভিলেখসংখ্যক ৰান কৰাৰ পাছতো বাৰে বাৰে টীম ইণ্ডিয়াত স্থান দখলত ব্যৰ্থ হৈছিল ২৬ বছৰীয়া ছৰফৰাজ৷ সুনীল গাভাস্কাৰৰ দৰে প্ৰবাদপ্ৰতিম ক্ৰিকেটাৰে ছৰফৰাজক জাতীয় দলত স্থান নিদিয়াৰ বাবে ক্ষোভ প্ৰকাশ কৰাৰ দৰে ঘটনাও ঘটিছিল৷ অৱশেষত বহু প্ৰতীক্ষাৰ অন্তত ইংলেণ্ডৰ বিৰুদ্ধে ১৫ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে ৰাজকোটৰ টেষ্ট ছিৰিজৰ তৃতীয় মেচত অভিষেক ঘটে ছৰফৰাজৰ৷

প্ৰথম ইনিংছতেই দুৰন্ত বেটিং৷ ছৰফৰাজৰ বেটিঙত মুগ্ধ দেশবাসী৷ কেৱল শকত হোৱাৰ বাবেই জাতীয় দলত স্থান নোপোৱা ছৰফৰাজ খান খেলখনৰ দুয়োটা ইনিংছত বেটিঙৰে উজলি উঠিছিল৷ চৌদিশে কোবাই খেলিছিল মুম্বাইৰ ক্ৰিকেটাৰগৰাকীয়ে৷ ভাৰতৰ দিগগজ ক্ৰিকেটাৰ অনিল কুম্বলেই যেতিয়া ছৰফৰাজৰ হাতত ডেবিঅ’ কাপ তুলি দিছিল তেতিয়া সৃষ্টি হৈছিল এক আৱেগিক পৰিৱেশ৷ ভিডিঅ’ত স্পষ্টভাৱে দেখা গৈছিল ছৰফৰাজ আৰু তেওঁৰ পিতৃ নৌচাদ আৱেগিক হৈ পৰিছিল৷ এই আৱেগিক মুহূৰ্তই দেশৰ চুকে-কোণে বহুতৰে চকুলো নিগৰাইছিল৷ কিয়নো, ছৰফৰাজ খানক এজন ক্ৰিকেটাৰৰূপে গঢ় দিয়াত পিতৃ নৌচাদৰ আছিল অনবদ্য অৱদান৷ অভাৱ-অনাটনত ভোগা নৌচাদে সকলো ত্যাগ কৰি ছৰফৰাজক ক্ৰিকেটাৰ হিচাপে গঢ়ি তুলিছিল৷ কিন্তু, জাতীয় দলত স্থান পাবলৈ বছৰৰ পাছত বছৰ ধৰি অপেক্ষা কৰিবলগীয়া হৈছিল মুম্বাইৰ প্ৰতিভাধৰ ক্ৰিকেটাৰগৰাকীয়ে৷

পুত্ৰ আৰু পিতৃৰ আৱেগিক মুহূৰ্তৰ দৃশ্যত বিচলিত মাহিন্দা

ৰে’লত চকলেট-চানা বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা নৌচাদে পুত্ৰক এনে এটি পৰ্যায়লৈ লৈ যোৱাৰ বাবে ভাৰতৰ অন্যতম খ্যাতনামা উদ্যোগপতি আনন্দ মাহিন্দাই x মাধ্যমত এটা প’ষ্ট কৰে৷ প’ষ্টটো লগে লগে ভাইৰেল হ’বলৈ আৰম্ভ কৰে৷ ছৰফৰাজৰ ভিডিঅ’ এটা প’ষ্ট কৰি উদ্যোগপতিগৰাকীয়ে লিখিছে—সাহস নেহেৰুৱাব…৷ এজন পিতৃৰ সন্তানক অনুপ্ৰাণিত কৰাৰ এই গুণ আৰু কি হ’ব পাৰে! সেয়ে নৌচাদ খানক এখন থাৰ উপহাৰ দিবলৈ বিচাৰিছে উদ্যোগপতি আনন্দ মাহিন্দাই৷ ছৰফৰাজ খানৰ পিতৃয়ে থাৰখন উপহাৰ হিচাপে ল’লে তেওঁ সৌভাগ্য আৰু সন্মানৰ বিষয় হ’ব বুলিও xৰ প’ষ্টত উল্লেখ কৰে উদ্যোগপতি মাহিন্দাই৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *