মই যাও, শেষ বাৰৰ বাবে ক’লো…

মই যাও, শেষ বাৰৰ বাবে ক’লো…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

ডিজিটেল ডেস্কঃ ‘মই যাও। কাইলৈৰ পৰা এইখন মঞ্চ আৰু সজোৱা নহয়। আপোন মানুহবোৰক কাইলৈৰ পৰা নাহো বুলি কবলৈ খুবেই টান। আৰু প্ৰিয় মানুহবোৰক না বুলি কবলেও সাহস নহয়।’  বছৰটোৰ লগতে সমাপ্ত হ’ল দেশৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব ‘কৌন বনেগা কৌৰৰপতি’ৰ পঞ্চাদশ সংস্কৰণ। দেশৰ প্ৰতিটো পৰিয়ালৰে অতিকৈ প্ৰিয় এই শ্ব’টোৰ শেষৰটো খণ্ডত আৱেগিক হৈ পৰিল অনুষ্ঠানটোৰ আঁতধৰোতা অমিতাভ বচ্চন।

২০০০চনৰ জুলাই মাহৰ পৰা ২০২৩চনৰ লৈকে এই দুই দশকজোৰা যাত্ৰাত দৰ্শকৰ অভূতপূৰ্ব সহাঁৰিৰ সোৱঁৰণ কৰি আৱেগিক হৈ পৰিল বিগ বি।  শেষৰ কথাখিনি কওতে বিগ বিৰ চকুৰে বৈ আহিল চকুপানী।  চকুত চকুপানী লৈ অমিতাভ বচ্চনে কলে- আপোনজনক কিছুমান কথা কৈ দিয়াতো খুবেই টান। কাইলৈ পৰা মই নাই, এই মঞ্চখনো কাইলৈৰ পৰা সজোৱা নহয়। আপোনালোকৰ মৰমবোৰে এই শ্ব’টোক বিশেষ কৰি ৰাখিব।  শেষবাৰৰ বাবে এই মঞ্চৰ পৰা সকলোকে কলো- শুভৰাত্ৰি, শুভৰাত্ৰি।”

উল্লেখ কৰা ২০০০চনৰে পৰা চলি অহা এই শ্ব’টো দেশৰ লগতে বিদেশতো অতিকৈ জনপ্ৰিয় ৰিয়েলিটী শ্ব। এতিয়ালৈকে ১৫টা সংস্কৰণ প্ৰচাৰিত হোৱা অনুষ্ঠানটোৰ ১,১৩০টা খণ্ড প্ৰচাৰ হৈছে।

 

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *