কেতিয়াৰে পৰা আৰম্ভ হ’ব অমৰনাথ যাত্ৰা? এই স্থানলৈ যাবলৈ মহাদেৱেও ত্যাগ কৰিছিল সৰ্বস্ব, কিয় বিশেষ অমৰনাথ? জানি থওক সবিশেষ

কেতিয়াৰে পৰা আৰম্ভ হ’ব অমৰনাথ যাত্ৰা? এই স্থানলৈ যাবলৈ মহাদেৱেও ত্যাগ কৰিছিল সৰ্বস্ব, কিয় বিশেষ অমৰনাথ? জানি থওক সবিশেষ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- এই বছৰৰ অমৰনাথ যাত্ৰা আৰম্ভ হ’ব আগন্তুক ২৯জুনত৷ শ্ৰী অমৰনাথ শ্ৰাইন বোৰ্ডে অমৰনাথ যাত্ৰাৰ দিন ঘোষণা কৰিছে৷ ২৯ জুনৰ পৰা আৰম্ভ হ’ব এই বছৰৰ অমৰনাথ যাত্ৰা৷ এই যাত্ৰা চলিব আগন্তুক ১৯আগষ্ট পৰ্যন্ত৷ অৰ্থাৎ মুঠ ৫২ দিন ধৰি চলিব অমৰনাথ যাত্ৰা৷ ইতিমধ্যে ১৫এপ্ৰিলৰ পৰা আৰম্ভ হৈছে অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচনৰ কাম৷

অমৰনাথ যাত্ৰা

প্ৰতি বছৰে অত্যন্ত কাঢ়া নিৰাপত্তাৰ মাজেৰে অমৰনাথ যাত্ৰা কৰে ভক্তই৷ দুটা পথেৰে অমৰনাথলৈ যাত্ৰা কৰে ভক্তসকলে৷ এটা পথ হৈছে অনন্তনাগ জিলাৰ মাজেৰে নুনৱান-পেহেলগাম ৰাস্তা৷ এই পথ প্ৰায় ৪৮ কিঃমিঃ দৈৰ্ঘৰ৷ এই পথ দীঘল হ’লেও যাত্ৰাৰ বাবে তুলনামূলকভাৱে সহজ৷ আন এটি পথ হৈছে গান্দাৰবাল জিলাৰ মাজেৰে বালতাল ৰাস্তা৷ ১৪ কিঃমিঃ দৈৰ্ঘৰ এই পথ ছুটি যদিও কণ্টকময়৷ ভৌগলিক কাৰণত অমৰনাথ গুহালৈ মাত্ৰ কেইটামান দিনহে ভক্তসকল যাব পাৰে৷

অমৰনাথ গুহাৰ অৱস্থান

অমৰনাথৰ পবিত্ৰ গুহা কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰৰ পৰা ১৪১ কিঃমিঃ দূৰত্বত অৱস্থিত লাদাৰ উপত্যকাত৷ সমুদ্ৰতলৰ পৰা ১২,৭৫৬ ফুট উচ্চতাত এই অমৰনাথ গুহা অৱস্থিত৷ সমুদ্ৰতলৰ পৰা ইমান ওপৰত অৱস্থিত হোৱাৰ বাবেই বছৰৰ বেছিভাগ সময়ে হিমবাহ আৰু বৰফেৰে ঢকা থাকে এই গুহা৷

সৰ্বস্ব ত্যাগ কৰি অমৰনাথত উপস্থিত হৈছিল শিৱ

পুৰাণত উল্লেখ থকা অনুসৰি পাৰ্বতীক অমৰত্বৰ জ্ঞান প্ৰদান কৰাৰ উদ্দেশ্যে শিৱই পাৰ্বতীক লৈ এই গোপন স্থানলৈ আহিছিল৷ গভীৰভাৱে ধ্যানমগ্ন হোৱাৰ বাবে মহাদেৱে কৈলাশ পৰ্বত ত্যাগ কৰি অমৰনাথৰ উদ্দেশ্যে যাত্ৰা কৰিছিল৷ প্ৰচলিত বিশ্বাস অনুসৰি এই স্থানত উপস্থিত হ’বলৈকে শিৱই তেওঁৰ সমস্ত কিছু পৰিত্যাগ কৰিছিল৷ অমৰনাথৰ পথত মহাদেৱে তেওঁৰ বাহন ষাঁড় নন্দীক পহেলগাওঁত ত্যাগ কৰে৷ তাৰপিছতেই তেওঁৰ মূৰত স্থান পোৱা চন্দ্ৰক ত্যাগ কৰে চন্দনৱাৰিত, ডিঙিত থকা সাপ ত্যাগ কৰে শেষনাগ হৃদত৷ ইয়াৰ পাছতেই মহাগণেশ পৰ্বতত তেওঁৰ পুত্ৰক থৈ আহে৷ ইয়াৰোপৰি বায়ু, অগ্নি, পানী আৰু মৃত্তিকাক পঞ্জতৰ্ণীত ত্যাগ কৰে৷ সৰ্বস্ব ত্যাগ কৰি তেওঁ অমৰনাথ গুহাত প্ৰৱেশ কৰি দেৱী পাৰ্বতীক জীৱন আৰু অমৰত্বৰ অৰ্থ বুজোৱাত ব্য়স্ত হৈ পৰে মহাদেৱ৷

 

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *