৪১কোটিৰ অট্টালিকাত পৰি ৰ’ল পিতৃ-মাতৃ আৰু কন্যাৰ নশ্বৰদেহ…

৪১কোটিৰ অট্টালিকাত পৰি ৰ’ল পিতৃ-মাতৃ আৰু কন্যাৰ নশ্বৰদেহ…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

ডিজিটেল ডেস্কঃ এটা ৪১কোটি টকাৰ অট্টালিকা। বিলাসী এই অট্টালিকাটোৰ ভিতৰত উৱলি যোৱা অৱস্থাত উদ্ধাৰ হৈছে স্বামী-পত্নীৰ লগতে তেওঁলোকৰ একমাত্ৰ কন্যাৰ মৃতদেহ। বহুদিন ধৰি তেওঁলোকৰ ওচৰ চুবুৰীয়াই দেখা নোপোৱাতহে এই ঘটনা পোহৰলৈ আহে। প্ৰাপ্ত তথ্য অনুসৰি, অধিক আৰ্থিক সংকটত ভুগি আছিল পৰিয়ালটি। যাৰ বাবে তেওঁলোকে অৱশেষত এই চৰম পন্থা গ্ৰহণ কৰিলে।

আমেৰিকাৰ নিউ জাৰ্চিত সংঘটিত হৈছে এই ঘটনা। ৫৭বছৰীয়া ৰাকেশ কমল নামৰ মৃত ব্যক্তি গৰাকী ভাৰতীয় মূলৰ বুলি জানিব পৰা গৈছে। ভাৰতৰ পৰা যোৱাৰ পাছত আমেৰিকাত বিবাহপাশত আৱদ্ধ হৈ আমেৰিকাৰ নাগৰিকত্ব লাভ কৰিছিল ৰাকেশে। ৰাকেশ কমলৰ মৃতদেহৰ সৈতে তেওঁৰ ৫৪বছৰীয়া পত্নী টীনা আৰু ১৮বছৰীয়া কন্যা এৰিয়ানাৰো মৃতদেহ উদ্ধাৰ হৈছে।

আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত এয়া আত্মহত্যাৰ ঘটনা বুলিয়ে প্ৰতীয়মান হৈছে। গভীৰ আৰ্থিক সংকটত পৰি পৰিয়ালটোৱে এই পথ বাচি লোৱা বুলি আৰক্ষীয়ে সদৰি কৰিছে। ব্যৱসায়িকভাৱে যথেষ্ট সবল আছিল পৰিয়ালটো। তেওঁলোকে বাস কৰা ঘৰটোৰ মূল্যই আছিল ৫০লাখ ডলাৰৰ। অৰ্থাত ভাৰতীয় মূল্যত ৪১কোটিৰো অধিক। ৰাকেশ কমল আৰু তেওঁৰ পত্নী টীনাই এডুনেৱা নামৰ এটা শৈক্ষিক প্ৰতিষ্ঠান পৰিচালনা কৰিছিল। সেই প্ৰতিষ্ঠানটোও এতিয়া বন্ধ। আৰক্ষীয়ে স্বামীৰ মৃতদেহৰ কাষত এটা পিষ্টল উদ্ধাৰ কৰিছে। সেই পিষ্টলেৰেই পত্নী, জীয়াৰীক হত্যা কৰি নিজেও আত্মহনন কৰিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *