আম্বানী পুত্ৰৰ বিয়াত নাচিব আলিয়া-ৰণবীৰে, আৰম্ভ অনুশীলন, এই নৃত্যৰ বাবে কিমান পাৰিশ্ৰমিক লাভ কৰিব আলিয়া-ৰণবীৰে?

আম্বানী পুত্ৰৰ বিয়াত নাচিব আলিয়া-ৰণবীৰে, আৰম্ভ অনুশীলন, এই নৃত্যৰ বাবে কিমান পাৰিশ্ৰমিক লাভ কৰিব আলিয়া-ৰণবীৰে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- আম্বানীৰ সৈতে কাপুৰ পৰিয়ালৰ খুবেই সু-সম্পৰ্ক। মুকেশ-নীতাৰ যিকোনো অনুষ্ঠানতেই দেখা যায় ৰণবীৰ-আলিয়া লগতে নীতু কাপুৰকো। পূজা হওক নতুবা বিয়াৰ অনুষ্ঠান, সকলোবোৰতেই পৰিয়ালৰ সদস্যৰ দৰেই কাপুৰ পৰিয়াল উপস্থিত থাকে। এইবাৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহৰ অনুষ্ঠানত বিশেষ নৃত্য প্ৰদৰ্শনৰ বাবে সাঁজু হৈছে বি টাউনৰ এই পাৱাৰ যুঁটি।

শনিবাৰে সন্ধিয়া মুম্বাইৰ বিমানবন্দৰত একেলগে দেখা গৈছে ৰণবীৰ আলিয়াক। পিতৃ ৰণবীৰৰ কোলাত দেখা গৈছে তেওঁলোকৰ কন্যাকো। ৰণবীৰ-আলিয়াৰ গন্তব্যস্থান হৈছে গুজৰাটৰ জামনগৰ। গুজৰাটৰ সেই স্থানতেই অনন্ত ৰাধিকাৰ বিবাহত নৃত্য কৰিবৰ বাবে প্ৰেকটিছ কৰিছে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট্টে। অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়া মাৰ্চ মাহত। ১ৰ পৰা ৩ তাৰিখলৈকে তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে বিবাহৰ অনুষ্ঠান। জামনগৰৰ ৰিয়ালেন্স গ্ৰিনছত আয়োজিত হ’ব বিবাহৰ অনুষ্ঠান।

২০২৩চনৰ জানুৱাৰীত মুম্বাইত অনুষ্ঠিত হৈছিল অনন্ত-ৰাধিকাৰ বিবাহৰ অনুষ্ঠান। এইবাৰ অৱশ্যে বিবাহৰ অনুষ্ঠান গুজৰাটত পতাৰ সিদ্ধান্ত লৈছে আম্বানী পৰিয়ালে। আম্বানীৰ কনিষ্ঠ পুত্ৰৰ বিবাহৰ অনুষ্ঠানতেই নৃত্য পৰিবেশন কৰিব ৰণবীৰ আলিয়াই। এই অনুষ্ঠানৰ বাবেই এমাহ পূৰ্বৰে পৰা অনুশীলন আৰম্ভ কৰিছে তাৰকা দম্পত্তিয়ে। বলীউড এক সূত্ৰৰ খবৰ অনুসৰি এই নৃত্যৰ বাবে তেওঁলোকক বিশেষ পাৰিশ্ৰমিকো দিয়া হ’ব। অৱশ্যে তেওঁলোকক কিমান লাখ পাৰিশ্ৰমিক দিয়া হ’ব সেই সম্পৰ্কে এতিয়াও স্পষ্ট নহয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *