বিশ্বজুৰি চলিছে কৃত্ৰিম বুদ্ধিমত্তাৰ চৰ্চা! সকলোৰে চাকৰি কাঢ়িলেও এটা ক্ষেত্ৰৰ লোক নিচিন্ত থাকক, AIয়ে কাহানিও চাকৰি কাঢ়িব নোৱাৰে এই ইণ্ডাষ্ট্ৰিৰ

বিশ্বজুৰি চলিছে কৃত্ৰিম বুদ্ধিমত্তাৰ চৰ্চা! সকলোৰে চাকৰি কাঢ়িলেও এটা ক্ষেত্ৰৰ লোক নিচিন্ত থাকক, AIয়ে কাহানিও চাকৰি কাঢ়িব নোৱাৰে এই ইণ্ডাষ্ট্ৰিৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- এই মুহূৰ্তত কৃত্ৰিম বুদ্ধিমত্তাৰ(AI) দক্ষতাক লৈ সমগ্ৰ বিশ্বতে চৰ্চা চলিছে৷ বিজ্ঞানীয়ে দাবী কৰামতে শীঘ্ৰেই মানুহৰ ঠাই দখল কৰিব কৃত্ৰিম ৰবটে৷ কাম হেৰুৱাব লাখ লাখ মানুহে৷ এই প্ৰযুক্তিয়ে টোপনি কাঢ়িছে বহুলোকৰেই৷ বিশেষজ্ঞসকলৰ মতে AI অহাৰ পাছতেই অধিবক্তা, অৰ্থনীতিবিদ, লেখক, প্ৰশাসনিক কৰ্মীসকলৰ চাকৰিলৈ সংকট আহিব৷ এনে কোনো কাম নাই যি কাম AIয়ে কৰিব নোৱাৰে৷ কিন্তু এই সকলোবোৰ পাৰিলেও AIয়ে কৰিব নোৱাৰিক এটা কাম৷ এই ক্ষেত্ৰতেই ব্যৰ্থ হ’ব কৃত্ৰিম বুদ্ধিমত্তা৷ সেয়া হৈছে ধৰ্ম৷ এই ক্ষেত্ৰত নিযুক্ত হৈ থকা লোকসকলৰ চাকৰি খোৱাৰ ক্ষমতা AIৰ নাই৷ সাম্প্ৰতিক সময়ত চলা এক গৱেষণাত পোহৰলৈ আহিছে এই তথ্য৷

ধৰ্মক ইণ্ডাষ্ট্ৰী ক’লে ভুল হ’ব৷ কিন্তু প্ৰতিটো ধৰ্মীয় কাম কাজ পৰিচালনাৰ বাবেই বিশেষ সংস্থা থাকে৷ এই সংস্থাৰ অধীনত কাম কৰি থাকে বহুলোকে৷ মানুহৰ বাবে এই সেৱাত নিযুক্ত হৈ থাকে বহু ব্যক্তি৷ তেঁওলোকে এই কামৰ জৰিয়তেই পৰিয়াল পোহপাল দিয়ে৷ বিশ্বৰ একাধিক ইণ্ডাষ্ট্ৰী দখল কৰিলেও এই ক্ষেত্ৰ দখল কৰাৰ সাধ্য নাই AIৰ বুলি গৱেষণাত প্ৰকাশ পাইছে৷

ৰবট পুৰোহিত বা কৃত্ৰিম ধৰ্মীয় প্ৰচাৰক হ’ব নোৱাৰে!
AIয়ে যদি ধৰ্মীয় কামত অংশগ্ৰহণ কৰে তেন্তে মানুহে ধৰ্মৰ ওপৰতেই আস্থা হেৰুৱাই পেলাব৷ এই প্ৰশ্নকেই তুলিছে বিশেষজ্ঞসকলে৷ সম্প্ৰতি এটা ঘটনাত দেখা গৈছে যে য’ত পুৰোহিত নাথাকে তাত AIৰ পুৰোহিতৰ তত্ত্বাবধানত বিয়া কৰাব পাৰিব দম্পত্তিয়ে৷ এই বিষয়টোক লৈ তুমুল বিতৰ্কও চলিছিল৷ অধিকাংশৰেই মত, ধৰ্মত AIৰ ব্যৱহাৰে বিশ্বাসযোগ্যতা ভংগ কৰিব৷ জাপানৰ কিয়োটোত থকা জি-বৌদ্ধ মন্দিৰত মিণ্ডাৰ নামৰ এটা ৰবট আনিছে৷ সেই ৰবট দেখাত অবিকল মানুহ৷ ধৰ্ম প্ৰচাৰৰ বাবেই অনা হৈছে এই ৰবট৷ এই ৰবটে ধৰ্মৰ বাণী কেনেদৰে বিলাই তাকে চাবলৈকে বিশেষ বৌদ্ধ মন্দিৰটোত ভিৰ কৰে সাধাৰণ জনতাই৷ এই ৰবট তৈয়াৰৰ নামত প্ৰায় ১০ লাখ ডলাৰ খৰচ হৈছে৷

সকলোবোৰ ঠিকেঠাকে আগবাঢ়িলেও ৰবটক চাবলৈ আহিলেও কিন্তু ৰবটৰ সৈতে প্ৰাৰ্থনা কৰি সন্তুষ্ট নহয় একাংশ ভক্ত৷ তেওঁলোকে পূৰ্বৰ তুলনাত অনুদাৰো কমকৈ দিবলৈ লৈছে৷ ইতিমধ্যেই কৃত্ৰিম বুদ্ধিমত্তাই বিশ্বত খলকনি তুলিলেও ধৰ্মৰ নামত ইয়াক ব্যৱহাৰ কৰা ইমান সোনকালে সম্ভৱ হৈ নুঠিব বুলি জনাইছে বিশেষজ্ঞৰ দলে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *