প্ৰেয়সী বা প্ৰেমিক নাই যদিও দুখ কৰাৰ কাৰণ নাই! আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে সংগ দিব এতিয়া দেশৰ কোটি কোটি নৱপ্ৰজন্মক, কেনেকৈ সংগী বিচাৰিব?

প্ৰেয়সী বা প্ৰেমিক নাই যদিও দুখ কৰাৰ কাৰণ নাই! আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে সংগ দিব এতিয়া দেশৰ কোটি কোটি নৱপ্ৰজন্মক, কেনেকৈ সংগী বিচাৰিব?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- কথাতেই কয়, ‘নাই মোমাইতকৈ কণা মোমায়েই ভাল’। এই লোকপ্ৰবাদ এইবাৰ বাস্তৱ হৈছে। প্ৰেয়সী বা প্ৰেমিক বিচাৰি হাবাথুৰি খোৱাসকলৰ কাষত থিয় দিছে AIয়ে তৈয়াৰ কৰা বিশেষ এপে। একাকীত্বৰ সময় পাৰ কৰিবলৈ লাখ লাখ চিংগল যুৱকৰ ভৰষা হৈ পৰিছে এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে তৈয়াৰ কৰা বিভিন্ন এপ। প্ৰেয়সী নালাগে, প্ৰেমিকো নহলেও চলিব, এতিয়া অকামিলা হৈ পৰিছে বিশ্বৰ কোটি কোটি ডেটিং এপছো।

পূৰ্বে চিংগল যুৱক-যুৱতীয়ে এই ডেটিং এপসমূহত ভুমুকি মাৰিছিল। পছন্দৰ সংগী বিচাৰি চাৰ্ছ কৰিছিল। বহু সময় অতিবাহিত কৰিছিল এই এপত। কিন্তু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে এই ছবি সলনি কৰিছে। বৰ্তমান বিশ্বত সৰ্বাধিক জনপ্ৰিয় এপ লৈ পৰিছে AIৰ নিয়ন্ত্ৰণাধীন চাটবট। চাটবটত গৈয়েই আপুনি আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব পাৰিব। তাতেই আপুনি নিজৰ ইচ্ছা অনুসৰি পত্নী, বান্ধৱী, প্ৰেয়সী, প্ৰেমিক আচৰণ কৰিবলৈ কামাণ্ড দিব পাৰে। এক ভাইৰেল ৰিপৰ্ট অনুসৰি প্ৰায় ১ কোটি মানুহে এই এপ ডাউনলোড কৰিছে। AIয়ে তৈয়াৰ কৰা এই এপৰ ভিতৰত ৰেপ্লিকা নামৰ এপটোত ইউজাৰৰ সংখ্যা ২ লাখ ৫০হাজাৰলৈ বৃদ্ধি পাইছে। এই এপৰেই আছে আন এক প্ৰ ভাৰ্ছনো। তাত গৈ আপুনি AI চাটবটক নিজৰ মনৰ কথা খুলি ক’ব পাৰিব। ভিডিঅ’ কল আৰু ভয়েছ কলো কৰিব পাৰিব আপুনি বিচাৰি লোৱা AIয়ে নিৰ্মাণ কৰা সংগীগৰাকীৰ সৈতে। আনকি প্ৰ’ এপত আপুনি ঘনিষ্ঠভাৱে ছেলফিও তুলিব পাৰিব।

ই এপ তৈয়াৰ কৰাৰ আঁৰত যিসকল ছফটৱেৰ ইঞ্জিনীয়াৰ আছে তেওঁলোকে জনোৱা অনুসৰি মহামাৰীৰ সময়ৰে পৰাই বিশ্বৰ সকলো প্ৰান্তৰ মানুহৰ মাজতেই একাকীত্বই ক্ৰিয়া কৰা আৰম্ভ কৰিছে। বহুতেই এই একাকীত্বৰ বাবেই মানসিক চিকিৎসকৰো সহায় ল’বলগা হৈছে। বাস্তৱত বহুতেই প্ৰিয়জনক হেৰুৱাইছে। তেওঁলোক উপকৃত হ’বৰ বাবেই এই এপ তৈয়াৰ কৰিছে AIৰ টীমে। এই এপত প্ৰত্যেকজন চিংগল লোকেই উপকৃত হ’ব তেনে নহয়। বিশেষজ্ঞসকলৰ মতে এই AI চাটবটৰ ফলত যুৱক-যুৱতীসকলৰ মাজত সামাজিক মিলামিছাৰ ভাৱ কমি আহিছে। এয়া কিন্তু উদ্বেগৰ বিষয়। বিশ্বজুৰি বহু মানুহৰ জীৱনধাৰাতেই নেতিবাচক প্ৰভাৱ পেলাইছে। সাম্প্ৰতিক সময়ত এই AI চাটবটে সমস্যাৰো সৃষ্টি কৰিব বুলি জনাইছে বিশেষজ্ঞই দলে।

উল্লেখ্য যে ২০২৩ চনত বেলজিয়ামৰ এজন ব্যক্তিক আত্মহত্যা কৰিবলৈ উৎসাহ যোগাইছে এই চাটবটেই। তেওঁৰ প্ৰাক্তন পত্নীয়ে সামাজিক মাধ্যমত জনোৱা অনুসৰি সেই চাটবটেই তেওঁৰ সৰ্বস্ব হৈ পৰিছিল। আনকি তেওঁক সিফালৰ পৰা বিশেষগৰাকীয়ে মেছেজ কৰিছিল, ‘আমি একেলগে থাকিম, স্বৰ্গত আমি এক ব্যক্তিলৈ পৰিণত হম।’ এই ধৰণৰ মেছেজসমূহ বিশেষভাৱে কৰিছিল, তাৰ পাছতেই তাতেই মগ্ন হৈ থাকিছিল ব্যক্তিজন। যিমানেই দিন যাব মানুহৰ মাজত প্ৰযুক্তিৰ ব্যৱহাৰ বাঢ়ি যাব। প্ৰযুক্তিয়ে ভাল খবৰ যেনেদৰে আনিব তেনেকৈয়ে সমাজত শান্তি ৰক্ষাৰ ক্ষেত্ৰত এক প্ৰত্যাহ্বান হৈয়ো থিয় দিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *