বিগ বিৰ নতুন ঠিকনা অযোধ্যা! ৰাম মন্দিৰৰ নিচেই কাষত মাটি কিনিলে অমিতাভ বচ্চনে, মাটিৰ দাম কিমান জানেনে?

বিগ বিৰ নতুন ঠিকনা অযোধ্যা! ৰাম মন্দিৰৰ নিচেই কাষত মাটি কিনিলে অমিতাভ বচ্চনে, মাটিৰ দাম কিমান জানেনে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ২২ জানুৱাৰীলৈ এতিয়া ভাৰতবাসীয়ে আগ্ৰহেৰে অপেক্ষা কৰিছে। ৰামমন্দিৰ উদ্বোধন হ’ব। সমগ্ৰ অযোধ্যা ন’ ৰূপত সজাই তোলা হৈছে। দেশৰ বহু চেলিব্ৰিটিয়ে এই উদ্বোধনী অনুষ্ঠানত ভাগ ল’ব। প্ৰধানমন্ত্ৰী মোদীৰ হাতেৰে প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰামৰ। মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে দেশ-বিদেশৰ বহু ৰামভক্ত ইতিমধ্যে অযোধ্যালৈ আহিছে।

সাধাৰণ ভক্তৰ ওপৰিও ৰামমন্দিৰ উদ্বোধনৰ দিনা একাংশ বলীউড তাৰকাও উপস্থিত থাকিব অযোধ্যাত। সেই তালিকাত আছে অমিতাভ বচ্চন, অনুপম খেৰ, আলিয়া ভাট্ট, ৰণবীৰ কাপূৰ, অক্ষয় কুমাৰ, মাধুৰী দীক্ষিতসহ বহু তাৰকা। ৰামমন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ পূৰ্ণ প্ৰস্তুতি চলি থকাৰ সময়তে সৰযূ নদীৰ পাৰত মাটি ক্ৰয় কৰিছে অমিতাভ বচ্চনে। দ্যা সৰযূ প্ৰজেক্টত মাটি ক্ৰয় কৰিছে বলীউডৰ বিগবীয়ে। অযোধ্যাতেই নিজা ঘৰ নিৰ্মাণ কৰিব অভিনেতা অমিতাভ বচ্চনে বুলিও এক সূত্ৰই প্ৰকাশ কৰিছে। তেওঁ মাটি ক্ৰয় সন্দৰ্ভত দিয়া ভাষ্যত কয় যে, অযোধ্যাৰ সৈতে তেওঁৰ আৱেগিক আৰু আধ্যাত্মিক সংযোগ আছে। ঐতিহ্য আৰু আধুনিকতাৰ সহাবস্তান অযোধ্যাত দেখা যায়। কেৱল সেয়াই নহয়। এই স্থানক অমিতাভ বচ্চনে গ্লৱেল স্পিৰিছুয়েল কেপিটেল নামেৰেও আখ্যা দিছে। ভাইৰেল খবৰ অনুসৰি ১৪ কোটি টকাত সেই মাটি ক্ৰয় কৰিছে বিগ বিয়ে। তাতেই নিজা এখন ঘৰো নিৰ্মাণৰ পৰিকল্পনা কৰিছে বিগ বিয়ে। তেওঁ ক্ৰয় কৰা মাটিৰ দৈৰ্ঘ্য হৈছে প্ৰায় ১০০০০ বৰ্গফুট।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *