সুশান্তই জীৱনৰ শেষ মুহূৰ্তলৈকে কটোৱা বান্দ্ৰাৰ সেই ফ্লেট অৱশেষত বিক্ৰি হ’ল। কোনে ক্ৰয় কৰিলে সেই ফ্লেট?

সুশান্তই জীৱনৰ শেষ মুহূৰ্তলৈকে কটোৱা বান্দ্ৰাৰ সেই ফ্লেট অৱশেষত বিক্ৰি হ’ল। কোনে ক্ৰয় কৰিলে সেই ফ্লেট?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- আদা শৰ্মা বৰ্তমান বলীউড অভিনেত্ৰীসকলৰ ভিতৰত সৰ্বাধিক চৰ্চিত এগৰাকী অভিনেত্ৰী। ‘দ্যা কেৰালা ষ্টৰী’ৰ পৰা বেছ জনপ্ৰিয় হৈ পৰিছে আদা। দীৰ্ঘসময় ধৰি বলীউডত সংগ্ৰাম চলাইছিল আদা শৰ্মাই। কাম নাপায় হতাশাত ভূগি বলীউড ত্যাগ কৰাৰ কথা চিন্তা কৰাৰ সময়তে আদা শৰ্মাই অফাৰ পালে এখন চিনেমাৰ। সেই চিনেমাই সলাই পেলালে আদা শৰ্মাৰ ভাগ্য।

মুম্বাই এৰিব খোজা আদাই এইবাৰ মুম্বাইত স্থায়ী কৰিলে নিজা ঠিকনা। নিজাকৈ ফ্লেট ক্ৰয় কৰিছে আদাই। আদাই ফ্লেট ক্ৰয় কৰাৰ খবৰতকৈ এই খবৰে চৰ্চা লাভ কৰাৰ বিশেষ কাৰণো আছে। আদা শৰ্মাই ক্ৰয় কৰিছে সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰাৰ বান্দ্ৰাৰ সেই বিশেষ ফ্লেটটোৱেই। য’ত সুশান্তই জীৱনৰ শেষ দিনটোলৈকে কটাইছিল। সেই ফ্লেটেই ক্ৰয় কৰিছে আদাই।

২০২০ চনত জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰিছিল। মুম্বাইৰ অভিজাত এলেকা বান্দ্ৰাৰ সমূদ্ৰতীৰত থকা মণ্ট ব্লেংক ফ্লেটত ভাড়াত আছিল সুশান্ত। মৃত্যু পৰ্যন্ত সেই ভাড়াঘৰতেই আছিল সুশান্ত। বান্দ্ৰাৰ সেই গৃহৰ পৰা সুশান্তৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত বিগত তিনিবছৰে কোনোৱে সেই ফ্লেট ক্ৰয় কৰিবলৈ সাহস গোটাব পৰা নাছিল। আনকি ফ্লেটৰ গৰাকীয়েও সেই ফ্লেট ভাড়া দিবলৈ গ্ৰাহক নাপায় বিজ্ঞাপন দিব লগা হৈছিল।

সুশান্তই আত্মহত্যা কৰাৰ বাবেই সেই গৃহটোৰ দৰ কমি গৈছিল। বহুতেই তেনে ঘৰ অশুভ বুলি ধাৰণা কৰে। সুশান্তই প্ৰায় ৪ লাখ ৫০ হাজাৰ টকাৰ বিনিময়ত সেই ঘৰটো ভাড়াত লৈছিল। ৩৬০০ বৰ্গফুটৰ সেই ফ্লেটটো অৱশেষত ক্ৰয় কৰিলে আদাই বুলি বলীউডৰ এক সূত্ৰই প্ৰকাশ কৰিছে। কিমান ধনৰ বিনিময়ত আদা শৰ্মাই ফ্লেটটো লৈছে সেই সম্পৰ্কে এতিয়াও কোনো স্পষ্ট তথ্য প্ৰকাশ হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *