২.৩৬ লাখ টকাত বিক্ৰী মাত্ৰ ৯ টা নেমু…!

২.৩৬ লাখ টকাত বিক্ৰী মাত্ৰ ৯ টা নেমু…!

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

২.৩৬ লাখ টকাত বিক্ৰী মাত্ৰ ৯ টা নেমু…!

বিশ্বাস কৰিবলৈ টান হলেও সম্পূৰ্ণ সত্য। ২.৩৬ লাখ টকাত বিক্ৰী মাত্ৰ ৯ টা নেমু। যি নেমু হয়তো আপোনাৰ ঘৰৰ ওচৰৰ বজাৰত ১০ টকাত দুটা লাভ কৰিব। সেই নেমু ৯ টা বিক্ৰী লাখ টকাত।

এয়া কোনো আলৌকিক নহয় বা কোনো বিশেষ নেমু নহয়। একেবাৰে সাধাৰণ নেমুৱে এই ৯ টা। পাছে ইয়াৰ ইমান মূল্য হোৱাৰ মূলতে হ’ল এটা মন্দিৰ।

তামিলনাডুৰ বিল্লুপুৰম মন্দিৰত ভগৱানৰ সমুখত থকা খুটিত নেমু আগবঢ়োৱা হয়। পাছত সেই নেমু ভক্তৰ বাবে দি দিয়া হয়। অৱশ্যে এনেই নিদিয়ে সেই নেমুৰ নিলাম হয়। আৰু নিলামত পোৱা টকা মন্দিৰৰ কামত লগোৱা হয়।

এই মন্দিৰটো তামিলনাডুৰ এখন পাহাৰৰ ওপৰত থকা এটা সৰু মন্দিৰ। পাছে এই সৰু মন্দিৰটোতে বহু নিঃসন্তান ভক্তৰ আগমণ হয়। সেই মন্দিৰটোতেই প্ৰতিবছৰে হোলী পূৰ্ণিমাৰ সময়ত এক উৎসৱৰ আয়োজন হয়।

সেই উৎসৱতেই ভগৱানৰ সমুখত নেমু আগবঢ়োৱা হয়। যি পাছত নিঃসন্তান দম্পতিয়ে নিলামৰ জড়িয়তে ক্ৰয় কৰে। মান্যতা অনুসৰি সেই নেমু খালে নিঃসন্তানে সন্তান প্ৰাপ্ত কৰে। যাৰ বাবেই হেতাওপৰা লাগে সেই নেমু ক্ৰয়ৰ বাবে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *