নিশা সদায়েই জ্বৰ উঠে? জ্বৰক ভুলতো উপেক্ষা নকৰিব, জানি থওক এয়া কি কি ৰোগৰ লক্ষণ

নিশা সদায়েই জ্বৰ উঠে? জ্বৰক ভুলতো উপেক্ষা নকৰিব, জানি থওক এয়া কি কি ৰোগৰ লক্ষণ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- বহুসময়ত বহুলোকৰ কেৱল নিশাহে জ্বৰ আহে। দিনত কিন্তু হঠাৎ সুস্থ হৈ পৰে। অথচ নিশা হ’লেই জ্বৰ উঠে। নিশা টোপনি নোহোৱাৰ বাবে দিনটোৱেই ক্লান্তবোধ কৰে। মানুহে সাধাৰণতে জ্বৰৰ বিষয়টোক সাধাৰণ বিষয় হিচাপে লওঁ। কিন্তু এই বিষয়টোক কেতিয়াও সাধাৰণভাৱে ল’ব নালাগে। জ্বৰ সাধাৰণতে কোনো ৰোগ নহয় যদিও ই অইন বিভিন্ন ৰোগৰহে লক্ষণ। নিশা জ্বৰ হোৱাৰ কাৰণ কি কি?

বাহ্যিক পাইৰোগেনছ
পাইৰোগেনসমূহ হৈছে এণ্ডোটক্সিনৰ দৰে জীৱানু। এই পাইৰোগেনসমূহে বাহিৰৰ পৰা আপোনাৰ শৰীৰত প্ৰৱেশ কৰে। ফলত নিশা নিশা জ্বৰ হয়।
বেক্টেৰিয়া সংক্ৰমণ- বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলতো নিশা নিশা জ্বৰ হয়। বেক্টেৰীয়াৰ আক্ৰমণৰ কাৰণে এণ্ডোকাৰ্ডাইটিছ, যক্ষ্মা হ’ব পাৰে। যাৰ ফলত আপোনাৰ জ্বৰ হ’ব পাৰে।ষ্ট্ৰেছ- কেতিয়াবা কেতিয়াবা ষ্ট্ৰেছ আৰু ক্লান্তিৰ বাবেও নিশা জ্বৰ হয়। চাপৰ পৰা নিজকে আঁতৰাই ৰাখক। শাৰীৰিক সামৰ্থ্য অনুযায়ীহে কাম কৰিব।

মূত্ৰনলীৰ সংক্ৰমণ- মূত্ৰনলীৰ সংক্ৰমণ হ’লেও জ্বৰ হ’ব পাৰে। মূত্ৰনলীৰ সংক্ৰমণৰ সমস্যা হ’লেও সঘনাই জ্বৰ হৈ থাকে।

এলাৰ্জী- এলাৰ্জী হ’লেও নিশা জ্বৰ হ’ব পাৰে। কিছু ঔষধৰ পৰাও এলাৰ্জী হ’ব পাৰে। সেয়ে চিকিৎসকৰ পৰামৰ্শ লওক।

ছালৰ সংক্ৰমণ- ছালৰ সংক্ৰমণতো নিশা জ্বৰ হ’ব পাৰে। যেতিয়া কোনো ব্যক্তিৰ দীৰ্ঘ সময় ধৰি ছালৰ সংক্ৰমণৰ সমস্যা থাকে, তেন্তে নিশা জ্বৰ হোৱাৰ সম্ভাৱনা থাকে।

শ্বাসযন্ত্ৰৰ সংক্ৰমণ- ডিঙিৰ বিষ, ছৰ্দি-কাঁহৰ পৰাও জ্বৰ হ’ব পাৰে। কেইবাদিনৰ ভিতৰত এই সমস্যা নিৰাময় হ’লে লগে লগে জ্বৰো কমি যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *