অসমীয়াৰ সাত বিহু, কোনদিনা কি বিহু পালন কৰা হয় জানেনে?

অসমীয়াৰ সাত বিহু, কোনদিনা কি বিহু পালন কৰা হয় জানেনে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- আজি মানুহ বিহু। অৰ্থাৎ ১ ব’হাগ। ১ বহাগৰ দিনটো মানুহ বিহু হিচাপে পালন কৰা হয়। গৰু বিহু বা মানুহ বিহুতেই ব’হাগ বিহু শেষ হয় তেনে নহয়। ব’হাগৰ প্ৰথম ৭টা দিন অসমীয়াই পালন কৰে। প্ৰথম ৭টা দিনত কেতিয়া কি বিহু পালন কৰে অসমীয়াই?

গৰু বিহু

চ’তৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ বিহুৰ প্ৰথম দিনটোতে গৰু বিহু পালন কৰা হয়।সৰ্বজনবিদিত যে, অসমীয়া সমাজত গৰুক ‘গো-লক্ষ্মী’ বুলি জ্ঞান কৰা হয়।সেয়ে গৰু বিহু দিনা ৰাতিপুৱা গৰুক মাহ-হালধীৰে নোঁৱাই সমীপৰ নৈ-পুখুৰী অথবা বিললৈ নি গা ধুৱাই লাউ, বেঙেনা, হালধী, থেকেৰা, কেৰেলা আদিৰে তৈয়াৰ কৰা ‘চাট’ ‘লাও খা বেঙেনা খা, বছৰে বছৰে বাঢি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু’ বুলি গালৈ দলিয়াই গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰা হয়। সন্ধিয়া ঘৰলৈ ঘূৰি অহাৰ পাছত মাখিয়তী পাতৰে ‘মাখিয়তী মাখিপাত মাখি মাৰো জাক-জাক’ বুলি গাই গৰুক বিছি দিয়া হয় আৰু পিঠা-পনা খাবলৈ দি নতুন পঘাৰে বন্ধা হয়।

মানুহ বিহু

গৰু বিহুৰ পাছদিনা অৰ্থাৎ পহিলা বহাগৰ দিনা মানুহৰ বিহু পালন কৰা হয়। মানুহৰ বিহুত ৰাতিপুৱাই সকলোৱে গা-পা ধুই সৰুৱে ডাঙৰক সেৱা কৰি আৰ্শীবাদ লয়।মানুহ বিহুৰ দিনা সকলোৱে নতুন কাপোৰ পিন্ধি ইজনে-সিজনক বিহুৱান উপহাৰ দিয়ে।

গোঁসাই বিহু

ৰঙালী বিহুৰ তৃতীয় দিনা গোঁসাই বিহু পালন কৰা হয়। সেইদিনা ভগৱানক স্তুতি কৰি বছৰটোৰ বাবে সকলোৰে মংগল কামনা কৰা হয়।

তাঁতৰ বিহু 

অসমীয়া জাতিৰ জনজীৱনৰ আদৰৰ সম্পদ তাঁতশাল।অসমীয়া শিপীনীয়ে হেনো তাঁত শালতে সপোন ৰচে।দৈনন্দিন জীৱনত ব্যৱহৃত সাজ-পাৰসমূহ শিপীনীসকলে ঘৰতে তৈয়াৰ কৰি লয়।এই তাঁতশালখনক মৰ্যদা প্ৰদানৰেই এই দিনটোত অসমীয়াসকলে তাঁতৰ বিহু হিচাপে পালন কৰে।

নাঙলৰ বিহু

মূলত কৃষি-কৰ্মতেই নিৰ্ভৰশীল অসমীয়াৰ অন্যতম এপদ সম্পদ নাঙল।সেয়েহে কৃষিকৰ্মক  প্ৰাধান্য দি বিহুৰ পঞ্চম দিনা নাঙলৰ বিহু বুলি পালন কৰা হয়।

চেনেহী বা জীয়ৰী বিহু

বিহুৰ ষষ্ঠদিনা চেনেহী বা জীয়ৰী বিহু পালন কৰা হয়। এই বিহুত বিয়া দিয়া জীয়ৰী নিজৰ ঘৰলৈ আহে।সেয়েহে সেইদিনা ‘চেনেহী বা জীয়ৰী বিহু’।

চেৰা বিহু

সাত বিহুৰ শেষৰ দিনা চেৰা বিহু।এই বিহুক কোনো কোনোয়ে এৰা বিহু বুলিও কয়।এই বিহুত বহু আঞ্জাৰে ভাত আৰু ঠাই বিশেষে এশ এবিধ শাক খোৱাৰ নিয়ম আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *