কথাই কথাই সন্তানে তৰ্ক কৰে? এই ৫ উপায়েৰে সন্তানক সঠিক পথলৈ আনিব

কথাই কথাই সন্তানে তৰ্ক কৰে? এই ৫ উপায়েৰে সন্তানক সঠিক পথলৈ আনিব

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- সন্তানৰ সৈতে প্ৰত্যেক পিতৃ-মাতৃৰ সম্পৰ্ক মধুৰ হয়। কিন্তু প্ৰত্যেক সম্পৰ্কতেই সেই টান নাথাকে। বহু সন্তানৰ পিতৃৃ-মাতৃৰ সৈতে সম্পৰ্ক  কিন্তু সুমধুৰ নহয়। বিশেষকৈ সন্তানে কৈশোৰত ভৰি দিয়াৰ পাছতেই পিতৃ-মাতৃৰ সৈতে বহু কথাত মতবিৰোধ আহে। অভিভাৱকৰ কথা নামানি নিজৰ মতামত দিয়া আৰম্ভ কৰে। তেতিয়াই সৃষ্টি হয় সমস্য়াৰ। তৰ্ক-বিতৰ্কতো হয়েই কোনো কোনো সময়ত ঘৰত অশান্তিকৰ পৰিবেশেও দেখা দিয়ে।

আপোনাৰ সন্তানেও কৈশোৰত ভৰি দিয়াৰ পাছৰে পৰা আপোনাৰ সৈতে তৰ্ক-বিতৰ্কত লিপ্ত হৈছে নেকি? এই পৰিস্থিতিত আপুনিও সমানে তৰ্ক কৰিবনে তাক শিক্ষা দিব? সন্তানৰ সৈতে এই সময়ত কেনেকৈ বাৰ্তালাপ কৰিব?

তাৰ কথাবোৰ শুনক

আপোনাৰ সন্তান ডাঙৰ হৈছে, নিজা বিচাৰ বুদ্ধিও বাঢ়িছে। এই সময়ত তাৰ মতামতবোৰ শুনক। কথা শুনাৰ পাছতহে নিজা মতামত ৰাখক। সি তৰ্কত লিপ্ত হ’লেও আপুনি শান্ত হৈ থাকক। তেতিয়া চাব আপোনালোকৰ সম্পৰ্ক মজবুতেই হৈ আছে।

সমস্যা সমাধান সম্পৰ্কে বুজাওক

সন্তান এটাক ডাঙৰ কৰোতে প্ৰত্যেক পিতৃ-মাতৃয়ে নানান সমস্যাৰ মুখামুখি হয়। বয়ঃসন্ধিত তেওঁলোকৰ শৰীৰৰো নানান পৰিবৰ্তন আহে। এইসমূহ পৰিবৰ্তন সম্পৰ্কে পিতৃ-মাতৃয়ে গুৰুত্ব দিয়ক। এই সময়ত হৈ থকা পৰিবৰ্তন সমূহে শিশু এটাক কেতিয়াবা বিপথেও লৈ যায়। সেয়ে তাৰ সকলোবোৰ সমস্যাৰ সমাধান বুজাওক। সমস্যাৰ সমাধান থাকেই সেই কথা শিশুটোৰ ব্ৰেইনত সোমোৱাবলৈ চেষ্টা ৰাখক। সি নিশ্চয় বিপথে নাযায়।

আৱেগত লেকাম লগোৱা শিকাওক

কৈশোৰ কালত প্ৰত্যেকেই আৱেগপ্ৰৱণ হৈ উঠে। এই আৱেগপ্ৰৱণতা ভুল নহয়। বৰং এয়া জীৱনৰ এৰাব নোৱাৰা অংগ। এই সময় জীৱনক বুজিবলৈ আৰম্ভ কৰাৰ সময়। সেয়ে সন্তানক আৱেগপ্ৰৱণ হোৱাটোত বাধা দিয়াৰ সলনি তেনেকৈয়ে চলিবলৈ দিব। কেৱল নজৰ ৰাখক যে আৱেগপ্ৰৱণ হৈ সি নকৰিবলগীয়া কাম কৰিছে নেকি? খং নকৰিব। তাৰ সলনি ধীৰ-শান্ত স্বৰেৰে তাক কথাবোৰ বুজাওক। কান্দোনত ভাঙি পৰিলে ভৰসাৰ হাতখন কান্ধত ৰাখক। আপুনিয়েই তাৰ শ্ৰেষ্ঠ বন্ধু সেই কথাৰ উমান দিয়ক।

 মত নিমিলিব পাৰে

আপোনাৰ সৈতে সন্তানৰ মত নিমিলিব পাৰে। কিন্তু সেই বুলিয়ে আপুনি চিঞৰ-বাখৰ কৰি নিজৰ যুক্তিক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা নকৰিব। ধীৰ স্বৰেৰেই তাক বুজাবলৈ চেষ্টা ৰাখক। মনত ৰাখক আপোনাৰ ব্য়ৱহাৰকেই সি নজৰ দি আছে।

সন্তানৰ মত ইচ্ছা নাথাকিলেও মানি লওক

আপোনাৰ সন্তানে দিয়া যুক্তি মানি লওক। ইচ্ছা নাথাকিলেও মানি লওক। মানি নললেও দূৰত্ব আহিবই। সম্পৰ্ক সুস্থ ৰাখিবলৈ এই কাম কৰিবই।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *