খঙতো প্ৰেয়সীক নক’ব এই ৫কথা! ক’লেই বিচ্ছেদ খাটাং

খঙতো প্ৰেয়সীক নক’ব এই ৫কথা! ক’লেই বিচ্ছেদ খাটাং

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS-সম্পৰ্ক বচাই ৰাখিবলৈ হ’লে প্ৰেয়সীৰ সৈতে কথা-বাৰ্তা কৰোতে ভাৱি চিন্তি কথা কোৱাটো খুবেই গুৰুত্বপূৰ্ণ। বহু পুৰুষেই কিন্তু এই কথা খঙৰ সময়ত পাহৰি যায়। খঙতে হিতাহিত জ্ঞান হেৰুৱাই প্ৰেয়সীক নক’বলগীয়া কথাও কৈ দিয়ে। প্ৰেয়সীক বহু প্ৰেমিকেই কটূ কথা কোৱাৰ বাবে সম্পৰ্কত দূৰত্ব আহে। কথাৰ অপপ্ৰয়োগেই বিচ্ছেদৰ সিদ্ধান্তত উপনীত হ’বলৈকো বাধ্য় কৰায়। পৰিস্থিতি বেয়ালৈ ঢাল খোৱাৰ পূৰ্বেই পুৰুষে এই ৫কথা মনত ৰাখিবই।

পিতৃ-মাতৃক ধৰি কথা নক’ব

মহিলাসকলৰ মনত পিতৃ-মাতৃৰ প্ৰতি অপাৰ শ্ৰদ্ধা থাকে। সেয়ে ভুলতো প্ৰেয়সীৰ সন্মুখত পিতৃ-মাতৃক লৈ কটূ কথা নক’ব।  পিতৃ-মাতৃক লৈ কটূ কথা ক’লে এগৰাকী নাৰীয়ে কাহানিও সহ্য কৰিব নোৱাৰে। আপুনি কোমলকৈ গঢ়ি তোলা সুমধুৰ সম্পৰ্কত ক্ষণিকতে ফাট মেলিব পাৰে। সম্পৰ্কক আগুৱাই নিবলৈ হ’লে আপুনি ভুলতো প্ৰেয়সীৰ সন্মুখত তেওঁৰ পিতৃ-মাতৃক লৈ বেয়া কথা নক’ব।

তুমি কোনো কামৰ নহয়

মহিলাসকল সাধাৰণতে খুব কৰ্মঠ স্বভাৱৰ হয়। ঘৰৰ কাম, ইয়াৰোপৰি যিসকল মহিলাই চাকৰি কৰে তেওঁলোকৰ কাৰ্যালয়ৰ কাম থাকে। সকলো কামেই নাৰীয়ে সুচাৰুৰূপে কৰাত মনোযোগ দিয়ে। কিন্তু বহু পুৰুষেই মহিলাৰ কামক সন্মান কৰিব নাজানে। সেয়ে বহু প্ৰেমিকেই প্ৰেয়সীক খঙতে, ‘তুমি কোনো কামৰ নহয় বুলি কয়।’ এই কথাই সম্পৰ্ক একোটাক বেয়াৰ ফালে ঠেলি নিয়ে।

ব্ৰেকআপৰ ধমকি

ব্ৰেকআপৰ ধমকি দি বহু প্ৰেমিকে প্ৰেয়সীক প্ৰতাৰণা কৰে। কেতিয়াও এগৰাকী নাৰীক ব্ৰেকআপৰ ধমকি দি সম্পৰ্ক ভাল কৰিম বুলি নাভাৱিব। বৰং এগৰাকী নাৰীক আপুনি ভালপোৱাৰ কথাবোৰ বাখ্যা কৰক। তেওঁ নিজতকৈয়ো আপোনাৰ প্ৰতি আকুল হৈ উঠিব।

তুমি খুব বিৰক্তিকৰ

এগৰাকী নাৰীয়ে প্ৰেমিকৰ পৰা ভাল কথা শুনিব বিচাৰে। বহু পুৰুষেই এই বিষয়টো বুজিও বুজিব নোখোজে। তাৰ সলনি বহু পুৰুষে তেওঁৰ প্ৰেয়সীক বিৰক্তিকৰ বুলি মুখৰ ওপৰতেই কৈ পেলায়। প্ৰাণতকৈয়ো প্ৰিয় মানুহক কাহানিও এনে কটু বাক্য় কৈ নিদিব। তাৰপাছতেই নাৰীগৰাকীয়ে নিজকে পুৰুষজনৰ পৰা আঁতৰাই অনাৰ চেষ্টা কৰে।

প্ৰেয়সীৰ আত্মসন্মানত আঘাত নিদিব

বহু সময়ত পুৰুষে খঙতে প্ৰেয়সীৰ আত্মসন্মানত আঘাত দিয়া কথা কয়। আত্মসন্মানত আঘাত লাগিলে একোগৰাকী নাৰী খঙাল হৈ উঠে। লগে লগেই প্ৰেমিকৰ পৰা দূৰত্ব আনিবলৈ চেষ্টা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *