বাসন্তী দুৰ্গাপুজাৰ অষ্টমী, সৰ্বাৰ্থ সিদ্ধি যোগত সফলতা আহিব এই ৫ৰাশিৰ জাতকলৈ

বাসন্তী দুৰ্গাপুজাৰ অষ্টমী, সৰ্বাৰ্থ সিদ্ধি যোগত সফলতা আহিব এই ৫ৰাশিৰ জাতকলৈ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS-১৬ এপ্ৰিল ২০২৪ মঙলবাৰ পঞ্জিকা অনুসৰি চ’ত মাহৰ শুক্লপক্ষৰ অষ্টমী তিথি। চন্দ্ৰই কৰ্কট ৰাশিত বিৰাজ কৰিছে। ইয়াৰোপৰি আজি বাসন্তী দুৰ্গাপূজাৰ অষ্টমী তিথি। এই বাসন্তী পূজাক চ’ত নৱৰাত্ৰি বুলিও বহুতে কয়। নৱৰাত্ৰিৰ অষ্টমী তিথিত মহাগৌৰীৰ পূজা কৰা হয়। কেইবাটাও শুভ যোগৰ সৃষ্টি হ’ব এই সময়ত। এই শুভ যোগসমূহ হৈছে সৰ্বাৰ্থ সিদ্ধি যোগ আৰু ৰবি যোগ। ইয়াৰোপৰি  দিনজুৰি থাকিব পুষ্য নক্ষত্ৰৰ প্ৰভাৱ। ইয়াৰ ফলত আজিৰ দিনটোৰ গুৰুত্ব বিশেষভাৱে বৃদ্ধি পাইছে। জ্যোতিষ অনুসৰি মঙলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন। ইয়াৰোপৰি  বাসন্তী পূজা চলি থকাৰ বাবে মা দুৰ্গাৰো আশীৰ্বাদ এই সময়ত লাভ কৰিব। জ্য়োতিষবিদে জনোৱা অনুসৰি এইসমূহ শুভ যোগৰ কাৰণে দিনটো বেছ সুখকৰ হ’ব কেইটামান ৰাশিৰ জাতকৰ বাবে। মঙলবাৰে জ্যোতিষ গণনা অনুসৰি সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে।

বৃষ ৰাশি

১৬ এপ্ৰিল মা দুৰ্গাৰ আশীৰ্বাদত ভালকৈ দিনটো কটাব বৃষ ৰাশিৰ জাতকে। সৰ্বাৰ্থ সিদ্ধি যোগৰ শুভ প্ৰভাৱত কেৰিয়াৰত সাফল্য় লাভ কৰিব। চাকৰি সংক্ৰান্তীয় কোনো সুখবৰ পাব পাৰে। নতুন চাকৰি লাভৰো সম্ভাৱনা আছে। সামাজিক কামত অংশ লোৱাৰ বাবে সমাজত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব।

কন্যা ৰাশি

মঙলবাৰে বজৰংবলীৰ আশীৰ্বাদ লাভ কৰিব কন্য়া ৰাশিৰ জাতকে। আপুনি নিজৰ পছন্দৰ কোনো সামগ্ৰী ক্ৰয় কৰিব পাৰে। সংসাৰক কাইলৈ আনন্দৰ পৰিবেশ বৰ্তী থাকিব। বিৰোধীসকলৰ সৈতে কঠিন যুঁজৰ অন্তত জয়লাভ কৰিব। আইনী গোচৰ থাকিলে মুক্তিলাভ কৰিব। ব্যৱসায়ত  লাভ বাঢ়িব। স্বাস্থ্য় পূৰ্বতকৈ ভালে থাকিব।

বৃশ্চিক ৰাশি

পুষ্য নক্ষত্ৰৰ শুভ প্ৰভাৱত দিনটো ভালে যাব বৃশ্চিক ৰাশিৰ জাতকে। নতুন কোনো বন্ধু গঢ়িব পাৰে। কৰোবাত বিনিয়োগ কৰিলে মোটা অংকৰ ধন লাভৰো যোগ আছে। যিসকলে কৰ্মসূত্ৰে বাহিৰত থাকে তেওঁলোকৰ দীৰ্ঘদিনৰ ইচ্ছা পূৰণ হ’ব। পৰিয়ালত সুখ শান্তি ভৰপুৰ থাকিব। সংগীৰ সৈতে সম্পৰ্কৰ বান্ধোন মজবুত হ’ব।

মকৰ ৰাশি

ৰবি যোগৰ প্ৰভাৱত সকলো কামতে সাফল্য় লাভ কৰিব মকৰ ৰাশিৰ জাতকে। অৰ্থপ্ৰাপ্তি হ’ব অপোনাৰ। ইয়াৰ ফলত নিজৰ সঞ্চয়ৰ পৰিমাণো বেচ কিছু বৃদ্ধি পাব। মাতৃৰ সৈতে কোনো বিতৰ্ক থাকিলে দূৰ হ’ব। শত্ৰুৱে আপোনাৰ ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে। সন্তানৰ সৈতে সুখৰ সময় কটাব।

মীন ৰাশি

সৰ্বাৰ্থ সিদ্ধি যোগৰ শুভ প্ৰভাৱত মোটা ধন অৰ্জন কৰিব পাৰে মীন ৰাশিৰ জাতকে। উপাৰ্জন বঢ়াৰ যোগ আছে আপোনাৰ। স্বাস্থ্য ভাল। প্ৰেম জীৱনত কোনো সুখবৰ পাব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *