আৰম্ভ চ’ত নৱৰাত্ৰি, লক্ষ্মী-নাৰায়ণ যোগৰ প্ৰভাৱত সুখৰ সাগৰত ভাহিব এই ৫ৰাশি

আৰম্ভ চ’ত নৱৰাত্ৰি, লক্ষ্মী-নাৰায়ণ যোগৰ প্ৰভাৱত সুখৰ সাগৰত ভাহিব এই ৫ৰাশি

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

 NB NEWS- ৯ এপ্ৰিল ২০২৪ মঙলবাৰে মেষ ৰাশিত গোচৰ কৰিব চন্দ্ৰই। পঞ্জিকা অনুসৰি আজি চ’ত মাহৰ শুক্লপক্ষৰ প্ৰতিপদ তিথি। আজিৰে পৰা আৰম্ভ হৈছে বিক্ৰম সংবত ২০৮১। ইয়াৰোপৰি মঙলবাৰে থাকিব লক্ষ্মী নাৰায়ণ যোগ, সৰ্বাৰ্থ সিদ্ধি যোগ আৰু অমৃত সিদ্ধি যোগ। ইয়াৰোপৰি মঙলবাৰে থাকিব ৰেৱতী নক্ষত্ৰৰ প্ৰভাৱ।  ইয়াৰ ফলত হিন্দু নৱবৰ্ষৰ প্ৰথম দিনটোৰ গুৰুত্ব বিশেষভাৱে বৃদ্ধি পাইছে।

জ্য়োতিষ অনুসৰি মঙলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন। চ’ত নৱৰাত্ৰি আৰম্ভ হোৱাৰ এই সময়ত দেৱী দুৰ্গাৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ হয়। জ্যোতিষবিদসকলে জনোৱা অনুসৰি এইসমূহ শুভ যোগৰ কাৰণে কাইলৈ দিনটো বেছ লাভজনক হ’ব কেইটামান ৰাশিৰ জাতকৰ বাবে। মঙলবাৰে জ্যোতিষ গণনা অনুসৰি সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে।

মিথুন ৰাশি

ৰেৱতী নক্ষত্ৰৰ প্ৰভাৱত হিন্দু নৱবৰ্ষৰ প্ৰথম দিনটোত শুভ ফল লাভ কৰিব মিথুন ৰাশিৰ জাতকে। আজিৰ দিনটোত দাম্পত্য জীৱনত সুখ ভৰপুৰ হৈ থাকিব। দীৰ্ঘদিনৰ কোনো অসম্পূৰ্ণ কাম  সাফল্যৰ সৈতে আজিৰ দিনটোত সম্পন্ন হ’ব। নতুন কোনো কামত হাত দিব পাৰে মিথুন ৰাশিৰ জাতকে। কাংক্ষিত সাফল্য পাব পাৰে। শহুৰৰ ঘৰত সৈতে সম্পৰ্ক উন্নত হ’ব।

সিংহ ৰাশি

লক্ষ্মী নাৰায়ণ যোগৰ প্ৰভাৱত লাভৱান হ’ব সিংহ ৰাশিৰ জাতক। দেৱী দূৰ্গাৰ কৃপাত নৱৰাত্ৰিৰ প্ৰথম দিনাই জীৱনৰ সকলো সমস্যা দূৰ হ’ব। নতুন কোনো কাম আৰম্ভ কৰিলে সাফল্য লাভ কৰিব। সহকৰ্মীৰ সৈতে সম্পৰ্ক উন্নত হ’ব। ব্যৱসায়ত লাভ হ’ব। কোনো প্ৰভাৱশালী ব্যক্তিৰ সিংহ ৰাশিৰ জাতকৰ আলাপ হ’ব পাৰে।

কন্য়া ৰাশি

হিন্দু নৱবৰ্ষৰ প্ৰথম দিনটোতেই অমৃত সিদ্ধি যোগৰ সুফল লাভ কৰিব কন্যা ৰাশিৰ জাতকে। ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব আপোনাৰ। কেৰিয়াৰত সাফল্য় আহিব। যিসকলে ব্যৱসায় কৰিলে তেওঁলোক আৰ্থিকভাৱে লাভাম্বিত হ’ব। তুলা ৰাশিৰ জাতকে বিদেশ যাত্ৰাৰ কথা কথা ভাৱিলে এই সময় শুভ। পুৰণা কোনো সমস্যা দূৰ হ’ব।

মকৰ ৰাশি

মঙলবাৰে ৰেৱতী নক্ষত্ৰৰ শুভ প্ৰভাৱ লাভ কৰিব মকৰ ৰাশিৰ জাতকে। সৰ্বাৰ্থ সিদ্ধি যোগৰ প্ৰভাৱত দীৰ্ঘদিনে অসমাপ্ত হৈ থকা কাম সম্পন্ন হ’ব। চাকৰি বিচাৰি থকাসকলে নতুন কোনো কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ লাভ কৰিব। ব্যৱসায়ীসকলে ডাঙৰ কোনো চুক্তি স্বাক্ষৰ কৰিব পাৰে। সন্মান আৰু প্ৰতিপত্তি বাঢ়িব মকৰ ৰাশিৰ জাতকৰ।

 কুম্ভ ৰাশি

৯ এপ্ৰিল মঙলবাৰে লক্ষ্মী নাৰায়ণ যোগৰ প্ৰভাৱত মনৰ সকলো ইচ্ছা পূৰণ হ’ব কুম্ভ ৰাশিৰ জাতকৰ। আপোনাৰ আৰ্থিক অৱস্থাত উন্নতিৰ জোৱাৰ আহিব। যিসকলে বিদেশ যাত্ৰা কৰাৰ কথা ভাৱিছে তেওঁলোকো পৰিকল্পনাত সফল হ’ব। সংগীৰ সৈতে সুখৰ সময় কটাব কুম্ভ ৰাশিৰ জাতকে। কাৰ্যালয়ৰ পৰিবেশ অনুকূল থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *