কৃষ্ণা একাদশীত গজকেশৰী যোগ, এই ৫ ৰাশিক সকলো বিপদৰ পৰা ৰক্ষা কৰিব শনিয়ে

কৃষ্ণা একাদশীত গজকেশৰী যোগ, এই ৫ ৰাশিক সকলো বিপদৰ পৰা ৰক্ষা কৰিব শনিয়ে

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ৪ মে ২০২৪শনিবাৰে পঞ্জিতা অনুসৰি ব’হাগ মাহৰ কৃষ্ণ পক্ষৰ একাদশী তিথি৷ এই দিনটো বৰুথিনী একাদশী নামেৰেই পৰিচিত৷ চন্দ্ৰই কাইলৈ কুম্ভ ৰাশি ত্যাগ কৰি মীন ৰাশিত প্ৰৱেশ কৰিব৷ জ্যেতিষ গণনা অনুসৰি কাইলৈ গজকেশৰী যোগ আৰু ঐন্দ্ৰ যোগৰ সৃষ্টি হ’ব৷ শনিবাৰে থাকিব পূৰ্বভাদ্ৰপদ নক্ষত্ৰৰ প্ৰভাৱ৷ ইয়াৰ ফলত কাইলৈৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ হ’ব৷

হিন্দুধৰ্ম মতে শনিবাৰ হৈছে শনিৰ প্ৰিয় দিন৷ ইয়াৰোপৰি কাইলৈ একাদশী হোৱাত নাৰায়ণৰ কৃপা লাভ কৰাৰ বাবেও এই দিনটো উপযুক্ত৷ এই সকলো ৰাশিৰ জাতকে কাইলৈ নিজৰ আৰ্থিক অৱস্থাৰ উন্নতি ঘটাব পাৰিব৷ এইসমূহ শুভ যোগৰ প্ৰভাৱত কাইলৈ শনিবাৰে সৌভাগ্য লাভ কৰিব এই ৫ৰাশিৰ জাতকে৷ জানি থওক কি কৈছে জ্যোতিষবিদে৷

মেষ ৰাশি

৪মে লাভজনক হ’ব মেষ ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ নিজৰ খৰচ দূৰ হ’ব৷ সঞ্চয় কৰিব পাৰিব৷ শনিৰ আশীৰ্বাদত কাইলৈ আপোনাৰ আত্মবিশ্বাস বহু পৰিমানে বৃদ্ধি পাব৷ নিজৰ ব্যক্তিগত আৰু পেছাগত জীৱন সংক্ৰান্তিয় কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷ জীৱনত বেছ কিছু পজিটিভ পৰিবৰ্তন আহিব৷

সিংহ ৰাশি

কাইলৈ বৰুথিনী একাদশীত নাৰায়ণৰ আশীৰ্বাদ থাকিব সিংহ ৰাশিৰ জাতকৰ ওপৰত৷ ধৰ্মীয় কামৰ প্ৰতি কাইলৈ আগ্ৰহ বাঢ়িব৷ ধৰ্মীয় কামৰ প্ৰতি আগ্ৰহ বাঢ়িব৷ কাইলৈ আপুনি যি সিদ্ধান্ত ল’ব সেই সিদ্ধান্তই লাভজনক প্ৰমাণিত হ’ব৷ অতিৰিক্ত উপাৰ্জন কৰিব পাৰিব সিংহ ৰাশিৰ জাতকে৷ কেৰিয়াৰত উন্নতি কৰাৰ সুযোগ পাব৷ সিংহ ৰাশিৰ জাতকৰ দাম্পত্য জীৱনত প্ৰেম বাঢ়িব৷

বৃশ্চিক ৰাশি

৪মে শনিবাৰৰ দিনটো বৃশ্চিক ৰাশিৰ জাতকৰ বাবে উপকাৰী হ’ব৷ আপোনাৰ মনৰ কোনো দীৰ্ঘদিনীয়া সমস্যা দূৰ হ’ব৷ নিজৰ পাবলগীয়া ধন কাইলৈ লাভ কৰিব৷ পুৰণি কোনো বিনিয়োগৰ পৰা আৰ্থিক লাভ হ’ব পাৰে৷ বৃশ্চিক ৰাশিৰ জাতকৰ আৰ্থিক অৱস্থাৰ উন্নতি হ’ব৷

মকৰ ৰাশি

গজকেশৰী যোগৰ শুভ প্ৰভাৱত নিজৰ পৰিয়ালৰ সৈতে থকা সকলো সমস্যা দূৰ হ’ব৷ পূৰ্বে কৰোবাত বিনিয়োগ কৰিলে তাৰ পৰা আৰ্থিকভাৱে লাভৱান হ’ব৷ পূৰ্বৰ বিনিয়োগৰ পৰা কাইলৈ ভাল ৰিটাৰ্ণ লাভ কৰাৰ সম্ভাৱনা আছে৷ কোনো সমস্যা থাকিলে মুক্তি পাব৷ কোনো অতিৰিক্ত কামৰ দায়িত্ব লাভ কৰিব পাৰে৷

মীন ৰাশি

৪মেত ৰবি যোগৰ প্ৰভাৱত ভাগ্য খুলিব মীন ৰাশিৰ জাতকৰ৷ কাইলৈ দিনটো আপোনাৰ শুভ হ’ব৷ হঠাৎ অৰ্থলাভ হ’ব পাৰে৷ সমাজ সেৱামূলক কাম কৰাৰ ফলত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব মীন ৰাশিৰ জাতকৰ৷ কাইলৈ আপুনি যি কামতেই হাত দিয়ে তাতেই সফলতা পাব৷ আৰ্থিক পৰিস্থিতি উন্নত হ’ব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *