বৃহস্পতি আৰু শুক্ৰই সলাব স্থান! গ্ৰহৰ স্থান সলনিত উন্নতিৰ পথ মুকলি হ’ব এই ৫ ৰাশিৰ জাতকৰ

বৃহস্পতি আৰু শুক্ৰই সলাব স্থান! গ্ৰহৰ স্থান সলনিত উন্নতিৰ পথ মুকলি হ’ব এই ৫ ৰাশিৰ জাতকৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- বৈদিক জ্যোতিষ অনুসৰি আজি ৪ ছেপ্টেম্বৰ ২০২৩ সোমবাৰৰ দিনটো অত্যন্ত উল্লেখযোগ্য৷ কাৰণ সোমবাৰেই দুটা গ্ৰহই স্থান সলনি কৰিব৷ আজি সন্ধিয়া ৪ বাজি ৪৮ মিনিটত মেষ ৰাশিত প্ৰৱেশ কৰিব প্রধান গ্ৰহ বৃহস্পতিয়ে৷ আগন্তুক ৩১ ডিচেম্বৰ পৰ্যন্ত বৃহস্পতি গ্ৰহ মেষ ৰাশিতেই অৱস্থান কৰি থাকিব৷ বৃহস্পতিৰ এই যাত্ৰাই লাভৱান কৰিব কেইটামান ৰাশিক৷ ইয়াৰোপৰি আন এক গুৰুত্বপূৰ্ণ গ্ৰহ শুক্ৰইয়ো স্থান সলাব৷ প্ৰেম আৰু সৌন্দৰ্যক কাৰক গ্ৰহ শুক্ৰই ৬ বাজি ১৭ মিনিটত কৰ্কট ৰাশিত প্ৰৱেশ কৰিব৷ শুক্ৰৰ স্থান পৰিবৰ্তনে ভাগ্য সলনি কেইবাটাও ৰাশিৰ৷ গ্ৰহৰ স্থান সলনিয়ে কোনো ৰাশিক উপকৃত কৰিব?

মেষ ৰাশি
বৃহস্পতিয়ে স্থান সলনি কৰাৰ ফলত মেষ ৰাশিৰ জাতকৰ ভাগ্যৰ চকা ঘূৰিব৷ যি কামতেই হাতত নিদিয়ক কিয় সফল হ’বই৷ গুৰু গ্ৰহৰ শুভ প্রভাৱে এই সময়ত আৰ্থিকভাৱে লাভাম্বিত কৰিব মেষ ৰাশিৰ জাতকক৷ কেৰিয়াৰত কোনো বৃহৎ সাফল্য আহিব৷ পৰিয়ালৰ পৰাও এই সময়ত বিশেষ কোনো সুখবৰ লাভ কৰিব পাৰে৷

বৃষ ৰাশি
শুক্ৰ গ্ৰহে স্থান সলনি কৰাৰ ফলত আৰ্থিকভাৱে লাভৱান হ’ব বৃষ ৰাশিৰ জাতকসকল৷ শুক্ৰৰ প্ৰভাৱে এই সময়ত অন্যক আকৰ্ষণ কৰিব পৰা ক্ষমতা বৃদ্ধি কৰিব৷ যদি কোনো লোকক আকৰ্ষিত কৰিব খোজে এই সময়েই উত্তম সময়৷ ইয়াৰোপৰি আৰ্থিকভাৱে এই সময়ত আপুনি সমৃদ্ধ হ’ব৷ বিলাসিতাৰ নামতেই অত্যাধিক ধন ব্যয় কৰিব বৃষ ৰাশিৰ জাতকে৷

কৰ্কট ৰাশি
শুক্ৰই স্থান সলনি কৰাৰ বাবে কৰ্কট ৰাশিৰ জাতকসকল উপকৃত হ’ব৷ শুক্ৰৰ শুভ প্ৰভাৱত এই সময়ত কেৰিয়াৰত বৃহৎ উন্নতি হ’ব৷ কৰ্মক্ষেত্ৰত আপুনি প্ৰশংসা বুটলিবলৈ সক্ষম হ’ব৷ প্ৰেমৰ ক্ষেত্ৰতো এই সময় শুভ সময়৷ সংগীৰ সৈতে ভ্ৰমণৰ যোগ৷ স্বাস্থ্য পূৰ্বৰ তুলনাত উন্নত হ’ব৷

ধনু ৰাশি
বৃহস্পতিৰ বিপৰীতমুখী যাত্ৰাৰ ফলত ভাগ্য উদয় হ’ব ধনু ৰাশিৰ জাতকৰো৷ গুৰু গ্ৰহৰ আশীৰ্বাদ লাভ কৰিব এই ৰাশিৰ জাতকে৷ অৰ্থ লাভ কৰাৰ লগতে উত্তৰাধিকাৰী সূত্ৰে পৰিয়ালৰ সম্পত্তিও আপোনাৰ নামলৈ আহিব৷ ব্যৱসায়ত প্ৰচুৰ লাভ কৰিব৷ নতুন ব্যৱসায়ত সম্প্ৰসাৰণ কৰাৰ যোগ আছে৷ পৰিয়ালৰ সদস্যৰ সৈতে খুব ভাল সময় অতিবাহিত কৰিব৷

তুলা ৰাশি
বৃহস্পতিৰ স্থান সলনিয়ে তুলা ৰাশিৰ জাতকৰ ভাগ্য সলনি কৰিব৷ এই সময়ত আপুনি যি কামেই হাতত নিদিয়ক কিয় সফলতা লাভ কৰিবই৷ পঢ়াশুনাৰ ক্ষেত্ৰতো সফলতা আহিব৷ কোনো সূত্ৰৰ পৰা ধনৰ আগমনো ঘটিব৷ প্ৰেমত শুভ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *