প্ৰভু কৃষ্ণৰ সৈতে বিয়া ২৩ বৰ্ষীয় শিৱানীৰ, বিয়াৰ প্ৰস্তুতি আৰম্ভ

প্ৰভু কৃষ্ণৰ সৈতে বিয়া ২৩ বৰ্ষীয় শিৱানীৰ, বিয়াৰ প্ৰস্তুতি আৰম্ভ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

প্ৰভু কৃষ্ণৰ সৈতে বিয়া ২৩ বৰ্ষীয় শিৱানীৰ, বিয়াৰ প্ৰস্তুতি আৰম্ভ

এক আছিল মীৰা বাই, কৃষ্ণ প্ৰেমত বিলীন হৈ যোৱাকৈ কৰিছিল প্ৰেম। যি প্ৰেমৰ বাবে সমগ্ৰ সংসাৰ ত্যাগ কৰি দিছিল। ভোজ ৰজাৰ সৈতে বিয়া হৈয়ো নিজকে কৃষ্ণৰ পত্নী আখ্যা দিছিল।

সেই মীৰা বাইৰ পাছত এইবাৰ কৃষ্ণ প্ৰেমত বিলীন হ’বলৈ আহিছে শিৱানী। জনা হোৱাৰে পৰা কৃষ্ণৰ প্ৰেমত মগ্ন শিৱানীয়ে এতিয়া ২৩ বছৰ বয়সত লড্ডু গোপাল কৃষ্ণৰ সৈতে বিয়াত বহিব।

বিয়াৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। হোলীৰ পাছতে এপ্ৰিল মাহত বিয়া শিৱানী আৰু লড্ডু গোপালৰ। বৃন্দাৱনৰ পৰা লড্ডু গোপালৰ বাৰাত আহিব শিৱানীৰ বাবে।

শিৱানীৰ এই সিদ্ধান্তত প্ৰথমে পিতৃ-মাতৃয়ে সন্মতি দিয়া নাছিল, যদিও শিৱানীৰ কৃষ্ণ ভক্তিৰ সমুখত অৱশেষত তেওঁলোকে হাৰ মানি যায় আৰু এই বিবাহত মান্তি হয়। পাছে সম্পৰ্কীয় কোনো লোকেই এই বিয়াত একেবাৰে মত দিয়া নাই।

এই ক্ষেত্ৰত শিৱানীৰ মন্তব্য, কৃষ্ণ প্ৰেমৰ বাদে এই দুনিয়াত একো নাই। বাকি সকলো মিছা। এতিয়া ১৫ এপ্ৰিলৰ পৰা বিবাহ কাৰ্য আৰম্ভ হ’ব শিৱানীৰ। ১৫ এপ্ৰিলত হালধী, ১৬ত মণ্ডপ, ১৭ত বাৰাতৰ আগমণ আৰু বিবাহ, ১৮ এপ্ৰিলত বিদাই।

দৰা আহিব বৃন্দাবনৰ পৰা, বিয়া হ’ব গোৱালিয়ৰত এই বিবাহ অনুষ্ঠানত ২৫০ গৰাকী অতিথীৰ আগমণ হ’ব।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *