ৰবিবাৰে শিৱ যোগ, সূৰ্য দেৱতাৰ আশীৰ্বাদ থাকিব ৫ৰাশিৰ জাতকৰ ওপৰত

ৰবিবাৰে শিৱ যোগ, সূৰ্য দেৱতাৰ আশীৰ্বাদ থাকিব ৫ৰাশিৰ জাতকৰ ওপৰত

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- আগন্তুক ২৮ এপ্ৰিল ২০২৪ দেওবাৰে বৈদিক পঞ্জিকা অনুসৰি ব’হাগ মাহৰ কৃষ্ণপক্ষৰ পঞ্চমী তিথি। সংকষ্টি চতুৰ্থী হিচাপে আজিৰ দিনটো পালিত হয়। চন্দ্ৰই আজি দিনজুৰি বৃহস্পতিৰ ৰাশি ধনুত বিৰাজ কৰিব। শিৱ যোগ আৰু সিদ্ধি যোগৰ মিলিত প্ৰভাৱত শুভ ফল লাভ কৰিব কেইটামান ৰাশিৰ জাতকে। ইয়াৰ সৈতে আজি থাকিব মূল নক্ষত্ৰৰ প্ৰভাৱ।

ইয়াৰ ফলত আজিৰ দিনটো উল্লেখযোগ্য বুলি জনাইছে জ্যোতিষবিদে৷ জ্যোতিষ অনুসৰি দেওবাৰ সৈতে সূৰ্য দেৱতাৰ প্ৰিয় দিন৷ জ্যোতিষবিদে জনোৱা অনুসৰি এই সকলো শুভ যোগৰ প্ৰভাৱত আজিৰ দিনটো বেছ মংগলময় হ’ব কেইটামান ৰাশিৰ জাতকৰ বাবে৷ এই সকলো ৰাশিৰ জাতকে সকলো কামতেই সফলতা লাভ কৰিব৷ ৰবিবাৰ জ্যোতিষ গণনা অনুসৰি সুখ সৌভাগ্য থাকিব কেইটামান ৰাশিৰ জাতকৰ সৈতে৷

মেষ ৰাশি

আজিৰ দিনটোস শুভ হ’ব মেষ ৰাশিৰ জাতকৰ বাবে৷ আজি আপুনি ব্যৱসায়ত ভাল লাভ অৰ্জন কৰিব৷ নতুনকৈ বিনিয়োগ কৰিলে আপোনাৰ আৰ্থিক লাভ হ’ব৷ আপোনাৰ যাৱতীয় আৰ্থিক সমস্যা আঁতৰি যাব৷ কাৰ্যালয়ত কামৰ চাপ বাঢ়িলেও মেনেজ কৰিব পাৰিব৷

কৰ্কট ৰাশি

সিদ্ধি যোগৰ শুভ প্ৰভাৱ আজি কৰ্কট ৰাশিৰ জাতকৰ ওপৰত থাকিব৷ কোনো নতুন কাম আৰম্ভ কৰিবৰ বাবে আজিৰ দিনটো শুভ৷ শত্ৰুৱে কামত বাধা তৈয়াৰ কৰিবলৈ চেষ্টা কৰিলেও সফল নহ’ব৷ আপুনি নিজৰ বুদ্ধি আৰু সাহসৰ জোৰত সকলো কামত উন্নতি কৰিব পাৰিব৷ নতুন কোনো সামগ্ৰী ক্ৰয় কৰিব পাৰে৷

সিংহ ৰাশি

শিৱ যোগৰ শুভ প্ৰভাৱ থাকিব সিংহ ৰাশিৰ জাতকৰ ওপৰত৷ আপুনি কোনো শাৰীৰিক সমস্যাত ভূগি থাকিলে সমস্যা দূৰ হ’ব৷ পেছাগত জীৱনত বিশেষ কোনো সাফল্য লাভ কৰাৰ যোগ আছে আপোনাৰ সন্মুখত৷ সূৰ্য দেৱতাৰ কৃপাত নিজৰ ব্যৱসায় ভাল হ’ব৷ প্ৰেম জীৱনত সুখবৰ আহিব পাৰে৷ আৰ্থিক লাভৰ পথ প্ৰশস্ত হ’ব৷

বৃশ্চিক ৰাশি

ৰবিবাৰে শিৱ যোগৰ শুভ প্ৰভাৱ পৰিব বৃশ্চিক ৰাশিৰ জাতকৰ ওপৰত৷ কোনো সমস্যাত থাকিলে সেই সমস্যৰ পৰা মুক্তি লাভ কৰিব৷ পেছাগত জীৱনত বিশেষ কোনো সুখবৰ পাব পাৰে৷ নিজৰ ব্যৱসায় বঢ়োৱাৰ সুযোগ আহিব৷ প্ৰেম জীৱনত কোনো সুখবৰ পাব পাৰে৷ আৰ্থিক লাভৰ যোগ আছে৷

কুম্ভ ৰাশি

সূৰ্যৰ আশীৰ্বাদত কুম্ভ ৰাশিৰ ভাগ্য উজ্বলিব৷ সৌভাগ্যৰ কৃপাত আজি যি কামতেই হাত দিয়ে সফলতা আহিবই৷ পৰিয়ালৰ সৈতে সুখ আৰু শান্তিৰে দিনটো কটাব৷ আপোনাৰ ঘৰত কোনো ভোজৰ আয়োজন হ’ব পাৰে৷ আপোনাৰ সাহস আৰু ধৈৰ্য্য দেখি শত্ৰুৱে পৰাজয় স্বীকাৰ কৰিব৷ কোনো শুভ অনুষ্ঠানত যোগ দিব পাৰে৷

 

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *