কাইলৈ বুধ চন্দ্ৰৰ নৱ পঞ্চম যোগ, সংকষ্টী চতুৰ্থীত উন্নতি খাটাং ৫ ৰাশিৰ

কাইলৈ বুধ চন্দ্ৰৰ নৱ পঞ্চম যোগ, সংকষ্টী চতুৰ্থীত উন্নতি খাটাং ৫ ৰাশিৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ২৭ এপ্ৰিল ২০২৪ শনিবাৰে বৈদিক পঞ্জিকা অনুসৰি ব’হাগ মাহৰ কৃষ্ণপক্ষৰ চতুৰ্থী তিথি। কাইলৈৰ দিনটো সংকষ্টি চতুৰ্থী হিচাপে পালিত হ’ব। এই দিনটোত সিদ্ধিদাতা গণেশৰ আৰাধনা কৰা হয়। চন্দ্ৰত কাইলৈ দিনজুৰি থাকিব বৃশ্চিক ৰাশিৰ পাছতেই ধনু ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ সৈতে কাইলৈ চন্দ্ৰ আৰু বুধ পৰস্পৰৰ পৰা দ্বিতীয়, নৱম আৰু পঞ্চম ঘৰত অৱস্থান কৰিব। ইয়াৰ ফলত গঠিত হব নৱপঞ্চম যোগ। ইয়াৰ সৈতে থাকিব শিৱ যোগ আৰু জ্যেষ্ঠ্যা নক্ষত্ৰৰ প্ৰভাৱ। ইয়াৰ ফলত কাইলৈৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ হ’ব। জ্যোতিষ অনুসৰি শনিবাৰ হৈছে গ্ৰহৰাজ শনিৰ প্ৰিয় দিন। জ্যোতিষবিদে জনোৱা অনুসৰি এইসমূহ শুভ যোগৰ কাৰণে কাইলৈ দিনটো বেছ সুখকৰ হ’ব কেইটামান ৰাশিৰ জাতকৰ বাবে। এই সকলো ৰাশিৰ জাতকে কাইলৈ নিজৰ আৰ্থিক পৰিস্থিতি বহু পৰিমানে মজবুত কৰিব পাৰিব। জানি থওক শনিবাৰে জ্যোতিষ গণনা অনুসৰি সৌভাগ্য লাভ হ’ব কোন ৫ৰাশিৰ জাতকৰ?

বৃষ ৰাশি

কাইলৈ ১৭ এপ্ৰিলৰ দিনটো লাভজনক হ’ব বৃষ ৰাশিৰ জাতকৰ বাবে। কাইলৈ ব্যৱসায়ত কোনো বৃহৎ চুক্তি স্বাক্ষৰ কৰিব পাৰে। আৰ্থিক দিশৰ পৰা কোনো সাফল্য লাভ কৰিব পাৰে। ব্যৱসায়তো আৰ্থিক লাভৰ যোগ আছে। নিজৰ ব্যৱসায় বঢ়াব পাৰিব বৃষ ৰাশিৰ জাতকে। কোনো নতুন পৰিকল্পনাৰে আগবাঢ়িলে সফল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। নতুন চাকৰি লাভৰো যোগ আছে।

মিথুন ৰাশি

শনিবাৰে শনিৰ আশীৰ্বাদত মনৰ সকলো ইচ্ছা পূৰণ হ’ব মিথুন ৰাশিৰ জাতকৰ।  কাইলৈ সকলো কামতে সৌভাগ্যক আপুনি নিজৰ কাষতে পাব। ইয়াৰ ফলত আপোনাৰ কামৰ পথত সকলো বাধা দূৰ হ’ব। বিনিয়োগ কৰাৰ বাবে কাইলৈ দিনটো মিথুন ৰাশিৰ জাতকৰ বাবে শুভ। কোনো প্ৰভাৱশালী ব্যক্তিক লগ পাব পাৰে।

তুলা ৰাশি

শিৱ যোগৰ শুভ প্ৰভাৱত কাইলৈ লাভৱান হ’ব তুলা ৰাশিৰ জাতক। কাইলৈ বেছ বিলাসিতাৰ জীৱন কটাব। কামৰ বাবে বিদেশ যাত্ৰাত যাব পাৰে। আপোনাৰ মনৰ সকলো ইচ্ছা পূৰণ হ’ব। ষ্টক মাৰ্কেটত বিনিয়োগ কৰিলে লাভৱান হ’ব। সমাজত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব।

মকৰ ৰাশি

নৱপঞ্চম যোগৰ শুভ প্ৰভাৱ লাভ কৰিব মকৰ ৰাশিৰ জাতকে। কাইলৈ কৰ্মক্ষেত্ৰত কোনো সাফল্যই আপোনাৰ বাবে অপেক্ষা কৰিব। কাইলৈ কৰ্মদক্ষতাৰে আপুনি সকলোৰে মন জয় কৰিব পাৰিব। শনিৰ আশীৰ্বাদত কাইলৈ নিজৰ সকলো কামতেই সফলতা লাভ কৰিব মকৰ ৰাশিৰ জাতকে। ছাত্ৰ-ছাত্ৰীসকলেও পৰীক্ষাত ভাল ফল লাভ কৰিব। প্ৰেম জীৱনত ৰোমাণ্টিকভাৱে কটাব মকৰ ৰাশিৰ জাতকে।

মীন ৰাশি

জ্যেষ্ঠা নক্ষত্ৰৰ শুভ প্ৰভাৱত ভাগ্য খুলিব মীন ৰাশিৰ জাতকৰ। কাইলৈ আপোনাৰ আত্মবিশ্বাস বাঢ়িব। গণেশৰ কৃপাত সংকষ্টী চতুৰ্থীত আপোনাৰ উপাৰ্জন বহু পৰিমানে বৃদ্ধি পাব। সম্পত্তি সংক্ৰান্তীয় কোনো সমস্যা হ’লে সমাধান হ’ব। কৰ্মক্ষেত্ৰত নতুন কামৰ দায়িত্ব লাভ কৰিব। ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব মীন ৰাশিৰ জাতকৰ।

 

 

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *