ধৰিব পাৰিছেনে কোন, বলীউডৰ অভিনেত্ৰী-সৰু পৰ্দাৰ হাঁহিৰ কুইন, এঘণ্টাৰ কামৰ বাবদ লয় ১০ লাখ, নেট ৱৰ্থ ২২২ কোটি

ধৰিব পাৰিছেনে কোন, বলীউডৰ অভিনেত্ৰী-সৰু পৰ্দাৰ হাঁহিৰ কুইন, এঘণ্টাৰ কামৰ বাবদ লয় ১০ লাখ, নেট ৱৰ্থ ২২২ কোটি

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

ধৰিব পাৰিছেনে কোন, বলীউডৰ অভিনেত্ৰী-সৰু পৰ্দাৰ হাঁহিৰ কুইন, এঘণ্টাৰ কামৰ বাবদ লয় ১০ লাখ, নেট ৱৰ্থ ২২২ কোটি

বলীউডত কাম কৰি বৰ্তি থকাটো কিমান কঠিন কাম সেয়া হয়তো প্ৰায় সকলো লোকেই জানে। কিয়নো কেতিয়াবা কোনো তাৰকা এখন ছবি কৰিয়েই নাইকিয়া হৈ যায়। তাৰে মাজতে সংঘৰ্ষ কৰি সফল হব পাৰে কিছু সংখ্যকে হে।

কোনো যদি অভিনয়েৰে সফল কোনো আকৌ পৰিচালক হিচাপে, কোনো আকৌ নিজৰ লিখনিৰ জৰিয়তে সফল বলীউডৰ জগতত। তাৰে মাজতে এইগৰাকী অভিনেত্ৰী যিয়ে নিজৰ অভিনয়েৰে সকলোৰে মন মুহিত কৰাৰ পাছতো এতিয়া পাছে আন এক কামৰ জৰিয়তেহে সকলোৰে মাজত জনপ্ৰিয়।

এটা সময়ত বলীউডত প্ৰায় সকলো ছবিতে সহ অভিনেত্ৰী হিচাপে কাম কৰি সফল হৈছিল। ৰাজা হিন্দুস্তানীত ভিলেইন মাতৃ, কুচ কুচ হোতা হেইত প্ৰফেচাৰ মিছ ব্ৰিগেঞ্জা, য়ে হে মোহবতেত এগৰাকী বান্ধৱী আদি চৰিত্ৰৰে বহু প্ৰশংসা লাভ কৰিছিল।

হয় আপুনি থিকেই ধৰিব পাৰিছে ইয়াত অৰ্চনা পুৰন্দ সিঙৰে কথা কোৱা হৈছে যি বৰ্তমানে হাঁহিৰ বাবেহে অতি জনপ্ৰিয়। কমেডি চাৰ্কাচ আৰু কপিল শৰ্মাৰ কমেডি অনুষ্ঠানৰ জৰিয়তে দেশৰ প্ৰতিঘৰ মানুহৰে চিনাকি তথা প্ৰিয় হৈ পৰা অৰ্চনাই বৰ্তমানে এটা মাথো এঘণ্টাৰ শ্ব’ত হাঁহিৰ বাবদ লয় ১০ লাখকৈ টকা।

সেই অৰ্চনা পুৰন্দ সিঙেই এটা সময়ত বি গ্ৰেড ছবিত কাম কৰিবলৈ বাধ্য হৈ পৰিছিল। প্ৰথম স্বামীক বিচ্ছেদ দি গুপুতে বহিছিল দ্বিতীয় বিবাহত। এতিয়া ২২২ কোটি টকা নেট ৱৰ্থ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *