শিৱ যোগৰ শুভ প্ৰভাৱ, বজৰংবলীৰ আশীৰ্বাদত ভাগ্য উজ্বলিব ৫ ৰাশিৰ জাতকৰ

শিৱ যোগৰ শুভ প্ৰভাৱ, বজৰংবলীৰ আশীৰ্বাদত ভাগ্য উজ্বলিব ৫ ৰাশিৰ জাতকৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- কাইলৈ অৰ্থাৎ ২ এপ্ৰিল২০২৪ মঙলবাৰে চন্দ্ৰই ধনু ৰাশি ত্যাগ কৰি মকৰ ৰাশিত গোচৰ কৰিব। পঞ্জিকা অনুসৰি কাইলৈ চ’ত মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথি। এই দিনটো শীতলা অষ্টমী নামেৰেও পৰিচিত। কাইলৈ মঙলবাৰে থাকিব শিব যোগ আৰু মালব্য যোগ। ইয়াৰোপৰি কাইলৈ মঙলবাৰে দিনজুৰি থাকিব প্রথমে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰৰ প্ৰভাৱ। ইয়াৰ ফলত কাইলৈ শীতলা অষ্টমীৰ দিনটোৰ গুৰুত্ব বিশেষভাৱে বৃদ্ধি পাইছে।

জ্যোতিষ গণনা অনুসৰি মঙলবাৰে থাকিব শিৱ যোগ আৰু মালব্য যোগ। ইয়াৰোপৰি কাইলৈ মঙলবাৰে সমগ্ৰ দিনজুৰি থাকিব প্ৰথমে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰৰ প্ৰভাৱ। ইয়াৰ ফলত কাইলৈ শীতলা অষ্টমী দিনটোৰ গুৰুত্ব বিশেষভাৱে বৃদ্ধি পাইছে। জ্যোতিষ অনুসৰি মঙলবাৰ হৈছে দেৱাদিদেৱ মহাদেৱপ প্ৰিয় ভক্ত বজৰংবলীৰ দিন। এই দিনটোত হনুমানৰ আৰাধনা কৰিলে তেওঁৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ হ’ব। জ্যোতিষবিদে জনোৱা অনুসৰি এইসমূহ শুভ যোগৰ কাৰণ হৈছে কাইলৈ দিনটো বেছ লাভজনক হ’ব কেইটামান ৰাশিৰ জাতকৰ বাবে। কাইলৈ মঙলবাৰে জ্যোতিষ গণনা অনুসৰি ভোলানাথাৰ আশীৰ্বাদ লাভ কৰিব ৫ৰাশিৰ জাতকে।

বৃষ ৰাশি
কাইলৈ ২ এপ্ৰিল তাৰিখটো বৃষ ৰাশিৰ জাতকৰ বাবে শুভ দিন। কাইলৈৰ দিনটো খৰচ হিচাপত কৰিব এই ৰাশিৰ জাতকে। ধনো সঞ্চয় কৰিব পাৰিব। মঙলৰ শুভ প্ৰভাৱত কাইলৈ আপোনাৰ আত্মবিশ্বাস বহু পৰিমানে বৃদ্ধি পাব। কাইলৈ ব্যক্তিগত আৰু পেছাগত জীৱন সংক্ৰান্তিয় কিছু দৰকাৰী সিদ্ধান্ত ল’ব পাৰে আপুনি। নিজৰ জীৱনলৈকো কিছু যোগাত্মক পৰিবৰ্তন আহিব বৃষ ৰাশিৰ জাতকৰ।

মিথুন ৰাশি
কাইলৈ শিৱ যোগৰ শুভ প্ৰভাৱ থাকিব মিথুন ৰাশিৰ জাতকৰ ওপৰত। ধৰ্মীয় কামত কাইলৈ আগ্ৰহ বাঢ়িব আপোনাৰ। আপুনি যি সিদ্ধান্ত ল’ব সেই সিদ্ধান্ত লাভজনক হ’ব। কাইলৈ অতিৰিক্ত ধন উপাৰ্জন কৰিব পাৰিব আপুনি। নিজৰ কেৰিয়াৰতো উন্নতি কৰিব পাৰিব। মিথুন ৰাশিৰ জাতকৰ সাংসৰিক জীৱনো সুখৰ হ’ব।

কন্যা ৰাশি
২এপ্ৰিল মঙলবাৰৰ দিনটো কন্যা ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ দিন। আপোনাৰ মনৰ কোনো দীৰ্ঘদিনীয়া ইচ্ছা পূৰণ হ’ব। ৰৈ থকা কাম সম্পূৰ্ণ কৰিব পাৰিব। কোনো পুৰণি বিনিয়োগৰ পৰা কাইলৈ আৰ্থিকভাৱে লাভৱান হ’ব পাৰে। ইয়াৰ ফলত কন্যা ৰাশিৰ জাতকৰ আৰ্থিক অৱস্থা উন্নত হ’ব।

ধনু ৰাশি
কাইলৈ ৰবিযোগৰ শুভ প্ৰভাৱত নিজৰ পৰিয়ালৰ সৈতে শুভ সময় কটাব। পূৰ্বে বিনিয়োগ কৰি থকা ধনে আপোনাক আৰ্থিকভাৱে লাভাম্বিত কৰিব। কাইলৈ বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ লাভ কৰিব। কোনো সমস্যাত ভুগি থাকিলে সেই সমস্যাও দূৰ হ’ব। কাইলৈ কোনো অতিৰিক্ত কামৰ দায়িত্বও আপুনি পাব পাৰে।

মীন ৰাশি
২এপ্ৰিল ২০২৪ ৰবি যোগৰ প্ৰভাৱত ভাগ্য খুলিব মীন ৰাশিৰ জাতকৰ। কাইলৈ দিনটো আনন্দৰে পাৰ হ’ব। হঠাৎ কিছু অৰ্থলাভ কৰিব পাৰে। সামাজিক কাম কৰাৰ ফলত সন্মান বৃদ্ধি পাব মীন ৰাশিৰ জাতকৰ। কাইলৈ আপুনি যি কামতেই হাত দিব তাতেই সফলতা লাভ কৰিব। আৰ্থিক পৰিস্থিতি কাইলৈ বহু পৰিমানে উন্নত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *