যোৰহাটত ১৪৪ ধাৰা জাৰি, কি কি নিয়ম মানিব লাগিব জনসাধাৰণে?

যোৰহাটত ১৪৪ ধাৰা জাৰি, কি কি নিয়ম মানিব লাগিব জনসাধাৰণে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS-  ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি আগন্তুক লোকসভা নিৰ্বাচনটি মুক্ত আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাটৰ জিলা দণ্ডাধীশে ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত জিলাখনত ১৭ এপ্ৰিল,২০২৪ তাৰিখৰ বিয়লি ৫.০০ বজাৰ কাৰ্যকৰী হোৱাকৈ সমগ্ৰ জিলাখনতে কিছু নিৰ্দেশনা জাৰি কৰিছে।

নিৰ্দেশনা অনুসৰি যিকোনো ধৰণৰ বে-আইনী সমাৱেশ আৰু ভোটগ্ৰহণ প্ৰক্ৰিয়া শেষ হোৱা পৰ্যন্ত ৪৮ ঘণ্টাৰ ভিতৰত যিকোনো ৰাজহুৱা সভা,শোভাযাত্ৰা, প্ৰচাৰ আদি কৰিব নোৱাৰিব। এই নিৰ্দেশনা সমষ্টিৰ বাহিৰৰ পৰা অহা ৰাজনৈতিক কৰ্মী তথা দলীয় কৰ্মীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব।

তদুপৰি, নির্বাচনী প্ৰক্রিয়াত বিৰূপ প্ৰভাৱ পেলাব পৰা বিভিন্ন জাতি, বৰ্ণ, সম্প্ৰদায় আদিৰ সাম্প্ৰদায়িক ভাষণ বা বাৰ্তা জড়িত যিকোনো শ্লোগান,পোষ্টাৰ,দেৱাল লিখন, প্ৰচাৰ পত্ৰিকা, লিফলেট আদি প্ৰচাৰ কৰিব নোৱাৰিব। লগতে কোনো ব্যক্তিয়ে ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত কোনো প্ৰাৰ্থীৰ বা ৰাজনৈতিক দলৰ নাম লিখা বা চিহ্ন সম্বলিত , ফটো অংকিত থকা পোচাক, টুপী আদি পৰিধান কৰিব নোৱাৰিব। লগতে ভোটগ্ৰহণ কেন্দ্রৰ ২০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যিকোনো ব্যক্তিৰ ব্যক্তিগত বাহন প্ৰৱেশত বাধা আৰোপ কৰা হৈছে।

আনহাতে, ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা ১০০ মিটাৰ দূৰত্বৰ ভিতৰত কোনো লোকে ভোটদানৰ প্ৰচাৰ কৰা, যিকোনো প্ৰাৰ্থীৰ হৈ ভোট বিচৰা বা প্ৰাৰ্থীৰ হৈ কোনো লোকক প্ৰলোভিত কৰাৰ লগতে কোনো ব্যক্তিক ভোটদানৰ পৰা বিৰত থাকিবলৈ কোৱা, ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্বাচনৰ সৈতে জড়িত জাননীৰ বাহিৰে আন কোনো জাননী প্ৰদৰ্শন কৰা, ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰৱেশদ্বাৰ তথা ইয়াৰ সমীপত উচ্চস্বৰত লাউডস্পীকাৰ ব্যৱহাৰ নিষেধ কৰাৰ উপৰিও কোনোলোকে উক্ত স্থানত কোলাহল কৰি বিশৃংখল পৰিৱেশ সৃষ্টি কৰিব নোৱাৰিব।এই আদেশ ১৭ এপ্ৰিলৰ বিয়লি ৫.০০ বজাৰ পৰা ২০ এপ্ৰিল,২০২৪ ৰ নিশা ১২ বজালৈকে কাৰ্যকৰী হৈ থাকিব।এই আদেশ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত দণ্ডনীয় হ’ব ।

উল্লেখ্য যে এই ধাৰা সন্দৰ্ভত বিশেষ বিবৃতিযোগে এই সকলোবোৰ নিৰ্দেশনা জাৰি কৰিছে জনসংযোগ বিভাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *