১১ বাৰ মনোনীত হৈয়ো নোৱেল পুৰস্কাৰ লাভ নকৰিলে, ব্ৰিটিছ শাসনকালত ৯বাৰ কাৰাবন্দী, জন্মবাৰ্ষিকীত জানক নেহৰুৰ ১৪টা অজানা কাহিনী

১১ বাৰ মনোনীত হৈয়ো নোৱেল পুৰস্কাৰ লাভ নকৰিলে, ব্ৰিটিছ শাসনকালত ৯বাৰ কাৰাবন্দী, জন্মবাৰ্ষিকীত জানক নেহৰুৰ ১৪টা অজানা কাহিনী

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ১৪ নৱেম্বৰ, ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মবাৰ্ষিকী। প্ৰতি বছৰে এই দিনটোৰ বাবে বিশেষভাৱে অপেক্ষা কৰে শিশুসকলে। কাৰণ এই দিনটোক শিশু দিৱস হিচাপে পালন কৰা হয়। ১৪ নৱেম্বৰ দিনটো শিশুসকলৰ নামতেই উৎসৰ্গিত। ভালপোৱা, মৰমৰ লগতে উপহাৰৰ টোপোলাও এই দিনটোত শিশুসকলক দিয়া হয়। শিশুসকলৰ প্ৰতি নেহৰুৰ অগাধ ভালপোৱা আছিল যাৰবাবে তেওঁৰ ওপজা দিনটোক শিশু দিৱস হিচাপে পালন কৰি অহা হৈছে। চাচা নেহৰু নামেৰে তেওঁ শিশুসকলৰ মাজত জনপ্ৰিয় আছিল। নেহৰুৰ জন্মবাৰ্ষিকীত তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই এই দিনটোক শিশু দিৱস হিচাপে পালন কৰা হয়। জৱাহৰলাল নেহৰুৰ ওপজাদিনতেই জানি থওক তেওঁৰ বিষয়ে অজানা এই ১৪ টা তথ্য।

১) ১৯৫০ চনৰ পৰা ১৯৫৫ চনৰ মাজত ১১ বাৰ শান্তিৰ নোৱেল পুৰস্কাৰৰ বাবে তেওঁ মনোনীত হৈছিল যদিও এবাৰো নোৱেল লাভ কৰিবলৈ সক্ষম নহ’ল।
২) ১৯৭০ চনৰ অক্টোবৰত কেমব্ৰীজ ট্ৰিনিটি কলেজত পঢ়িবলৈ গৈছিল নেহৰু। ১৯১০ চনত নেচাৰেল ছায়েন্সত স্নাতক ডিগ্ৰী অৰ্জন কৰে নেহৰুৱে।
৩) ১৯১২ চনৰ ভাৰতলৈ ওভতি আহি এলাহবাদ হাইকৰ্টত এগৰাকী অধিবক্তা হিচাপে নিজৰ নাম নথিভুক্ত কৰিছিল নেহৰুৱে। বেৰিষ্টাৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল নেহৰুৱে।
৪) কাশ্মীৰি পণ্ডিত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল নেহৰুৱে।
৫) নেহৰুৰ দুগৰাকীকৈ ভনীয়েকো আছিল। তেওঁৰ ডাঙৰগৰাকী ভগ্নীৰ নাম হৈছে বিজয় লক্ষ্মী পণ্ডিত আৰু সৰু ভনীয়েকৰ নাম হৈছে কৃষ্ণা হুথিচিং।
৬) ১৯২৯ চনত কংগ্ৰেছ সভাপতিৰ পদত বহে নেহৰু। ইয়াৰপাছতেই কংগ্ৰেছৰ নেতৃত্বত স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
৭) ১৯৩৫ চনত কাৰাবাসৰ শাস্তি লাভ কৰে নেহৰুৱে।
৮) ১৯২৯ চনত কাৰাগাৰত বহিয়েই আত্মজীৱনী লিখিছিল নেহৰুৱে। নেহৰুৰ আত্মজীৱনীখনৰ নাম হৈছে ‘Toward Freedom’। এই আত্মজীৱনীখন ১৯৩৬ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰকাশিত হয়।
৯) ১৯৬৪ চনৰ ২৭ মে’ত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় নেহৰুৰ। শেষযাত্ৰাত তেওঁক এবাৰ শেষবাৰৰ বাবে চাবৰ বাবে ৰাস্তালৈ ওলাই আহিছিল প্ৰায় ১৫ লাখ মানুহ।
১০) ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত পণ্ডিত জৱাহৰলাল নেহৰুৱে নয়ডাত কাৰাবন্দী হৈ আছিল। মুঠ ৩ হাজাৰ ২৫৯ দিনৰ বাবে বাবে তেওঁক কাৰাবন্দী কৰিছিল ব্ৰিটিছে। এই কাৰাবাসৰ সময় প্ৰায় ৯বছৰৰ সমান।
১১) এনি বেছেণ্টৰ এজন অনুৰাগী আছিল নেহৰু। ইণ্ডিয়ান নেশ্ব্যনেল কংগ্ৰেছৰ প্রথম ভাৰতীয় মহিলা প্ৰেছিডেণ্ট আছিল এনি। ১৯১৬ চনত এনিৰ প্ৰতিষ্ঠিত হোম ৰুল লীগৰ সদস্য আছিল নেহৰু।
১২) ১৯২৭ চনত নেহৰুয়ে প্ৰথম সম্পূৰ্ণ জাতীয় স্বাধীনতাৰ ধাৰণা দিছিল সকলোকে। ব্ৰিটিছ শাসনৰ পৰা ভাৰতক মুক্ত কৰিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।
১৩) জৱাহৰলাল নেহৰুক আধুনিক ভাৰতৰ স্থপতি বুলিও কোৱা হয়।
১৪) ১৯২৯ চনত লাহোৰৰ বিশাল জনসমাবেশ আৰু কংগ্ৰেছৰ স্বেচ্ছাসেৱকৰ ওচৰত ভাৰতৰ পতাকা উত্তোলন কৰিছিল নেহৰুৱে। তাৰপাছতেই ঘৰে ঘৰে ভাৰতৰ ত্ৰিৰংগা উত্তোলন কৰা হৈছিল। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে আংশিকভাৱে প্ৰতিবাদেই আৰম্ভ হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *