লক্ষ্মী-নাৰায়ণ যোগৰ শুভ প্ৰভাৱ পৰিব বৃষসহ ৫ৰাশিৰ জাতকৰ ওপৰত শনিৰ কৃপাত সম্পত্তিৰ পাহাৰ গঢ়াৰ পথ খোল খাব এইকেইটা ৰাশিৰ

লক্ষ্মী-নাৰায়ণ যোগৰ শুভ প্ৰভাৱ পৰিব বৃষসহ ৫ৰাশিৰ জাতকৰ ওপৰত শনিৰ কৃপাত সম্পত্তিৰ পাহাৰ গঢ়াৰ পথ খোল খাব এইকেইটা ৰাশিৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ১১ মে’ ২০২৪ শনিবাৰে পঞ্জিকা অনুসৰি ব’হাগ মাহৰ শুক্লপক্ষৰ চতুৰ্থী তিথি৷ চন্দ্ৰই কাইলৈ মিথুন ৰাশিত অৱস্থান কৰিব৷ মিথুন ৰাশিৰ অধিপতি গ্ৰহ হ’ল বুধ৷ বুধে মেষ ৰাশিত গোচৰ কৰি তাতেই শুক্ৰ আৰু বুধৰ যুঁটি গঠন হৈছে৷ ইয়াৰ ফলত মেষ ৰাশিত কাইলৈ থাকিব লক্ষ্মী নাৰায়ণ যোগ৷ ইয়াৰোপৰি কাইলৈ থকা শুভ যোগসমূহ হৈছে ৰবি যোগ আৰু সুকৰ্ম যোগ৷ ইয়াৰোপৰি শনিবাৰে থাকিব প্ৰথমে মৃগশিৰা নক্ষত্ৰৰ প্ৰভাৱ৷ ইয়াৰ ফলত কাইলৈ দিনটো বিশেষ গুৰুত্বপূৰ্ণ হ’ব৷ হিন্দুধৰ্মমতে শনিবাৰ হৈছে কৰ্মফলৰ দেৱতা শনিৰ প্ৰিয় দিন৷ জানি থওক কাইলৈ ১১ মে শনিবাৰে জ্যোতিষ গণনা অনুসৰি সৌভাগ্য লাভ হ’ব এইকেইটা ৰাশিৰ জাতকৰ৷

বৃষ ৰাশি

১১ মে মৃগশিৰা নক্ষত্ৰৰ প্ৰভাৱত লাভৱান হ’ব বৃষ ৰাশিৰ জাতক৷ ৰৈ থকা কাম সম্পন্ন হ’ব৷ কেৰিয়াৰত কাইলৈ উন্নতিৰ যোগ৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা লাভৱান হ’ব বৃষ ৰাশিৰ জাতক৷ লক্ষ্মী নাৰায়ণ যোগৰ প্ৰভাৱত আৰ্থিক পৰিস্থিতিও কাইলৈ ভাল হ’ব আপোনাৰ৷

কৰ্কট ৰাশি

ৰবি যোগৰ শুভ ফল লাভ কৰিব কৰ্কট ৰাশিৰ জাতকেও৷ কাইলৈ সমাজত আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা দুয়োটাই বৃদ্ধি পাব৷ কাইলৈ নতুন চাকৰি পোৱাৰ যোগ আছে৷ শনি ঠাকুৰৰ আশীৰ্বাদত কাইলৈ ব্যৱসায়ত উন্নতি কৰিব পাৰিব কৰ্কট ৰাশিৰ জাতকে৷ সুকৰ্ম যোগৰ প্ৰভাৱত পৰিয়ালত আনন্দৰ পৰিবেশ থাকিব৷

সিংহ ৰাশি

লক্ষ্মী নাৰায়ণ যোগৰ প্রভাৱত কাইলৈ সৌভাগ্য লাভ কৰিব সিংহ ৰাশিৰ জাতকে৷ পূৰ্বে কৰা পৰিকল্পনাত সফল হ’ব৷ শনি দেৱতাৰ আশীৰ্বাদত সমাজত মান সন্মান বৃদ্ধি পাব৷ পিতৃৰ সৈতে সম্পৰ্ক উন্নত হ’ব৷ ব্যৱসায়ত লাভ বাঢ়িব৷ বিশেষ কোনো ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে লাভজনক হ’ব৷

ধনু ৰাশি

ৰবি যোগৰ শুভ প্ৰভাৱত কাইলৈ দুৰ্দান্ত দিন চলিব ধনু ৰাশিৰ জাতকৰ৷ কাইলৈ বিদেশ যাত্ৰাৰ সুযোগ আহিব পাৰে৷ ধৰ্মীয় বিষয়ত কাইলৈ আগ্ৰহ বাঢ়িব ধনু ৰাশিৰ জাতকৰ৷ শনিৰ আশীৰ্বাদত আপুনি কোনো কামত হাত দিলে সফলতা আহিবই৷ সংসাৰত আনন্দৰ পৰিবেশ থাকিব৷

কুম্ভ ৰাশি

মৃগশিৰা নক্ষত্ৰৰ প্ৰভাৱত কুম্ভ ৰাশিৰ জাতকৰ বাবে কাইলৈ দিনটো শুভ হ’ব৷ গ্ৰহৰাজৰ আশীৰ্বাদত আপুনি ভালখবৰ লাভ কৰিব৷ ইয়াৰফলত আপোনাৰ মনত আনন্দই ক্ৰিয়া কৰিব৷ সম্পত্তি লাভ কৰিব পাৰে৷ নিজৰ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *