দেওবাৰে শিৱ যোগ, সৌভাগ্যৰ পোহৰে উজ্বলাই তুলিব ৫ৰাশিৰ ভাগ্য

দেওবাৰে শিৱ যোগ, সৌভাগ্যৰ পোহৰে উজ্বলাই তুলিব ৫ৰাশিৰ ভাগ্য

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ১১ ফেব্ৰুৱাৰী ২০২৪ দেওবাৰে চন্দ্ৰই শনিৰ ৰাশি কুম্ভত অৱস্থান কৰিব। কুম্ভ ৰাশিতেই এতিয়াও শনিয়ে অৱস্থান কৰি আছে। ইয়াৰ ফলত কাইলৈ কুম্ভ ৰাশিত শনি আৰু চন্দ্ৰৰ যুঁটি গঠন হ’ব। পঞ্জিকা অনুসৰি কাইলৈ মাঘ মাহৰ শুক্ল পক্ষৰ দ্বিতীয় তিথি। শনিবাৰৰ পৰা আৰম্ভ হৈছে মাঘ গুপ্ত নৱৰাত্ৰি। তন্ত্ৰ সাধকসকলৰ ওচৰত আদ্যশক্তিৰ আৰাধনাৰ বাবে এই গুপ্ত নৱৰাত্ৰি অত্যন্ত গুৰুত্বপূৰ্ণ সময়। এই সময়ত থাকিব লগা শুভযোগসমূহ হৈছে শিৱ যোগ আৰু শ শ যোগ। ইয়াৰোপৰি কাইলৈ ১১ ফেব্ৰুৱাৰী ২০২৪ দেওবাৰে শতভিষা নক্ষত্ৰও। এইসমূহ শুভ যোগৰ প্ৰভাৱত কাইলৈ কেইটমান ৰাশিৰ জাতকৰ সৌভাগ্য লাভ হ’ব। এইসমূহৰ ওপৰিও হিন্দুধৰ্ম অনুসৰি দেওবাৰ হৈছে সূৰ্যদেৱৰ প্ৰিয় দিন। জানি থওক জ্যোতিষ মতে কাইলৈ দিনটো কোন কোন ৰাশিৰ জাতকৰ বাবে শুভ?

বৃষ ৰাশি
শিৱ যোগৰ শুভ প্রভাৱত যি কামতেই হাতত নিদিয়ক কিয় সাফল্য লাভ কৰিবই। কাইলৈৰ দিনটোতেই আপোনাৰ বহু দিন ধৰি ৰৈ থকা কাম সমাপন হ’ব। ঘৰৰ শিশুসকলৰ সৈতে শুভ সময় কটাব। চাকৰি বা ব্যৱসায়তো কাইলৈ অতিৰিক্ত অৰ্থ আপোনাৰ হাতলৈ আহিব। কোনো সুখবৰে আপোনাৰ বাবে অপেক্ষা কৰি আছে।

কৰ্কট ৰাশি
দেওবাৰে সকলো কামতে সৌভাগ্যই আপোনাক লগ দিব। কাইলৈ আপোনাৰ এনাৰ্জি লেভেলো খুবেই তুংগত থাকিব। পিতৃ-মাতৃৰ সহায় লাভ কৰিব পাৰে। যিসকল চিংগল তেওঁলোকেও জীৱনসংগী লাভ কৰিব। সূৰ্যদেৱৰ আশীৰ্বাদত কাইলৈ আৰ্থিক পৰিস্থিতিত ডাঙৰ উন্নতি আহিব কৰ্কট ৰাশিৰ জাতকৰ। ইয়াৰ ফলত কাইলৈ আপোনাৰ মনত ভৰপূৰ আনন্দ থাকিব।

কন্যা ৰাশি
কাইলৈ শতভিষা নক্ষত্ৰৰ প্ৰভাৱত নানান দিশৰ পৰা সাফল্য লাভ কৰিব কন্যা ৰাশিৰ জাতকে। কাইলৈ নিজৰ লক্ষ্যৰ দিশত আৰু এঢাপ আগুৱাই যাব আপুনি। অন্য লোকক সহায় কৰাৰ বাবে আপুনি নিজৰ হাত আগুৱাই দিব। ইয়াৰ ফলত সমাজত জনপ্ৰিয়তা বাঢ়িব কন্যা ৰাশিৰ জাতকৰ। ব্যৱসায়ীসকলে অন্যক হৰুৱাই নিজে জয়লাভ কৰিব পাৰিব।

বৃশ্চিক ৰাশি
শিৱযোগৰ প্ৰভাৱত কাইলৈ দিনটো লাভজনক হ’ব বৃশ্চিক ৰাশিৰ জাতকৰ বাবেও। সকলো বিষয়তেই আপুনি পজিটিভ ফল পাব। ধৰ্মীয় বিষয়ত কাইলৈ আগ্ৰহ বাঢ়িব আপোনাৰ। পিতৃৰ সৈতে সম্পৰ্ক উন্নত হ’ব। কাইলৈ নিজৰ কামত আৰু বেছি মনোনিবেশ কৰিব পাৰিব। পৰিয়ালত সুখৰ পৰিবেশ বৰ্তি থাকিব।

কুম্ভ ৰাশি
১১ ফেব্ৰুৱাৰীত সূৰ্যদেৱৰ আশীৰ্বাদত আৰ্থিক সৌভাগ্য লাভ কৰিব কুম্ভ ৰাশিৰ জাতকে। কাইলৈ আপুনি নিজৰ পাবলগীয়া ধন লাভ কৰিব। পিতৃৰ সহায় আপুনি লাভ কৰিব পাৰে। সামাজিক মাধ্যমৰ পৰাও কোনো সুখবৰ লাভ কৰিব পাৰে। যিসকল চিংগল সেই কুম্ভ ৰাশিৰ জাতকে কাইলৈ সংগী লাভ কৰিব পাৰে।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *