শোকাৱহ! কেক কাটি উঠিছিলহে, জন্মদিনৰ দিনটোতে ইহলোক ত্যাগ কৰিলে ১০ বছৰীয়া মানৱীয়ে

শোকাৱহ! কেক কাটি উঠিছিলহে, জন্মদিনৰ দিনটোতে ইহলোক ত্যাগ কৰিলে ১০ বছৰীয়া মানৱীয়ে

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

শোকাৱহ! কেক কাটি উঠিছিলহে, জন্মদিনৰ দিনটোতে ইহলোক ত্যাগ কৰিলে ১০ বছৰীয়া মানৱীয়ে

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটি ১০ বছৰীয়া কনামানিৰ ভিডিঅ’। জন্মদিন উপলক্ষে পৰিয়ালৰ সৈতে মিলি কেক কাটি কেক খাইছে ফুৰ্তি কৰিছে। পাছে বিধিৰ বিধান, কেক কাটি উঠাৰ পাছতে মৃত্যু সেই কনমানিৰ ।

জন্মিদিনৰ কেক খাইয়ে মৃত্যু হোৱাৰ আশংকা কনমানিৰ পৰিয়ালৰ লোকৰ। এই শোকাৱহ ঘটনা পাঞ্জাৱৰ পাটিয়ালাৰ । ককাকে সদৰি কৰা অনুসৰি অনলাইন যোগে অৰ্ডাৰ কৰা হৈছিল কেক, সেই কেক খাইয়ে মৃত্যু নাতিৰ।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, ১০ বছৰীয়া নাতিনী মানৱীৰ জন্মদিন উপলক্ষে সন্ধিয়া ৬ বজাত অনলাইনত কেক অৰ্ডাৰ কৰিছিল। ৬.৩০ বজাত সেই কেক আহি পাইছিল। ৭.৩০ মান বজাত সেই কেক কাটি সকলোৱে ফুৰ্তি কৰিছিল।

পাছে ৮ মান বজাৰ পৰাই ঘৰৰ সকলোৰে স্বাস্থ্য কিছু বেয়া হ’বলৈ ধৰে। মূৰ ঘুৰাবলৈ ধৰাৰ লগতে বিশেষকৈ কনমানি মানৱী আৰু মানৱীৰ ৮ বছৰীয়া ভনীয়েকৰ বমি হ’বলৈ আৰম্ভ কৰে।

ভনীয়েকৰ বেছিকৈ বমি হৈ সেই কেক সম্পূৰ্ণ ৰূপে বাহিৰ হৈ যায়। পাছে মানৱীৰ ক্ষেত্ৰত তেনে নহয়। নিশা ১১ মান বজাত বহু পিয়াহ লগা বুলি পানী খুজি খাই শুই থাকে।

https://x.com/Gagan4344/status/1774039293998338540?s=20

ঘৰৰ সকলোৱে পৰিস্থিতি সামান্য হোৱা বুলি শোৱে যদিও পুৱা যেতিয়া উঠি মানৱীৰ শৰীৰ একেবাৰে শীতল পৰি থকা দেখে লগে লগে হাস্পতালৈ লৈ যায়, যদিও হাস্পতালত মৃত ঘোষণা কৰে।

লগে লগে হাহাকাৰ লাগি যায় পৰিয়ালৰ লোকৰ মাজত। আৰক্ষীৰো কাষ চাপে পৰিয়াল। লগতে কেক অৰ্ডাৰ কৰা প্ৰতিষ্ঠানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। আনহাতে আৰক্ষীয়ে বৰ্তমানে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে কনমানি মানৱীৰ। এতিয়া সময়তে দেখা যাব পৰিস্থিতি কোন ফালে ঢাল খায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *