প্ৰথম বিশ্বৰ দেশৰ, প্ৰথমগৰাকী যৌন কেলেংকাৰী কৰা ব্যক্তি ডোনাল্ড ট্ৰাম্প, বিশ্বই সমালোচনা কৰা ট্ৰাম্পে কৰিলে আত্মসমৰ্পণ…

প্ৰথম বিশ্বৰ দেশৰ, প্ৰথমগৰাকী যৌন কেলেংকাৰী কৰা ব্যক্তি ডোনাল্ড ট্ৰাম্প, বিশ্বই সমালোচনা কৰা ট্ৰাম্পে কৰিলে আত্মসমৰ্পণ…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS, বিশ্ব বতৰাঃ দিন সদায়ে ভালে নাযায়৷ এইবাৰ নিজেই সকলো দোষ স্বীকাৰ কৰি লৈছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে৷ ২০১৬ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত প্ৰাক্তন পৰ্ণ তাৰকা ষ্টৰ্মি ডেনিয়েলছক বৃহৎ পৰিমাণৰ ধন দিছিল ডনাল্ড ট্ৰাম্পে। ষ্টৰ্মি ডেনিয়েলছে দাবী কৰে যে ২০১৬ ট্ৰাম্পৰ সৈতে যৌন সম্পৰ্ক গঢ়ি উঠিছিল ষ্টাৰ্মিৰ৷

সেই বৰ্ষৰ অৰ্থাৎ ২০১৬ চনৰ নৱেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ হৈছিল। ইয়াৰ পূৰ্বে ট্ৰাম্পৰ অধিবক্তা মাইকেল কোহেনে পৰ্ণ তাৰকা ষ্টাৰ্মিক৷
ট্ৰাম্পৰ সৈতে সম্পৰ্কক লৈ মৌন হৈ থাকিবলৈকে ডেনিয়েলছক প্ৰদান কৰিছিল ১ লাখ ৩০ ডলাৰ। ২০১৮ চনত এই ধনৰ লেনদেনৰ কথা পোহৰলৈ আহে। ডেনিয়েলে সেই সময়ত ট্ৰাম্পৰ সৈতে হোৱা গোপন চুক্তি বাতিল কৰিবলৈ আদালতত আবেদন জনায়। ইয়াৰ পিছতেই ট্ৰাম্পৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ পুঁজি আইন উলংঘাৰ বাবে গোচৰ তৰা হয়। তেতিয়াৰ পৰাই আদালতত ট্ৰাম্পৰ বিৰুদ্ধে গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলি আছিল।

এই গোচৰৰ পৰিপ্ৰেক্ষিততে অৱশেষত ট্ৰাম্পে মঙলবাৰে মানহাটানৰ এখন আদালতত আত্মসমৰ্পন কৰিছে৷ উল্লেখ্য যে ট্ৰাম্প হৈছে অপৰাধমূলক গোচৰৰ সন্মুখীন হোৱা আমেৰিকাৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *