ৰোগাক্ৰান্ত যাদুৰাণী সুস্মিতালৈ বদৰুদ্দিন আজমলৰ সহায়ৰ হাত

ৰোগাক্ৰান্ত যাদুৰাণী সুস্মিতালৈ বদৰুদ্দিন আজমলৰ সহায়ৰ হাত

সুস্মিতা
সুস্মিতা
Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

দুহাতৰ মায়াৰে হাজাৰজনক মোহাচ্ছন্ন কৰা সুস্মিতাই বিচাৰিছে সহায়ৰ হাত। এক ফেচবুক ভিডিঅ’যোগে ৰাইজৰ পৰা সহায় বিচাৰিছে সুস্মিতাই। সুস্মিতা আক্ৰান্ত দুৰাৰোগ্য কেঞ্চাৰ ৰোগত। চিকিৎসাৰ বাবে সুস্মিতাক প্ৰয়োজন বহু টকাৰ। উপায়ন্তৰ হৈ সদাসয় ৰাইজৰ সহায় মাগিছে যাদুৰাণী সুস্মিতাই। মুহূৰ্ততে ভাইৰেল হৈ পৰে সুস্মিতাৰ ফেচবুক ভিডিঅ’। বিভিন্ন সংবাদমাধ্যমেও প্ৰচাৰ কৰে সুস্মিতাৰ সুস্মিতাৰ ৰোগ আৰু ব্যয়বহুল চিকিৎসাৰ বিষয়ে। সুস্মিতাৰ হৈ আৱেদন জনায় সহায়ৰ বাবে। ইয়াৰ পাছতে সুস্মিতাক সহায়ৰ বাবে আগবাঢ়ি আহে বদৰুদ্দিন আজমল।
সামাজিক মাধ্যম তথা সংবাদ মাধ্যমত সুস্মিতাৰ বাতৰি প্ৰচাৰ হোৱাৰ পাছতেই বিভিন্নজনৰ লগতে সহায়ৰ বাবে আগবাঢ়ি আহিল মৌলানা বদৰউদ্দিন আজমল। আজমলে নিজেই ভিডিঅ’ কল যোগে সুস্মিতাৰ সৈতে যোগাযোগ কৰে আৰু সহায় কৰাৰ আশ্বাস প্ৰদান কৰে। পৰৱৰ্তী সময়ত হোজাইলৈ মাতি অনা হয় যাদুৰাণী সুস্মিতাক। আজমলৰ তিনি সংস্থা আজমল ফাউণ্ডেচন, মাৰকাজুল মা’আৰিফ আৰু হাম পাব্লিক ট্ৰাষ্টৰ তৰফৰ পৰা চিকিৎসাৰ বাবে এক লাখ পঞ্চাশ হাজাৰ টকাৰ চেক প্ৰদান কৰে। উক্ত চেকখন প্ৰদান কৰে হাম চিকিৎসালয়ৰ মুখ্য চিকিৎসক তথা হাম চিকিৎসালয়ৰ সঞ্চালক ডঃ চি ইছলাম আৰু হাম কৰ্তৃপক্ষই। প্ৰয়োজনত পৰৱৰ্তী সময়ত আৰু সহায় আগবঢ়াব বুলি বদৰুদ্দিন আজমলে সুস্মিতাক আশ্বাস দিয়ে।


আজমল পৰিয়ালৰ পৰা চেকখন গ্ৰহণ কৰাৰ অন্তত যাদুৰাণী সুস্মিতাই সংবাদ মাধ্যমযোগে ধন্যবাদ জ্ঞাপন কৰে। ফেচবুকত ভিডিঅ’টো দিয়াৰ পাছত বিভিন্নজনে সহায়ৰ বাবে আগবাঢ়ি অহা বুলি জনায় সুস্মিতাই। কেঞ্চাৰৰ বিৰুদ্ধে যুঁজখনত বদৰুদ্দিন আজমলৰ সহায় তথা আশ্বাসে সুস্মিতাক মানসিকভাবে যথেষ্ট সবল কৰে বুলিও কৃতজ্ঞতা জনায়।
আপুনিও সহায় কৰিব পাৰে যাদুৰাণী সুস্মিতাক। আপোনাৰ কিঞ্চিৎ সহায়ে সুস্মিতালৈ পুনৰ ঘূৰাই আনিব পাৰে জীৱনৰ ৰং। সুস্মিতাক সহায়ৰ সবিশেষ –
AC No – 38368514020
IFSC – SBIN0004419
Google Pay No – 7711882279
Phone Pay No – 7711882279

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *