ৰে’ললাইনৰ ইঞ্জিন, মোবাইল টাৱাৰৰ পৰা ৰাস্তালৈ…বৰ্তমানলৈ কি কি অদ্ভুত চুৰিকাণ্ড হৈছে বিহাৰত?

ৰে’ললাইনৰ ইঞ্জিন, মোবাইল টাৱাৰৰ পৰা ৰাস্তালৈ…বৰ্তমানলৈ কি কি অদ্ভুত চুৰিকাণ্ড হৈছে বিহাৰত?

admin_news

admin_news

admin_news

admin_news

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS, বিবিধঃ ‘বিহাৰৰ আলু যিমানদিন থাকিব, সিমানদিনেই লালু থাকিব৷’ এই কথা আমি কোৱা নাই৷ এই কথা কৈছিল বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱে৷ লালুৰ এই ভৱিষ্যতবাণী সময়ৰ সৈতে অতীত হ’ল৷ বিহাৰত লালুৰাজ সমাপ্ত হৈ আৰম্ভ হয় নীতিশৰাজ৷ নীতিশৰাজেই হওক বা লালুৰাজ বিহাৰ কিন্তু বিহাৰেই এই কথা বহুতেই বহুসময়ত উল্লেখ কৰি আহিছে৷ দেশৰ অন্য স্থানত নঘটা ঘটনাসমূহ বিহাৰতেই সংঘটিত হয়৷ দেওবাৰে নিৰ্মীয়মান দলঙখন ভাঙি পৰাৰ পাছতেই আকৌ এবাৰ দেশজুৰি চলিছে বিহাৰৰ চৰ্চা৷

দেওবাৰে বিহাৰৰ এখন নিৰ্মীয়মান দলং ভাঙি পৰিছে৷ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠা দলঙখন হঠাতেই কেনেকৈ ভাঙি পৰিল? এই ঘটনাৰ পাছতেই কিন্তু চেতনাও ঘূৰি আহিছে বিহাৰৰ একাংশ জনতাৰ৷ জনতাৰ মনত দুটা প্ৰশ্ন- এই ভাঙি পৰা দলঙখনত যদি মানুহ থাকিলহেতেন, তেন্তে কি হ’লহেতেন? আৰু উদয় হোৱা দ্বিতীয় প্ৰশ্নটো হৈছে দুটাকৈ কংক্ৰিটৰ খুটা আৰু অজস্ৰ মজবুত ধাতৱ তাঁৰেৰে নিৰ্মাণ কৰা দলঙখন কাম শেষ নৌহওঁতেই কেনেকৈ ভাঙি যাব পাৰে? বিস্ময় এতিয়াও শেষ হোৱা নাই৷ বিজেপিৰ এক সূত্ৰই দাবী কৰিছে যে, বিহাৰৰ ভাগলপুৰৰ এই সেতু এইবাৰেই ভাঙিছে তেনে নহয়৷ আগতেও তাত দলং নিৰ্মাণ কৰা হৈছিল৷ কিন্তু দলঙ তাত নিটিকে৷ প্ৰত্যেকবাৰেই ভাঙি ভাঙি পৰে৷ অথচ সেই দলঙখন বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সপোনৰ এটা প্ৰজেক্ট৷ এই দলং নিৰ্মাণৰ বাবে ১৭৫০ কোটিৰ নিবিদাও চৰকাৰে মুকলি কৰি দিছে৷

ভাগলপুৰৰ ভঙা দলঙক লৈ বিজেপি কৰ্মীৰ মত, ‘মুখ্যমন্ত্ৰীৰ সপোন ইমানেই ঠুনুকা যে ভাঙিয়েই যায়৷ প্ৰকৃততে এই দলঙ নিৰ্মাণৰ নামত ধন মুকলি কৰি নি সেই ধন আত্মসাৎ কৰিছে৷ মুখ্যমন্ত্ৰীৰ প্ৰজেক্টতেই দুৰ্নীতি হয়৷ ইয়াৰপৰাই বুজিব পাৰি বিহাৰত চলি থকা দুৰ্নীতিৰ ৰমৰমীয়া বেহাৰ কথা৷’ নীতিশৰ এই সপোনৰ প্ৰজেক্ট এতিয়া এক দুঃস্বপ্ন৷ ভাঙি পৰাৰ পাছতেই একাংশ নেটিজেনে দলঙখনক ‘দুৰ্নীতিৰ সেঁতু’ নামেৰে নামকৰণো কৰিছে৷ একাংশই আকৌ এই সেঁতুক ‘চোৰৰ সেঁতু’ নামেৰেও নামকৰণ কৰিছে৷ ‘চোৰৰ সেঁতু’ নামটোৱে সকলোৰে দৃষ্টিলৈ পুনৰবাৰ আনিছে বিহাৰৰ চুৰিকাৰ্যৰ কথা৷ উদ্বোধনৰ আগতেই দলং ভাঙি পৰাটো বিহাৰৰ নতুন কথা নহয়৷

বিগত ডিচেম্বৰ মাহতো বিহাৰত এখন দলং ভাঙি পৰিছিল৷ বেগুচাৰাইৰ বুঢ়ী গণ্ডক নদীৰ ওপৰত নিৰ্মাণ কৰা দলঙখনো এনেদৰেই উদ্বোধনৰ পূৰ্বেই ভাঙি পৰিছিল৷ সেই দলঙৰ নিৰ্মাণ সম্পূৰ্ণ হৈ কেৱল মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিবলৈহে বাকী আছিল৷ তেনে সময়তে দলঙখন হঠাতেই ভাঙি পৰে৷ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বতেই সেই দলঙো নিৰ্মাণ কৰা হৈছিল৷ সেই দলং নিৰ্মাণৰ বাবে খৰচ হৈছিল ১৩কোটি টকা৷ ২০৬ মিটাৰ দীঘল এই দলঙো নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতেই ভাঙি পৰিছিল৷ তেতিয়াও বিহাৰৰ দুৰ্নীতিৰ স্তৰৰ চৰ্চা সমগ্ৰতে হৈছিল৷ কিন্তু বিষয়সমূহ তল পৰিল৷

দুৰ্নীতি আৰু চুৰিকাৰ্যক লৈ বহুতেই প্ৰশ্ন উত্থাপন কৰে যদিও বিহাৰত হোৱা চুৰিকাৰ্যই কিন্তু সকলোৰে দৃষ্টি কাঢ়ে৷ মাজতে ভাইৰেল হৈছিল ৰাস্তা চুৰিৰ এটা ঘটনা৷ প্ৰায় দুই কিঃমিঃ দীঘলীয়া ৰাস্তাটোৱে দুখন গাঁৱক সংযোগ কৰিছিল৷ কিন্তু ৰাস্তাৰ চিহ্নমাত্ৰও দেখা নাপালে ৰাইজে৷ ৰাস্তাৰ নক্সা দিয়া এলেকাত দেখা গ’ল কৃষিপথাৰহে৷ কেনেকৈ দুই কিঃমিঃ ৰাস্তা হেৰাই গ’ল সেই লৈহে সন্দেহ ৰৈ গ’ল জনতাৰ মনত৷

তাৰপিছতেই বিহাৰৰ আন এক ভাইৰেল চুৰিকাণ্ড হৈছে মোবাইলৰ টাৱাৰ চুৰি৷ নতুনলৈ নিৰ্মাণ হোৱা মোবাইল টাৱাৰটো চুৰি হৈছিল বিহাৰত৷ এক ৰাতিৰ ভিতৰতেই হেৰাই গৈছিল টাৱাৰটো৷ কিন্তু কেনেকৈ মোবাইল টাৱাৰটো চুৰি হ’ল ভাৱিয়েই পোৱা নাছিল এলেকাৰ বাসিন্দাই৷ আৰক্ষী সূত্ৰই জনোৱামতে, টাৱাৰৰ সৰু সৰু অংশ খুলি নি সেইসমূহ পিকআপ ভানেৰে লৈ গৈছিল চোৰে৷ প্ৰায় চাৰে চাৰি লাখ টকাৰ যন্ত্ৰপাতি আছিল তাত৷ মোবাইল টাৱাৰৰ ওপৰিও জেনাৰেটৰ, ষ্টেবিলাইজাৰো লৈ গৈছিল চোৰে৷

লোহাৰ সেতুও চুৰি কৰিছে বিহাৰৰ চোৰে৷ ৬০ ফুট দীৰ্ঘ লোহাৰে তৈয়াৰ কৰা ব্ৰীজ লৈ গৈছিল চোৰে৷ সেই চুৰিও হৈছিল দিনৰ পোহৰতে৷ নিজকে চৰকাৰী দপ্তৰৰ চাকৰীয়াল বুলি চোৰে লোহাৰ সেতুৰ সমূহ দৰকাৰী সামগ্ৰী খুলি লৈ গৈছিল৷ কেৱল এইসমূহেই নহয়৷ ৰে’ললাইনো চুৰি কৰিছে বিহাৰৰ চোৰে৷ দুই কিঃমিঃ ৰে’ল লাইনো চুৰি কৰি নিছে চোৰে৷ ৰে’ললাইনো বিক্ৰি কৰি দিছে চোৰে৷ বিহাৰতেই ৰে’লৰ ইঞ্জিনো চুৰ কৰিছিল চোৰে৷ বাৰাউনীত এই ঘটনা সংঘটিত হৈছিল৷

One thought on “ৰে’ললাইনৰ ইঞ্জিন, মোবাইল টাৱাৰৰ পৰা ৰাস্তালৈ…বৰ্তমানলৈ কি কি অদ্ভুত চুৰিকাণ্ড হৈছে বিহাৰত?

Leave a Reply

Your email address will not be published. Required fields are marked *

One thought on “ৰে’ললাইনৰ ইঞ্জিন, মোবাইল টাৱাৰৰ পৰা ৰাস্তালৈ…বৰ্তমানলৈ কি কি অদ্ভুত চুৰিকাণ্ড হৈছে বিহাৰত?

Leave a Reply

Your email address will not be published. Required fields are marked *