ৰীল বনাই ধন উপাৰ্জন কৰিব খোজে? এই ৫ উপায় গ্ৰহণ কৰিলে এদিনতেই বাঢ়িব অনুৰাগীৰ সংখ্যা

ৰীল বনাই ধন উপাৰ্জন কৰিব খোজে? এই ৫ উপায় গ্ৰহণ কৰিলে এদিনতেই বাঢ়িব অনুৰাগীৰ সংখ্যা

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

নৱপ্ৰজন্মৰ মাজত ৰীল বনোৱাৰ চাহিদা বৃদ্ধি পাইছে৷ মেট্ৰ, বাছ, পাৰ্ক সকলোতেই দেখা যায় ৰীলত ব্যস্ত বহুলোক৷ ফেছবুক ইনষ্টাগ্ৰামত ৰীল বনাই বহু যুৱক-যুৱতীয়ে৷ কিন্তু এই ৰীল বনোৱা বহুতেই নাজানে ৰীল বনাই কেনেকৈ ধন উপাৰ্জন কৰিব পাৰি! ৰীল তৈয়াৰ কৰাটো নিচাতেই সীমাবদ্ধ নাৰাখি কেনেকৈ ধন উপাৰ্জন কৰিব পাৰি সেই কিটিপ জানি ল’লে বহুতৰেই সুবিধা হ’ব৷

বহুতৰেই ধাৰণা যে ইনষ্টাগ্ৰামে ডাঙৰ ডাঙৰ চেলিব্ৰিটিকহে গুৰুত্ব দিয়ে৷ কিন্তু এই বিষয়টো মুঠেও সত্য নহয়৷ আপোনাৰ অনুৰাগীৰ সংখ্যা ৫০ হওক বা ৫০ লাখ ইনষ্টাগ্ৰাম এলগৰিথিম সকলোৰে বাবেই সমান৷ কম ফ’লৱাৰ্ছ থকা ব্যক্তিয়ে ৰীল শ্বেয়াৰ কৰিলে সেই ৰীল কেনেকৈ বেছি মানুহৰ ওচৰলৈ যাব? কেইটামান বিশেষ উপায় গ্ৰহণ কৰিলেই এই কাম অনায়াসে সমাধা হ’ব৷

ট্ৰেণ্ডিং গীত ব্যৱহাৰ
ৰীলৰ পৰা ধন উপাৰ্জন কৰিবলৈ নিজৰ পছন্দৰ গানক গুৰুত্ব দিলে নচলিব৷ দৰ্শকৰ পছন্দ অপছন্দকহে গুৰুত্ব দিলেহে আপুনি সফল হ’ব৷ এই মুহূৰ্তত যি গীত ট্ৰেণ্ডিঙত আছে সেই গীতত ৰীল বনালেহে আপোনাৰ ভিউছ বৃদ্ধি পাব৷

ভাষা নিৰ্বাচন কৰক
কেৱল আঞ্চলিক ভাষাৰ গানেই ৰীলত ব্যৱহাৰ নকৰিব৷ এনেদৰে কেৱল আঞ্চলিক ভাষাত ৰীল বনালে ৰিচ্চ নাবাঢ়ে৷ অসমীয়াৰ ওপৰিও হিন্দি, ইংৰাজী গানো ৰীলত ব্যৱহাৰ কৰিব লাগে৷ তেতিয়া অনুৰাগীৰ সংখ্যা বৃদ্ধি পায়৷ খুব ট্ৰেণ্ডিঙত থকা ইংৰাজী গীত ব্যৱহাৰ কৰিলে ৰীচ্চ বঢ়াৰ সম্ভাৱনা থাকে৷ সেই ৰীল তথ্যমূলকো হ’ব পাৰে বা বিনোদনধৰ্মী হ’ব পাৰে৷

ভিডিঅ’ত কেপছন ব্যৱহাৰ কৰক
আপুনি যদি কোনো তথ্যমূলক ভিডিঅ’ শ্বেয়াৰ কৰে তেন্তে ভিডিঅ’ত কেপশ্ব্যন ব্যৱহাৰ কৰক৷ ভিডিঅ’ত পইণ্ট হিচাপে কেপশ্ব্যন লিখিলে দৰ্শকে সেয়া বেছিকৈ পছন্দ কৰে৷

হেছটেগৰ ব্যৱহাৰ
কেৱল ৰীল বনালেই নহয়৷ ৰীলত কেপশ্ব্যনক ওপৰিও হেছটেগ ব্যৱহাৰ কৰিব লাগে৷ ৰীলৰ ভিউ বৃদ্ধি কৰিবলৈ হেছটেগৰ ভূমিকা বহুত৷

সকলো বৈশিষ্ট্যৰেই ব্যৱহাৰ
ইনষ্টাগ্ৰামত ভিডিঅ’সমূহত ইনষ্টাগ্ৰামত থকা যাৱতীয় সুবিধাসমূহ ব্যৱহাৰ কৰক৷ এফএফএক্স, ফিল্টাৰ, গান, কেপশ্ব্যন. ষ্টিকাৰ বেছিকৈ ব্যৱহাৰ কৰিব৷ তেনেকৈ ফিচাৰ সমূহ ব্যৱহাৰ কৰিলে ৰীলৰ ভিউ বাঢ়ে৷ কেৱল ইনষ্টাগ্ৰামেই নহয়ষ ফেছবুকতো এই ৰীল আপুনি শ্বেয়াৰ কৰিব পাৰে৷

ৰীলৰ সংখ্যা বঢ়াওক
বহুতৰেই ধাৰণা যে ভিডিঅ’ৰ কোৱালিটি ভাল হ’লেহে ভিউ ভাল হয়৷ কিন্তু এয়া সম্পূৰ্ণৰূপে সত্য নহয়৷ দৈনিক আপুনি একোটাকৈ হ’লেও ৰীল শ্বেয়াৰ কৰি থাকিলে ইনষ্টাগ্ৰামত ফ’লৱাৰ্ছৰ সংখ্যা বৃদ্ধি পায়৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *