ৰিংকুৰ দৰে আৰু কোনোৱে খেলিব নোৱাৰিব, ৰিংকু সিঙক প্ৰশংসা বিৰাট কোহলীৰ

ৰিংকুৰ দৰে আৰু কোনোৱে খেলিব নোৱাৰিব, ৰিংকু সিঙক প্ৰশংসা বিৰাট কোহলীৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS, খেলৰ খবৰঃ IPLত ৰিংকু সিঙৰ পাৰফৰ্মেন্সত সকলো মুগ্ধ। ২০২২ৰ পৰা ২০২৩ চনলৈ একেই ফৰ্ম ধৰি ৰাখিছে কলকাতা নাইট ৰাইডাৰ্ছৰ খেলুৱৈ ৰিংকু সিঙে। গুজৰাট টাইটানছৰ বিৰুদ্ধে শেষ অভাৰত ৫টা ছিক্স কোবাই সকলোৰে চৰ্চাৰ কেন্দ্ৰ ৰিংকু। এই ইনিংছৰ পাছতেই ৰিংকুৰ সপক্ষে মুখ খুলিছে ভাৰতৰ প্ৰাক্তন অধিনায়ক আৰু বৰ্তমান ৰয়েলচ চেলেঞ্জাৰছ বাংগালোৰছৰ তাৰকা বিৰাট কোহলি।

গুজৰাট টাইটানছৰ বিৰুদ্ধে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ শেষ ৫টা বলত ছিক্স কোবাই দলক জিকাইছিল ৰিংকু সিঙে। অপ্ৰত্যাশিত মেচখনক জিকাইছিল তেওঁ। ইয়াৰপাছতেই মেচখনত তেওঁ হাফ চেঞ্চুৰীও কোবাই। কোহলিও ৰিংকুৰ ইনিংছ দেখি মুগ্ধ। চলিত বছৰত নতুন খেলুৱৈসকলৰ টেলেণ্ট দেখি বিৰাটে কয়, ‘তৰুণ প্লেয়াৰছে যেনেদৰে খেলিছে দেখি ভাল লাগিছে। এনেকৈ খেলাৰ কথা আমি ভাৱিবই নোৱাৰো। এদিনতেই ৰিংকুৱে ৫টা বলত ৫টা ছিক্স কোবাইছে। এয়া বিৰল। এনেকৈ আৰু বেলেগে ৰেকৰ্ড কৰিব পাৰিব সন্দেহ আছে। দলক জিকাই দিয়াটোও সকলো খেলুৱৈৰ বাবে সম্ভৱ নহয়। এই পৰিবৰ্তন খুবেই ভাল লাগিছে।’

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *