ৰাম মন্দিৰ: প্ৰভাৱিত কৰিব নেকি সমাগত সাধাৰণ নিৰ্বাচন ?

ৰাম মন্দিৰ: প্ৰভাৱিত কৰিব নেকি সমাগত সাধাৰণ নিৰ্বাচন ?

ৰাম মন্দিৰ
ৰাম মন্দিৰ
Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

ৰাম মন্দিৰৰ ৰাজনীতিয়ে প্ৰভাৱিত কৰিব নেকি দেশৰ সমাগত সাধাৰণ নিৰ্বাচন? কাৰণ হঠাৎ দেশৰ ৰাজনীতিত চৰ্চালৈ আহিছে ৰাম মন্দিৰ প্ৰসংগ৷ একে সময়তে দেশৰ দুই দিগ্বজৰ মুখত শুনা গৈছে ৰাম মন্দিৰৰ কথা৷ বিজয়া দশমীৰ দিনা ৰামলীলা অনুষ্ঠানৰ মঞ্চৰ পৰাই ৰাম মন্দিৰৰ আবেগ আকৌ এবাৰ সজীৱ কৰি তুলিছে দেশৰ প্ৰধানমন্ত্ৰীজনে৷

প্ৰধানমন্ত্ৰীৰ ভাষাত- আগন্তুক ৰাম নৱমী পালিত হ’ব অযোধ্যাত, ৰাম মন্দিৰ প্ৰাংগণত৷ আনহাতে একে দিনাই বিজয়া দশমীৰ অনুষ্ঠানৰ মঞ্চৰ পৰাই আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰো ঘোষণা- অযোধ্যা ৰাম মন্দিৰৰ দৰ্জা খোল খাব অহা বৰ্ষৰ ২২ জানুৱাৰীত৷ একেটা দিনতে মোদী-ভাগৱতৰ একেই বক্তব্য, একেই সুৰ৷ প্ৰধানমন্ত্ৰীয়ে ক’লে- ‘আৰু কিছু দিন পাছতে ভগৱান ৰাম আহি আছে৷ ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰিব পৰাটো আমাৰ বিজয়’৷ নক’লেও চলে, লোকসভা নির্বাচনৰ প্ৰচাৰৰ ক্ষেত্ৰত হিন্দু ভাৱাবেগ জয়ৰ ক্ষেত্ৰত অযোধ্যাৰ ৰাম মন্দিৰ যে বিজেপিয়ে নিজৰ অনুকুলে বিৰাট অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব সেয়া অন্ততঃ মোদীৰ বক্তব্যই সেই সত্যকে প্ৰতিষ্ঠাৰ বাবে যথেষ্ঠ৷

২২ জানুৱাৰীত বহু প্ৰতীক্ষিত, বহু চৰ্চিত ৰাম মন্দিৰ উদ্ধোধন হ’ব৷ এই দেশৰ কোটি কোটি হিন্দুৰ আবেগ বিজড়িত সেই ৰাম মন্দিৰৰ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে আৰু ক’লে- ‘আমি অত্যন্ত সৌভাগ্যশালী যে, ৰাম মন্দিৰ নিৰ্মাণৰ সাক্ষী হ’ব পাৰিলোঁ৷’ প্রধানমন্ত্ৰীৰ মুখত উচ্চাৰিত হ’ল- ৰামৰ আদৰ্শৰে দেশ নিৰ্মাণৰ অঙ্গীকাৰৰ কথা৷

আনহাতে, ৰাম মন্দিৰ উদ্ধোধন প্ৰংসগত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘ চালক মোহন ভাগৱতে কৈছে- দেশজুৰি কৰ্মসূচী গ্ৰহণ কৰাৰ কথা৷ বিজয়া দশমীৰ দিনা নাগপুৰত সংঘৰ বাৰ্ষিক বক্তব্যত ৰাম মন্দিৰ প্ৰসংগত ক’লে বহু কথাই৷ এই কথা অনুমান কৰাত অকণো অসুবিধা নহয় যে, ৰাম মন্দিৰ নিৰ্মাণ তথা ইয়াৰ উদ্ধোধনক কেন্দ্ৰ কৰি বিজেপি-আৰ এছ এছে সমগ্ৰ দেশ জুৰি হিন্দুত্বৰ ভাৱাবেগক এনে এটা পৰ্যায়লৈ লৈ যাব বিচাৰিছে যাৰ দ্বাৰা ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ জৰিয়তে ক্ৰমাগত তৃতীয়বাৰলৈ দেশত চৰকাৰ গঠনৰ কৰিবলৈ সুবিধা হয়৷

মুলতঃ হিন্দু ভোটৰ মেৰুকৰণৰ মাধ্যমেৰে মোদী চৰকাৰৰ বিৰুদ্ধে সৃষ্টি হোৱা প্ৰতিষ্ঠানবিৰোধী ঢৌক মোকাবিলা কৰাৰ কৌশল নিৰ্ণয়ত সম্প্ৰতি ব্যস্ত আৰ এছ এছ পৰিচালিত গেৰুৱা শিবিৰ৷ কিন্তু এই সকলো কৌশল অথবা পৰিকল্পনা বাস্তৱায়িত হোৱাৰ ক্ষেত্ৰত ৰাম মন্দিৰ এক কাৰ্যকৰী বিন্দু হৈ উঠিবনে বিজেপি শিবিৰৰ বাবে?

🖋 ৰঞ্জন লাল শৰ্মা

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *