৫বছৰ পূৰ্বে আলিংগন আৰু চকু টিপ, এইবাৰ ফ্লায়িং কিছ! ফ্লায়িং কিছ দিয়াৰ আঁৰৰ ৰহস্য ভাইৰেল…

৫বছৰ পূৰ্বে আলিংগন আৰু চকু টিপ, এইবাৰ ফ্লায়িং কিছ! ফ্লায়িং কিছ দিয়াৰ আঁৰৰ ৰহস্য ভাইৰেল…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- পাঁচ বছৰ পূৰ্বে ২০১৮ চনত সাংসদ ৰাহুলে বিৰোধী পক্ষৰ আসনৰ পৰা উঠি গৈ ট্ৰেজাৰি বেঞ্চত বহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আলিংগন কৰিছিল। প্ৰধানমন্ত্ৰী মোদীক আলিংগন কৰি নিজৰ আসনলৈ উভতি আহি ৰাহুলে তেওঁৰ সতীৰ্থ সাংসদসকললৈ চাই চকু টিপ মাৰিছিল। এই ঘটনাক লৈ সেই সময়ত বহু সমালোচনাও হৈছিল। তেতিয়াই সংসদত প্ৰধানমন্ত্ৰী মোদীয়েই অন্য এক বিষয়ৰ ওপৰত বক্তব্য ৰখাৰ সময়ত ৰাহুলক কাষলৈকো মাতিছিল। এই ঘটনাই ৫বছৰ সময় অতিক্ৰম কৰিছে।

৫বছৰ পাছত ২০১৮ চনত সংসদত নৰেন্দ্ৰ মোদীক আলিংগন কৰা ৰাহুলে আকৌ এবাৰ সংসদত ফ্লায়িং কিছ দি চৰ্চা লাভ কৰিছে। ৰাহুলৰ বিৰুদ্ধে এই অভিযোগ আনিছে শাসকীয় দলৰ মন্ত্ৰী স্মৃতি ইৰাণীয়ে। কিন্তু অভিযোগ উত্থাপন হ’লেও এই পৰ্যন্ত কোনো ফুটেজ লাভ কৰা নাই। ৫বছৰ পূৰ্বে চকু টিপিয়াই দিয়াৰ দৃশ্য বন্দী হৈছিল লোকসভাত থকা চিচি কেমেৰাত। সেই ছবি তেতিয়া লগে লগে ভাইৰেলো হৈ পৰিছিল সামাজিক মাধ্যমত। সামাজিক মাধ্যমত বিভিন্ন মিমো নিৰ্মাণ হৈছিল। বহুতেই ৰাহুলক দক্ষিণৰ অভিনেত্ৰী প্ৰিয়া প্ৰকাশৰ সৈতেও তুলনা কৰিছিল। এই মিমেই সেই সময়ত ৰাহুলে দিয়া গভীৰ বক্তৃতাসমূহকো লঘূ কৰি তুলিছিল। এইবাৰো তেনে এটা গভীৰ বক্তৃতা দাঙি ধৰাৰ পিছতেই ৰাহুলৰ বিৰুদ্ধে আহিছে ‘ফ্লায়িং কিছ’ৰ অভিযোগ।

বিজেপি দলে ইতিমধ্যেই আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৰাহুলক। ৫বছৰ আগৰ সেই প্ৰসংগ টানি টুইটাৰত ৰাহুলক তীব্ৰ সমালোচনা কৰিছে বিজেপি নেতা অমিত মালৱীয়ে। অমিল মালবীৰ টুইট, ‘ৰাহুল গান্ধীৰ আচৰণ লজ্জাজনক। তেওঁ সংসদৰ পৰা ওলাই যোৱাৰ সময়ত এগৰাকী মহিলা সাংসদলৈ চাই ফ্লায়িং কিছ দি গৈছে। এই জঘন্য আচৰণ তেওঁৰ আজিৰ নহয়। ইয়াৰ পূৰ্বেও তেওঁ অন্য সদস্যক উদ্দেশ্যি চকু টিপ মৰাৰ দৰে কাম কৰি আহিছে।’

উল্লেখ্য যে ৰাহুল গান্ধীৰ বিৰুদ্ধে এই অভিযোগ আহিলেও এতিয়ালৈতে কোনো তথ্য প্ৰমাণ অধ্যক্ষৰ হাতত পৰা নাই। ইফালে লোকসভাত উপস্থিত থকা একাংশ সাংসদে এই বিষয়ত মত প্ৰকাশ কৰিছে। কেইবাজনো সাংসদে প্ৰকাশ কৰা অনুসৰি, বক্তৃতা শেষ কৰাৰ পাছত ৰাহুলে সংসদ এৰি যাবলৈ ওলাওতে তেওঁৰ হাতত থকা কেইখনমান কাগজ তলত পৰে। সেয়া বুটলিবলৈ লওঁতেই তেওঁলৈ চাই শাসকীয় দলৰ কেইবাগৰাকীও সাংসদে কটাক্ষসূচক হাঁহি মাৰে। ৰাহুলে কাগজ কেইখন বুটলি শাসকীয় দলৰ সেই সকল সাংসদলৈ উদ্দেশ্যি মিছিকিয়া হাঁহি মাৰি এটা ফ্লায়িং কিছ দিয়ে। তেতিয়াই পৰবৰ্তী বক্তা হিচাপে স্মৃতি ইৰাণীয়ে বক্তৃতা দিবলৈ থিয় হৈছিল।

সাংসদ পদ ওভতাই পোৱাৰ পাছত বুধবাৰৰ বক্তৃতাই আছিল ৰাহুলৰ প্ৰথমটো বক্তৃতা। তেওঁ ভাৰত জোড়ো যাত্ৰাৰ কথাৰে বক্তৃতা আৰম্ভ কৰে। বক্তৃতাৰ আৰম্ভণিতে তেওঁ উৰ্দু কবি ৰুমিৰ উদ্ধৃতি দিয়ে। ৰাহুলে বিখ্যাত উৰ্দু কবি ৰুমিৰ উদ্ধৃতিৰে কয়,’ৰুমীয়ে কৈছিল, হৃদয়েৰে কোৱা কথাবোৰে শুনাজনৰো হৃদয় চুই যায়। মইয়ো আজি মস্কিষ্কৰে কথা কোৱা নাই। হৃদয়েৰে কৈছো।’ ৰাহুলৰ সেই মন কি বাতত কেতিয়াবা যদি ভাৰত জোড়োৰ অভিজ্ঞতাৰ বৰ্ণনা আছে, কেতিয়াবা মণিপুৰৰ জনতাৰ আৰ্তনাদ আছে। অগ্নিগৰ্ভা মণিপুৰত মোদী নোযোৱা, হিংসাদীৰ্ণ ৰাজ্যখনৰ বিপন্ন মানুহৰ কাষত তেওঁ নিজে উপস্থিত হৈ কি কি দেখিলে সেই বৰ্ণনা কৰি মোদীক টাৰ্গেট কৰি লৈছে ৰাহুলে।

ৰাহুল গান্ধীয়ে তেওঁৰ ভাষণ শেষ কৰাৰ আগে আগে উদ্দাত্ত সুৰেৰে মোদীক ৰাৱণৰ সৈতে তুলনা কৰিছে। ৰাহুলে এই সন্দৰ্ভত কয়,’ৰামে ৰাৱণক মৰা নাছিল। ৰাৱন মৰিছিল নিজৰ অহংকাৰত। প্রধানমন্ত্ৰীও অহংকাৰী। ৰাৱনেও কেৱল মেঘনাদ আৰু কুম্ভকৰ্ণৰ কথা শুনিছিল। প্রধানমন্ত্ৰীয়েও কেৱল আদানী আৰু অমিত শ্বাহৰ কথা শুনে।’

ইয়াৰোপৰি ৰাহুলে কৈছিল, ‘আপুনি দেশদ্ৰোহী। ভাৰতমাতাৰ আপুনি হত্যাকাৰী। আপুনি দেশভক্ত নহয়। দেশভক্ত নহয় বাবে আপুনি মণিপুৰ যাব পৰা নাই। মোৰ এগৰাকী মা ইয়াত বহি আছে। আনগৰাকী মা’য়ে মণিপুৰত হত্যাৰ বলি হৈছে।’ আধাঘণ্টাতকৈয়ো বেছি সময় বক্তৃতা দিছে ৰাহুলে। এই বক্তৃতা শুনাৰ পাছত প্ৰায়সংখ্যকেই কৈছে ৰাহুল ৰাজনৈতিকভাৱে পৰিপক্ক এজন মানুহ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *